আমি নহওঁ মাথোঁ
ক্রন্দৰত
গঢ়িম শক্তি
সন্মিলিত
মানুহে মানুহে
মিলি
মহা অজগৰৰূপী
মহাবান্ধ সাজি
সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম ৷
পাগলী পাগলী
দেওধনীজনীৰ
উলঙ্গ নৃত্যক
সভ্য কৰিম
বিজ্ঞানেৰে
দুৰ্ব্বাৰ গতিক
শক্তিত পৰিণত
কৰি
আমিয়েই মানুহৰ
কল্যাণ ধৰালে
আনিম ৷
মানুহে মানুহে
মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি
সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম ৷
মানুহৰ কল্যাণ
ধৰালে আনিম ৷
উত্তৰে পানী
দক্ষিণে পানী
পূবে পানী
পশ্চিমে পানী ৷
(গুৱাহাটী: ১৬ জুন, ১৯৯০ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment