অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সেউজীয়া বননিৰ বন বৈৰাগী



সেউজীয়া বননিৰ বন বৈৰাগী

বনে বনে ফুৰিছিলোঁ বনঘোষা গাই

বনে বনে ফুৰিছিলোঁ বনঘোষা গাই

বগাকৈ বগলীয়ে বগা বগা পাখিৰে

বিচিছিল বগা বগা চোঁৱৰ বুলাই !

          বনে বনে ফুৰিছিলোঁ বনঘোষা গায়      

          বনে বনে ফুৰিছিলোঁ বনঘোষা গায় ৷



গৈছিলোঁ বনৰীয়া বাটে বীণ বাই

বস্ত্ৰৰ বনগুটি গুচাই গুচাই !

বনমালা পিন্ধি বনমালী ৰূপ লৈ !

উঠিছিলোঁ কদমত বংশী বজাই ৷

          বনে বনে ফুৰিছিলোঁ বনঘোষা গায়      

          বনে বনে ফুৰিছিলোঁ বনঘোষা গায় ৷



আজি মুকলি বতাহৰ আহ-যাহ নাই

বননিৰ বন নাই, নাই চৰাই

সাঁচিপতীয়া বন বিনন্দীয়া

পঁজাৰ কাষতে আজি  দিবানে সজাই

আকৌ ফুৰিম মই বনঘোষা গাই

আকৌ ফুৰিম মই বনঘোষা গাই ৷৷



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ  দিগন্ত শ‍ইকীয়া)

No comments: