অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মানুহে মানুহৰ বাবে

[Bhupen Hazarika's songs and Lyrics:- Manuhey Manuhor Babey]


মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..
ভাবিব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..
ভাবিব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে..

মানুহে মানুহক বেচিব খুজি..
মানুহে মানুহক কিনিব খুজি
মানুহে মানুহক বেচিব খুজি..
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহব কোৱাঁ
সমনীয়া ..মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..
ভাবিব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে..

দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহ..
তুমি হেৰুৱাবানো কি.. ?
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহ..
তুমি হেৰুৱাবানো কি.. ?
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..
ভাবিব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে..
ভাবিব কোনেনো কোৱাঁ ?
সমনীয়া ..মানুহে মানুহৰ বাবে..

( এই গীতটো ১৯৬০-৬১ চনৰ ভাষা আন্দোলনৰ সময়ত ৰচা)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: