অনুসন্ধান আকাংক্ষাত

Friday, December 9, 2011

অভ্রত অসমীয়া (ইউনিক'ড) টাইপিং : ন-শিকাৰুৰ বাবে 'অভ্র' সজুলি


অসমীয়া (ইউনিক'ড)ত টাইপ কৰিবৰ বাবে ' অভ্র ' ডাউনল'ড কৰিব পাৰে  ৷ ন-শিকাৰুৰ বাবে অভ্রৰ মাউচেৰে স্ক্রিনত থকা কি- বৰ্ডৰ On screen keyboard 

সহায়ত কি-বোৰ ক্লিক কৰি টাইপ কৰিবলৈ একেবাৰে সহজ ৷যুক্ত আখৰ (যুক্তাক্ষৰ) লিখিবৰ বাবে এটা আখৰ টাইপ কৰি 'হসন্ত' কি-টো টাইপ কৰি পিচৰ আখৰটো টাইপ কৰি আখৰবোৰ লিখি যাব পাৰিব (যেনে- 'ন' + 'হসন্ত' +'ত' =ন্ত, 'ষ'+'হসন্ত'+'ট' =ষ্ট , 'দ'+'হসন্ত'+ধ=দ্ধ , ইত্যাদি ) ৷
❃

'অভ্র'ত নিজৰ পচন্দ মতে কি-বোৰ সজাই লব পাৰি, মোৰ সুবিধামতে অভ্রৰ লে-আউটখন

সজাই লৈছো ৷  লে-আউট বনাবৰ বাবে প্রথমে অভ্র  Install কৰি  লওঁক , Install কৰাৰ পাচত মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্রৰ সৰু Chart 



এখন দেখিব ৷
Chart খনৰ চকৰি বা Star চিহ্নত ক্লিক কৰিলে ওপৰৰপৰা পঞ্চম স্থানত ‘Keyboard Eayout Editor : Build custom layouts’ ওলাব ৷


‘Keyboard Eayout Editor : Build custom layouts’ ত ক্লিক কৰিলে ‘Layout creator‘ খন ওলাব ৷

এতিয়া ‘On screen mouse keyboard’ খনৰ  সহায়ত কিবোৰ নিজৰ পচন্দমতে সজাই লওঁক আৰু শেষত এডিটিং লেআউটত ‘save as’ ক্লিক কৰি নাম দি কম্পিউটাৰৰ নিৰাপদ স্থানত জমা কৰক ৷ আপোনাৰ লে আউট ফাইলটো দুবাৰ ক্লিক কৰিলেই Install হৈ যাব , তাৰ পাচত মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্রৰ সৰু Chart খনৰ একেবাৰে সোঁফালৰ চিহ্নত টিপি Exit কৰক ,আকৌ মনিটৰৰ ‘অভ্র’ আইকনত দুবাৰ ক্লিক কৰি প্রগেমতো আৰম্ভ কৰক ৷
মনিটৰৰ স্ক্রীনৰ ওপৰত ‘অভ্র’ৰ সৰু Chart খনৰ দ্বিতীয় স্থানত থকা English/বাংলা তলৰ সৰু ত্রিভূজচিহ্নত ক্লিক কৰিলে আপোনাৰ পচন্দৰ লে আউটৰ নামটো ওলাব , 

তাতে ‘Select’ বা ক্লিক কৰক আৰু বাংলা ‘option’ তো ৰাখি অসমীয়া (ইউনিক’ড)ত  টাইপ কৰি মনৰ ভাৱ প্রকাশ কৰক ৷
ভাষা সলনিৰ বাবে (F12)  টিপক ৷



3 comments:

ASSAMESE MUSIK said...

REALLY A GREAT BLOG....THANXX A LOTZZ DIGANTA DA.....

Unknown said...

ক। । ।
। । । ।
ল। । ন
ম
। ।
।ৰ।

Unknown said...

"Please add bitmap images for layout viewer" - How to add bitmap images? What is bitmap images?