অনুসন্ধান আকাংক্ষাত

Tuesday, August 22, 2017

অ' মোৰ অসমী আই


(অ' মোৰ অসমী আই
মোৰ চেনেহী আই)
তোমাৰ ভাষাৰেই জনমদায়িনী
প্ৰথমেই তুলিলোঁ আই
তুমি মোৰ সাদৰী আই
-
(আইৰ কোলাতেই তোমাক দেখিলোঁ
তুমি চিৰ সেউজী আই)
আইৰ মৰমতে তোমাৰো মৰম পালোঁ
তুমি মোৰ সুৱগা আই
আইৰ মৰমতে তোমাৰো মৰম পালোঁ
তুমি মোৰ চেনেহী আই
তুমি মোৰ সাদৰী আই
-
তোমাৰ বতাহ পানীৰেই মই
আছোঁ যে জীয়াই
সুদূৰত থাকোঁ
যদিও মই সুদূৰত থাকোঁ
যদিও মই সপোন দেখোঁ
তোমাৰে সদায়
(অ' মোৰ অসমী আই
মোৰ চেনেহী আই)
তোমাৰ ভাষাৰেই জনমদায়িনী
প্ৰথমেই তুলিলোঁ আই
তুমি মোৰ সাদৰী আই   ।।
-
কণ্ঠঃ-ভূপেন হাজৰিকা
কথাঃ- চক্ৰধৰ দাস
সুৰঃ- হলধৰ দাস
এলবামঃ- মুকলি আকাশ
ইউনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: