অনুসন্ধান আকাংক্ষাত

Wednesday, July 5, 2017

তামসী ৰাতি এজনী চগা

তামসী ৰাতি
এজনী চগা
পুৰিলে আজি
দুখনি পাখি
(নাজানো কিহে আনিলে টানি
দেখিলোঁ মাথোঁ বিজুলী চাকি)←২
তামসী ৰাতি ...
-
উস ! ইমান আন্ধাৰ !
-
ইমান আন্ধাৰ হায় ! ইমান আন্ধাৰ !
নেদেখোঁ কেনিও অকণি পোহৰ
কাঁজল ক'লা আন্ধাৰে মোৰ
ধৰিলে আহি জীৱন ঢাকি
তামসী ৰাতি...
-
আকাশ ভৰা তৰাৱলী
ঘৰে ঘৰে দীপাৱলী
তথাপিতো নাই যে পোহৰ
আছে পাপৰ আন্ধাৰ গলি
পাষাণপুৰী মহানগৰী
মিছা ৰূপৰ চিকিমিকি
তামসী ৰাতি
এজনী চগা
পুৰিলে আজি দুখনি পাখি ।।
-
বোলছবি:-                  সোণৰ হৰিণ
শিল্পী :                        দেৱযানী দাস
সংগীত পৰিচালনা :      তফজ্জুল আলি
ইউনিক'ড ৰূপান্তৰঃ-     নীলাক্ষি দেৱী ডেকা

No comments: