অনুসন্ধান আকাংক্ষাত

Thursday, August 24, 2017

মুকলি আকাশ মোৰ আপোন





(মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন)
অনাগত দিনবোৰ মধুৰ সপোন
-
মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন
-
-
শুনোঁ থমকি ৰৈ মুক্ত পখীৰ
গীতৰ ভাষা বহু আশা
বুজোঁ উচুপনি পাহাৰী জুৰিৰ
নিৰলে নিৰৱে বৈ থকা
মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন
অনাগত দিনবোৰ মধুৰ সপোন
-
মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন
-
-
পুৰণি পৃথিৱী নতুন হয়
প্ৰভাতক সাৱতি আদৰি লয়
-
দিনবোৰ আমাৰ ইতিহাস হয়
নতুনক আকোৱালি আদৰি লয়
-
মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন
অনাগত দিনবোৰ মধুৰ সপোন
(মুকলি আকাশ মোৰ আপোন
সেউজী বননি মনৰ দাপোন)   ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
কথাঃ- চক্ৰধৰ দাস
সুৰঃ- জেঃ পিঃ দাস
এলবামঃ- মুকলি আকাশ
ইউনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: