আমি ভাইটি-ভন্টি
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
নাই দেখোন গণতি
ইম্মান সোপা আমি
আছো
কিমান যে
ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
অ’ ডিফুৰে ভন্ টি আৰু শদিয়াৰে ভাইটি
অ’ ডিফুৰে ভন্ টি আৰু শদিয়াৰে ভাইটি
অ’ ডিফুৰে ভন্ টি আৰু শদিয়াৰে ভাইটি
কোকৰাঝাৰৰ ৰাভাৰ
স’তে লোহিতমুখৰ কণটি
ইম্মান সোপা আমি
আছো
কিমান যে
ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
ঢং ঢং .. ঢং শুনা
ঘণ্টি
ঢং ঢং .. ঢং শুনা ঘণ্টি
ঢং ঢং .. ঢং শুনা ঘণ্টি
শেৱালি ফুলৰ
ফালে
চব্বেই মাৰে দৌৰটি
এতিয়াহে মন
কৰিছোঁ
হৈছে পূজাৰ ছুট্-টী
হৈছে পূজাৰ ছুট্-টী
হৈছে পূজাৰ ছুট্-টী
ইমান যে
ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
কঁহুৱাৰে ওপৰেদি
উৰে হাঁহৰ জাকটি
হা্ঁহ ওখ নে, আকাশ ওখ
উৰি চোৱাচোন
ভন্-টি ৷
ভূগোলৰে মেপ
এখনক
ফালি পেলাওঁ যদি
খঙতে ওফন্দে
দেখোন
দেৱযানী বাইটি !
ডাঙৰে দেশ ভাঙে যদি
আমি কৰিম কাম
এটি
একেলগে চব্বেই খেলিম
সজাই দেশৰ ঘৰটি
একেলগে চব্বেই খেলিম
সজাই দেশৰ ঘৰটি !!
(ভূপেন হাজৰিকাদেৱে গীতটি 'অকণ' কথাছবিত দিছে, ১৯৮০ চন)
(কণ্ঠ:- ড৹ ভূপেন হাজৰিকা, কৃষ্ণা বৰ্মন, মৃণালিনী & ভূপেন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment