অনুসন্ধান আকাংক্ষাত

Showing posts with label Unicode typing. Show all posts
Showing posts with label Unicode typing. Show all posts

Friday, December 9, 2011

অভ্রত অসমীয়া (ইউনিক'ড) টাইপিং : ন-শিকাৰুৰ বাবে 'অভ্র' সজুলি


অসমীয়া (ইউনিক'ড)ত টাইপ কৰিবৰ বাবে ' অভ্র ' ডাউনল'ড কৰিব পাৰে  ৷ ন-শিকাৰুৰ বাবে অভ্রৰ মাউচেৰে স্ক্রিনত থকা কি- বৰ্ডৰ On screen keyboard 

সহায়ত কি-বোৰ ক্লিক কৰি টাইপ কৰিবলৈ একেবাৰে সহজ ৷যুক্ত আখৰ (যুক্তাক্ষৰ) লিখিবৰ বাবে এটা আখৰ টাইপ কৰি 'হসন্ত' কি-টো টাইপ কৰি পিচৰ আখৰটো টাইপ কৰি আখৰবোৰ লিখি যাব পাৰিব (যেনে- 'ন' + 'হসন্ত' +'ত' =ন্ত, 'ষ'+'হসন্ত'+'ট' =ষ্ট , 'দ'+'হসন্ত'+ধ=দ্ধ , ইত্যাদি ) ৷
❃

'অভ্র'ত নিজৰ পচন্দ মতে কি-বোৰ সজাই লব পাৰি, মোৰ সুবিধামতে অভ্রৰ লে-আউটখন

সজাই লৈছো ৷  লে-আউট বনাবৰ বাবে প্রথমে অভ্র  Install কৰি  লওঁক , Install কৰাৰ পাচত মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্রৰ সৰু Chart 



এখন দেখিব ৷
Chart খনৰ চকৰি বা Star চিহ্নত ক্লিক কৰিলে ওপৰৰপৰা পঞ্চম স্থানত ‘Keyboard Eayout Editor : Build custom layouts’ ওলাব ৷


‘Keyboard Eayout Editor : Build custom layouts’ ত ক্লিক কৰিলে ‘Layout creator‘ খন ওলাব ৷

এতিয়া ‘On screen mouse keyboard’ খনৰ  সহায়ত কিবোৰ নিজৰ পচন্দমতে সজাই লওঁক আৰু শেষত এডিটিং লেআউটত ‘save as’ ক্লিক কৰি নাম দি কম্পিউটাৰৰ নিৰাপদ স্থানত জমা কৰক ৷ আপোনাৰ লে আউট ফাইলটো দুবাৰ ক্লিক কৰিলেই Install হৈ যাব , তাৰ পাচত মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্রৰ সৰু Chart খনৰ একেবাৰে সোঁফালৰ চিহ্নত টিপি Exit কৰক ,আকৌ মনিটৰৰ ‘অভ্র’ আইকনত দুবাৰ ক্লিক কৰি প্রগেমতো আৰম্ভ কৰক ৷
মনিটৰৰ স্ক্রীনৰ ওপৰত ‘অভ্র’ৰ সৰু Chart খনৰ দ্বিতীয় স্থানত থকা English/বাংলা তলৰ সৰু ত্রিভূজচিহ্নত ক্লিক কৰিলে আপোনাৰ পচন্দৰ লে আউটৰ নামটো ওলাব , 

তাতে ‘Select’ বা ক্লিক কৰক আৰু বাংলা ‘option’ তো ৰাখি অসমীয়া (ইউনিক’ড)ত  টাইপ কৰি মনৰ ভাৱ প্রকাশ কৰক ৷
ভাষা সলনিৰ বাবে (F12)  টিপক ৷



Friday, July 29, 2011

Assamese (UNICODE) typing - অসমীয়া আখৰ লিখাৰ বাবে (ইউনিক'ড)


Assamese UNICODE typing (অসমীয়া আখৰ ইউনিক'’ডত টাইপ কৰাৰ বাবে)
Download UNICODE typing of different language of India from Bhasha India :-
Tools Overview - Indic Input 1 and Indic Input 2 Indic Input method Editor (IME) 1 and Indic Input 2 are tools that give users a convenient way of entering text in Indian Languages using the English QWERTY keyboard. User can enter Lingual text in Office Applications, WordPad and Notepad on various Operating Systems. Tools have several common features like on-the-fly help
, multiple keyboard layouts and toggling between Languages.

অসমীয়া ইউনিক’ড টাইপ কৰাৰ বাবে :-

অসমীয়া ইউনিক'ড টাইপ কৰিবৰ বাবে 'অভ্র' , ' বৰহা ' ডাউনল'ড কৰিব পাৰে , বৰহা বিনামূলীয়া ভাৰ্চনত সময়ৰ বান্ধোন আছে সেয়ে মোৰ বাবে অভ্র প্রথম পচন্দ ৷ অভ্র ত নিজৰ পচন্দ মতে কি-বোৰ সজাই লব পাৰি, মোৰ সুবিধামতে মই  কি-বোৰ সজাই লৈছো ৷
 অসমীয়া ইউনিক'ড টাইপ কৰিবৰ বাবে অভ্র লে আউট (Layout )