কথা: মই যেন এক স্তিমিত সূৰ্য্য নিসংগ ! নিবীৰ্য্য
! উপহাস সনা মৰম যে মোৰ আৰ্জিত ঐশ্বৰ্য্য ,
গীত: মই যেন এক স্তিমিত সূৰ্য্য
নিসংগ !
নিবীৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত ঐচৈয্য ৷
মই যেন এক
স্তিমিত সূৰ্য্য
নিসংগ !
নিবীৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য ৷
একলব্য সাধনা
মোৰ
আঙুলি বিহীন কৰা
একলব্য সাধনা
মোৰ
আঙুলি বিহীন কৰা
অক্ষম তুমি
সমাজ শাসন !
সাজিছা
দ্রোণাৰ্চায্য !
আৰু ভাঙিলা সপোন
ইন্দ্রধনু
কৰি মোক
এক নীচ্চ !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য ৷
মই যেন এক
স্তিমিত সূৰ্য্য
নিসংগ !
নিবীৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য ৷
জানো নিস্ক্রীয়
আৰু
সমাধি হ’ব
জানো নিস্ক্রীয়
আৰু
সমাধি হ’ব
বাধা কঠিন
শিলনি ভাঙি !
শক্তি প্রপাত
বেগেৰে ব’ব !
শত সহস্র
সূৰ্য্য শিখাৰে
জ্বইয়ে পোৰা সোণ
সমাজ হ’ব;
আৰু চাই থাকোতেই
জিলিকি উঠিছে
মোৰ মাজতেই
নতুন সূৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য
মই যেন এক
স্তিমিত সূৰ্য্য
নিসংগ !
নিবীৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য ,
মই যেন এক
স্তিমিত সূৰ্য্য
নিসংগ !
নিবীৰ্য্য !
উপহাস সনা
মৰম যে মোৰ
আৰ্জিত
ঐশ্বৰ্য্য ৷৷
(ৰচনা:- ড৹ অমৰজ্যোতি চৌধুৰী)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment