অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সদা হাঁহি মুখ


সদা হাঁহি মুখ
নাই কোনো দুখ
হাতত বানৰ বয় বিড়ি
আধা শতিকাকে ধৰি ৷
চলি আছে এই বিড়ি
চি.জে. পেটেলৰ বিড়ি
বানৰ বয় বিড়ি
ভাল লাগে এই বিড়ি ৷

সুদুৰ গুজৰাটৰ ৷
নিপানী ধপাতৰ ৷
ধুনীয়া সোৱাদে ভৰা
বচা বচা পাত
কেন্দুৰেই পাত
তাৰেই তৈয়াৰ কৰা
জিৰণিৰ বেলা
চকু ৰাখি ওলা
সপোন দেখিব পাৰি
হালোৱা বনুৱাৰ
ধনী দুখিয়াৰ
অতি প্রিয় এই বিড়ি
চি.জে. পেটেলৰ
বানৰ বয় বিড়ি ৷

অসম দেশৰে
ভৈয়ামে-পাহাৰে
এই বিড়ি মধু সমান
প্রথম টান
বা শেষৰেই টান
সুখময় প্রতিটো টান
কৰ্ম্মৰ বেলা
বা জিৰণি বেলা
নিৰ্ভৰ কৰিব পাৰি
বাবু অফিচাৰ
বা গৰখীয়াৰ
অতি প্রিয় এই বিড়ি
চি.জে.পেটেলৰ বিড়ি
বানৰ বয় বিড়ি
ভাল লাগে এই বিড়ি ৷

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: