অনুসন্ধান আকাংক্ষাত

Tuesday, November 14, 2017

আই আমাৰ কঁপালতে

আই আমাৰ কঁপালতে
ৰঙা সেন্দুৰেৰে
তিলক আঁকি দিয়া
ডাৱৰ ফালি ৰঙৰ মেলালৈ যাওঁ
-
সৌৱা চোৱা ৰঙা বেলি
ৰং আহে পাখি মেলি
জিলিঙনি জিলিমিলি
মন আমাৰ খেলি মেলি
হেঁপাহ গুচাই ৰঙৰ মেলা চাওঁ
-
আমাৰ চকুত জ্বলে চোৱা
হেঙুলীয়া ৰাতিপুৱা
আই অ' আই সেন্দুৰীয়া
ফোঁট এটি আকি দিয়া
মন ঢালি ৰঙৰ গান গাওঁ।।
-
বোলছবিঃ                  স্মৃতিৰ পৰশ
পৰিচালকঃ                নিপ বৰুৱা
সংগীত পৰিচালকঃ      ব্ৰজেন বৰুৱা
কথাঃ                       কেশব মহন্ত
কন্ঠঃ                        ৰমেন বৰুৱা
ইউনিক'ড ৰূপান্তৰঃ    প্ৰবীন ভট্টাচাৰ্য্য

No comments: