অনুসন্ধান আকাংক্ষাত

Monday, May 7, 2018

পাহৰণিৰ কুঁৱলি নিৰৱ সিপাৰে

পাহৰণিৰ কুঁৱলি
নিৰৱ সিপাৰে
পৰি আছোঁ
একাধিক শতাব্দী ধৰি..
-
পৰি আছোঁ
-
ধুঁৱলি কুঁৱলি
কি সাঁথৰ ভাঙিলি
-
অতীতৰ কাৰোবাৰ নেপূৰ শুনিলি
=
অন্ধ যুগৰ
মকৰাৰ
পুৰণি জালত
বন্দিনী মই
অদেখা অজানা অশৰীৰিনী..
-
পৰি আছোঁ
উচুপিছোঁ
পৰি আছোঁ
=
বৰ্তমান তই তৃষ্ণাৰ্ত
অতীতক হঠাতে
কিয় তই জগালি ...?
-
কুঁৱলি কুঁৱলি
কি ৰগৰ কৰিলি
-
অতীতৰ কাৰোবাৰ নেপূৰ শুনিলি
-
কুঁৱলি... কুঁৱলি... ।।

=

কণ্ঠঃ- ঊষা মংগেশকাৰ
কথা আৰু সুৰঃ- ভূপেন হাজৰিকা
এলবামঃ- কোমল পৰশ / কুঁৱলি
ইনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: