অনুসন্ধান আকাংক্ষাত

Monday, September 25, 2017

সৰুপোনা মোৰ আতৰি নাযাবি তই





নাৰীঃ-   সৰুপোনা মোৰ আঁতৰি নাযাবি তই
          তিৰাশী চনতে গ’ল বৰপোনাটি
          আছ আজি মাথোঁ তই..
          তোৰ বিনে হ’ম অকলশৰীয়া মই
          সৰুপোনা মোৰ আঁতৰি নাযাবি তই
-
পুৰুষঃ-  আই তই বেজাৰ নকৰিবি
          আই মোৰ চকুলো নুটুকিবি
          অসমী আইৰে দুখ দেখি
          নোৱাৰোঁ সহিব মই
নাৰীঃ-   সৰুপোনা মোৰ আঁতৰি নাযাবি তই
-
পুৰুষঃ-  (ৰণুৱাৰ সাঁজ পিন্ধি হেজাৰ যুৱক আহিছে
          হাতে হাতে হেংদাং চিকমিকাইছে)
          জয়ী হোৱাৰ লৈ মূলমন্ত্ৰ
          উফৰাব শতৰুৰ ষড়যন্ত্ৰ
          ষড়যন্ত্ৰ...
নাৰীঃ-   সৰুপোনা মোৰ আঁতৰি নাযাবি তই
          চকুলো আৰু টুকিম
          বয়সেও আঁচুৰি যায়..
          তইতো আছ মোৰ
          গোটেই সাৰথি হৈ..
          সৰুপোনা মোৰ আঁতৰি নাযাবি তই
-
পুৰুষঃ-  (মনক যদি বান্ধোঁ শতৰুৱে চল পায়
          কিমান আগুৱাম দুখৰ বোজা কঢ়িয়াই)
          তোৰে চহণ ধূলি শিৰত ললোঁ
          সেয়ে সংগ্ৰামতে হাত মিলালোঁ
          হাত মিলালোঁ..
নাৰীঃ-   সৰুপোনা মোৰ আতৰি নাযাবি তই
          তিৰাশী চনতে গ’ল বৰপোনাটি
          আছ আজি মাথোঁ তই..
          তোৰ বিনে হ’ম অকলশৰীয়া মই
          সৰুপোনা মোৰ আঁতৰি নাযাবি তই ।।
-

(ভূপেন হাজৰিকাদেৱৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া)



No comments: