অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আলফুলীয়া কুমলীয়া (দ্বৈত কন্ঠত)

সমস্বৰে:          আলফুলীয়া কুমলীয়া
  আলফুলীয়া কুমলীয়া
  চেনেহৰ অকণি বীৰ
  আলফুলীয়া কুমলীয়া
  চেনেহৰ অকণি বীৰ
ভূ:হা:              তোমাৰ দেশৰ বীৰ লাচিতে
নাৰী:                তোমাৰ দেশৰ বীৰ লাচিতে
   শতৰু কৰি ছিৰাছিৰ
ভূ:হা:              সুজলা সুফলা পূৰ্ব ভাৰতীৰ
  উজলাই ৰাখিলে শিৰ !
  অ মোৰ চেনেহৰ অকণি অকণি বীৰ
সমস্বৰে:          আলফুলীয়া কুমলীয়া
নাৰী:                আলফুলীয়া কুমলীয়া
সমস্বৰে:          চেনেহৰ অকণি বীৰ

ভূ:হা:              ভাৰতে পূজিলে সৰু শঙ্কৰ

নাৰী:                ভাৰতে পূজিলে শিশু শঙ্কৰ
সমস্বৰে:           কোমল কবিতা লিখনীৰ
ভূ:হা:              তুমিও ৰচিবা এটি দুটি আখৰেৰে
নাৰী:                তুমিও ৰচিবা এটি দুটি বৰ্ণেৰে
সমস্বৰে:          সৰু ভাব অকণি মনৰ ..
  আলফুলীয়া কুমলীয়া
নাৰী:                আলফুলীয়া কুমলীয়া
সমস্বৰে:           চেনেহৰ অকণি বীৰ
ভূ:হা:              পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
সমস্বৰে:          পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
                        উজলাই তোলা ধৰণী
 ভূ:হা:             তুমি ৰুদ্রমূৰ্ত্তি ধৰি নাশিব লাগিব
                        ৰুদ্রমূৰ্ত্তি ধৰি নাশিব লাগিব
                        অবিচাৰ শোষনকাৰীৰ  !
সমস্বৰে:          অবিচাৰ শোষনকাৰীৰ !
  অ মোৰ চেনেহৰ অকণি অকণি বীৰ
  আলফুলীয়া কুমলীয়া
  আলফুলীয়া কুমলীয়া
  চেনেহৰ অকণি বীৰ
  আলফুলীয়া কুমলীয়া
  চেনেহৰ অকণি বীৰ  ৷৷

 (গুৱাহাটী: ১৯৪৮ চন)

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: