মোৰ বুকুৰ
জ্বালাত নয়ন উতলে
নাবিক হিয়াত সনা
লহৰ নগলে ৷৷
মেলা পাল সুৰৰে
অবাক নিমাত
হয় হিয়াৰো ভুল
হেৰালে যে বাট
আজি কোনে কাকনো
পঢ়ালে ই পাঠ
হায় অশ্রু
পেলালোঁ অকলে অকলে ৷৷
ফুৰে ভুৱা বলাকা, হ্মেঘে ক’ব খবৰ
যদি লুকুৱা মন, শোভে কোন ঘৰ
উম সেমেকে, সাঁতুৰি লাগে ভাগৰ
কান্দে বুকুৰ
আশাই অকলে অকলে ৷৷
(কথাছবি: ভাগ্য, ১৯৬৮ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment