Assamese
Song: Arunu kiman monor
Album: Lalita
Singer: Archana Mahanta
Director: Brajen Barua
Music
Director: Romen
Barua
Year: 1972
আৰুনো কিমান মনৰ সপোন মনতে সাঁচিম ! ←২
আৰুনো কিমান কালজুই খেদি চকুলো ঢাকিম!
মোৰ চকুলো ঢাকিম!
-
কিয়নো ফুলিলি আশাৰে কলিটি,
কিয়নো মেলিলি পাহি!
কাঁইটে কাঢ়িছে মোৰ জীৱনৰে
ফুলাম কুমলীয়া হাঁহি!
মনৰ মানিক পায়ো হেৰুৱাওঁ,
কিমানযে কান্দিম!
মই কিমানযে কান্দিম!
-
একোলা চেনেহৰ আলফুল উমতে
যি আশা আছিলে শুই!
কিয় তাৰ সমাধি, কিয় তাত জ্বলিছে
ৰাৱণৰেই চিতা জুই ?
কোনেনো নুমুৱাব এই জীয়া জুই....
-
বোলছবি/এলবাম: ললিতা
গায়ক/গায়িকা: অৰ্চনা মহন্ত
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
মুক্তিঃ ১৯৭২
(ইউনিক’ড
ৰূপান্তৰ: নীলাক্ষি দেৱী ডেকা)
No comments:
Post a Comment