অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সংগ্রাম লগ্নে আজি


সংগ্রাম লগ্নে আজি
শঙ্কা ত্রাস ত্যাজি
আইস বীৰসৱ দূষ্কৃতি নাশিতে,
অগ্নিমন্ত্রে দীক্ষা লৈয়া আইস
আজি যত দৈত্যকে বধিতে
ন্যায় তন্ত্রে শিক্ষা লৈয়া আইস
আজি যত পশুত্ব ৰোধিতে ৷
সাষ্টাঙ্গে কৰোহোঁ প্রণাম মাতৃ-চৰণতে ৷

সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা
কেনে কান্দা অভাগীৰ দৰে ?
পুত্র আছে, আছে কন্যা
ৰাত্রি দিনে চিন্তেসৱে
থাপিব আনন্দ মেলা আজি তোৰ গৰে
কেনে কান্দা অভাগীৰ দৰে ৷

ৰূপ গুণে সম নাহি
ত্রৈলোক্য ভিতৰে
কেনে কান্দা অভাগীৰ দৰে ?
অসমী আই মোৰ
অতি ভয়ঙ্কৰ
ৰাক্ষসৰ কাৰণে ভয় নকৰিবা
আমাৰো হেংদাং আছে ৷
অতি নিষ্ঠুৰ
কালসৰ্পৰ কাৰণে ভয়ে নকৰিবা
আমাৰো মন্ত্র আছে
হে আমাৰো দুচকুতে অগনি বৰষিছে
সমৰৰে শিখাবোৰ নাচে ৷
সমৰৰে শিখাবোৰ নাচে ৷৷

(কথাছবি: মণিৰাম দেৱান, ১৯৬৩ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: