অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শ্যাম কানু সত্যৰ মৰণ নাই (দ্বৈত কন্ঠত)


ভূ:হা:           শ্যাম কানু সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়
নাৰী:            শ্যাম কানু, সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়

ভূ:হা:           (ঐ ৰাম) স্ত্রীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই ৷
নাৰী:            মাতৃৰ বুকু ভৰে যেবে পুত্রই বোলে আই
ভূ:হা:           (ঐ ৰাম) স্ত্রীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই ৷
নাৰী:            মাতৃৰ বুকু ভৰে যেবে পুত্রই বোলে আই
দুয়ো:           শ্যাম কানু, সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়

ভূ:হা:           (ঐ ৰাম) বন্য জন্তু শান্ত নহয়, সংযম হেৰায় ৷
নাৰী:            মানুহ ৰূপে বন্য হলে শোভা যে নেপায় ৷৷
ভূ:হা:           (ঐ ৰাম) বন্য জন্তু শান্ত নহয়, সংযম হেৰায় ৷
নাৰী:            মানুহ ৰূপে বন্য হলে শোভা যে নেপায় ৷৷
দুয়ো:           শ্যাম কানু, সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়
                    শ্যাম কানু, সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায় ৷৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: