অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মুচলমানে বোলে হ’ আল্লা


ভূ:হা:              মুচলমানে.. বোলে হ’ আল্লা.....
মুচলমানে বোলে হ’ আল্লা..
হিন্দুয়ে বোলে হৰি....
সমস্বৰে:          হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
মৰণকালে যাইব’ মোল্লা
একে বাটে চলি মোল্লা
একে বাটে চলি  ৷

ভূ:হা:              মুচলমানে কৰে হালাল
মুচলমানে কৰে হালাল..
হিন্দুৰ বিধান বলি....
সমস্বৰে:          হিন্দুৰ বিধান বলি
হিন্দুৰ বিধান বলি
ভোগৰ বেলা দুয়োজনেই
পায় একেই, একেই মোল্লা
যায় এইদৰে চলি ৷

ভূ:হা:              কোৰাণৰে আয়াততে,
কোৰাণৰে আয়াততে
আল্লাৰে গুণ গা..য়
সমস্বৰে:          আল্লাৰে গুণ গায়
আল্লাৰে গুণ গায়,
বেদ-পুৰাণত ঈশ্বৰৰ
গুণৰ কথা পায়  হ’ মোল্লা !
গুণৰ কথা পা..য়

ভূ:হা:              বাইবেলৰ ....
কপলেট অৱ গ..ৰ্গ
মহান বুলি কয়...
২য় পুৰুষ:        মহান বুলি কয়
সমস্বৰে:          মহান বুলি কয়
জ্ঞানিজনে ঈশ্বৰ-আল্লা হ’ মোল্লা !
ভক্তিৰে নৈ বয় ৷

ভূ:হা:              মন্দিৰতে সেৱা জনাই
মন্দিৰতে সেৱা জনাই
গুৰুৰ মাগে বৰ...
সমস্বৰে:          গুৰুৰ মাগে বৰ
গুৰুৰ মাগে বৰ
মচজিদতে শুনো আজান
হজৰ মতিবৰ হ’ মোল্লা
হজৰ মতিবৰ
মচজিদত শুনো আজান
হজৰ মতিবৰ হ’ মোল্লা
হজৰ মতিবৰ ৷

ভূ:হা:              একেই মানুহ নানাৰ ৰূ..পে...
অ’ একেই মানুহ নানাৰ ৰূপে
একেই মানুহ নানাৰ ৰূ..পে...
ঈশ্বৰে চিন্তি পায়..
সমস্বৰে:          ঈশ্বৰ চিন্তি পায়
ঈশ্বৰ চিন্তি পায়
মাটিৰ পৰাই সৃষ্টি দেহা
মাটিত মিলি যায় হ’ মোল্লা
মাটিত মিলি যায়
মুচলমানে বলে হ’ আল্লা
অ’ মুচলমানে বলে হ’ আল্লা
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
মুচলমানে বলে হ’ আল্লা (দীঘল আলাপ শেষলৈকে)
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি
হিন্দুয়ে বোলে হৰি ৷৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

1 comment:

Unknown said...

I want to listen this song. Would you send me the recording of this song. Please