পুৰুষঃ- নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহে
লগতে তৰাৰে এজাকী←২
-
নাৰীসকলঃ- আ...(আলাপ)
নাৰীঃ- নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহোঁ
লগতে তৰাৰে এজাকী←২
নাৰীসকলঃ- আমাৰে পাখিতে উৰাৰে বতৰা
ৰ'দে জোনাকৰে স'তে
নাৰীঃ- জিকিমিকি ফুলে ফুল
আমাৰে নাচোনতে←২
-
ওঁ..তুমি ক'তা (কথা)
-
ফুল কি ফুলি ৰয় যাবলৈ বনতে
ফুলি ৰয় গছৰে গাতে
ফুল যে ফুলি ৰয় মিঠাকে হাঁহিতে
ফুলে ফুল মিঠা মাততে
কত ফুল ৰঙৰ মেলাতে
নাৰীসকলঃ- আমাৰে হাঁহিতে পুৱাৰে বেলিটি
আমাৰে সুৰতে নদী
জিৰিজি-ৰিজিৰি বয়←২
বুকুৰে সুৰভি যাচি
(প্ৰথমখিনি) [আ..আলাপ(নাৰীসকল)]
পুৰুষঃ- হাঃ হাঃ হাঃ (অট্টহাস্য)
-
নাৰীঃ- এন্ধাৰৰ অসুৰে দেউ দি নাচিলে
পোহৰে বিনাশী ধলে
অসুৰালী নাই ভয় আছেনো ক'তে ভয়
মনতে সাহসে হ'লে
নাৰীসকলঃ- আমাৰে কাষতে পোহৰৰ এশিখা
মনটি এগচি বন্তি
নাৰীঃ- চিটিকি চিৰালি যায় ←২
কৰৱী নতুনে জেউতি
নীলা আকাশৰে ৰূপোৱালী পৰী [ + আলাপ ]
জিঞাৰে দুখনি পাখি [+ আলাপ ]
আলফুলে উৰি আহোঁ
লগতে তৰাৰে এজাকী←২ [+ আলাপ ]
লা লা লা ........ [+ আলাপ ]
পুৰুষঃ- নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহে
লগতে তৰাৰে এজাকী←৩
-
-
বোলছবিঃ- শ্ৰীমতী মহিমাময়ী
সংগীত পৰিচালকঃ- কুল-অতুল
কণ্ঠঃ- কুল বৰুৱা আৰু ডলী ঘোষ
ইউনিক'ড ৰূপান্তৰঃ- চৈয়দা কাজী,অজন্তা শইকীয়া, গীতা শইকীয়া, মৃণাল গোস্বামী, আশীষ গোস্বামী, শৈলেন দাস, চন্দ্ৰকান্ত ফুকন & দিগন্ত শইকীয়া
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহে
লগতে তৰাৰে এজাকী←২
-
নাৰীসকলঃ- আ...(আলাপ)
নাৰীঃ- নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহোঁ
লগতে তৰাৰে এজাকী←২
নাৰীসকলঃ- আমাৰে পাখিতে উৰাৰে বতৰা
ৰ'দে জোনাকৰে স'তে
নাৰীঃ- জিকিমিকি ফুলে ফুল
আমাৰে নাচোনতে←২
-
ওঁ..তুমি ক'তা (কথা)
-
ফুল কি ফুলি ৰয় যাবলৈ বনতে
ফুলি ৰয় গছৰে গাতে
ফুল যে ফুলি ৰয় মিঠাকে হাঁহিতে
ফুলে ফুল মিঠা মাততে
কত ফুল ৰঙৰ মেলাতে
নাৰীসকলঃ- আমাৰে হাঁহিতে পুৱাৰে বেলিটি
আমাৰে সুৰতে নদী
জিৰিজি-ৰিজিৰি বয়←২
বুকুৰে সুৰভি যাচি
(প্ৰথমখিনি) [আ..আলাপ(নাৰীসকল)]
পুৰুষঃ- হাঃ হাঃ হাঃ (অট্টহাস্য)
-
নাৰীঃ- এন্ধাৰৰ অসুৰে দেউ দি নাচিলে
পোহৰে বিনাশী ধলে
অসুৰালী নাই ভয় আছেনো ক'তে ভয়
মনতে সাহসে হ'লে
নাৰীসকলঃ- আমাৰে কাষতে পোহৰৰ এশিখা
মনটি এগচি বন্তি
নাৰীঃ- চিটিকি চিৰালি যায় ←২
কৰৱী নতুনে জেউতি
নীলা আকাশৰে ৰূপোৱালী পৰী [ + আলাপ ]
জিঞাৰে দুখনি পাখি [+ আলাপ ]
আলফুলে উৰি আহোঁ
লগতে তৰাৰে এজাকী←২ [+ আলাপ ]
লা লা লা ........ [+ আলাপ ]
পুৰুষঃ- নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহে
লগতে তৰাৰে এজাকী←৩
-
-
বোলছবিঃ- শ্ৰীমতী মহিমাময়ী
সংগীত পৰিচালকঃ- কুল-অতুল
কণ্ঠঃ- কুল বৰুৱা আৰু ডলী ঘোষ
ইউনিক'ড ৰূপান্তৰঃ- চৈয়দা কাজী,অজন্তা শইকীয়া, গীতা শইকীয়া, মৃণাল গোস্বামী, আশীষ গোস্বামী, শৈলেন দাস, চন্দ্ৰকান্ত ফুকন & দিগন্ত শইকীয়া
No comments:
Post a Comment