তুমি অসমীয়া
তুমিও নুবুজিলাঁ..
তোমাৰেই অতীতৰ
অমিয়া ..৷
কমলাকান্তই..
লিখিছে কবিতা..
তুমি অসমীয়া...
তুমিও নুবুজিলাঁ
তোমাৰেই অতীতৰ
অমিয়া ৷
শংকৰে সিচেঁ
নামৰ কঁঠীয়া
অসমীয়া হ’ব বুলি ৰখীয়া
পিছে দেখোঁ
শংকৰৰ মহিমা
আজিৰ অসমীয়াই একো নুবুজাঁ
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা ৷
অতীতৰ ৰস-গুণ
কিয়নো পাহৰা
মিছা আৱৰণে নিজক
কিয় সঁজোৱা ?
অতীতৰ ৰস-গুণ
কিয়নো পাহৰা
মিছা আৱৰণে নিজক
কিয় সঁজোৱা ?
লক্ষ্মীনাথৰ
ভাষা তুমি নিশিকাঁ
হেঁমকোষৰ শৱদকো
নুবুজাঁ
শ্বেকচ্ পিয়েৰ
শ্বেলী বুলি চিঞৰা
সত্রীয়া-নাট-গীতক
নুবুজাঁ
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা ৷
অসমীয়া বুলি
গৌৰৱী নহ’বা
আছে আছে বুলি
ভাৱি নাথাকিবা ৷
আজি যদি তুমি
নিজকে নিচিনা
পুৰণি পুৰুষৰ
গৰিমাক পাহৰা !
অহাকালি নিজকে
হেৰুৱাবা
অসমীয়া হ’বা তুমি নিচলা !
অহাকালি নিজকে
হেৰুৱাবা
অসমীয়া হ’বা তুমি নিচলা
পুৰণিক সুঁৱৰি
চোৱা অসমীয়া
পুৰণিক সুঁৱৰি
চোৱা ,
শংকৰে সিচেঁ
নামৰ কঁঠীয়া
অসমীয়া হ’বা বুলি ৰখীয়া
পিছে দেখোঁ
শংকৰৰ মহিমা
আজিৰ অসমীয়াই
একো নুবুজাঁ
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী পালা
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা
কিহৰে ৰাগিনী
পালা অসমীয়া
কিহৰে ৰাগিনী
পালা ৷৷
(ৰচনা – ৰসানন্দ গগৈ)
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ দিগন্ত শইকীয়া)
1 comment:
এটা শব্দ ভুল হৈ আছে।
Post a Comment