অনুসন্ধান আকাংক্ষাত

Thursday, June 8, 2017

কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা


কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা←২
মনে বনে প্ৰান্তৰে কত ফুল ফুলি উঠে←২
উদত্ত যৌৱন হৈ যায় ম্লান
মৰ্মৰিত গুঞ্জণ ধ্বনি←২
কান্দিছে আত্মা বিয়পি ধৰা
কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা
-
সৌৰভে ৰূপ পায় তাৰেই গান গায়
কত শৃংখল ভাঙি পৰে
আকৌ কত ট্ৰয় ধ্বংস হয়
জ্বলি উঠে লংকা কুৰুক্ষেত্ৰ
আঁচলৰ ভাঁজে ভাঁজে
কত কথা ৰূপ লয়
সেয়ে হেনো সৃষ্টি তাৰেই জাল গুঠি
অমলিন হৈ ৰয় কত যে সভ্যতা...
কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা
-
কথা কোৱা হে উৰ্ৱশী
ভাগৰি পৰা যত মানুহৰ
এটি ঘৰৰ কোণ
বিচাৰি অধীৰ হয় বাৰবণিতা
ইলোৰা অজন্তাত তাৰেই চানেকি←২
মন্দিৰত কান্দে কত বিভৎস ৰূপ
নতুন ৰূপত নতুন লাচত
কত সৃষ্টি কত সমাধি
কথা কোৱা হে উৰ্ৱশী ৰূপৰ শিখা ।।
-
কথাঃ-    পূৰ্ণমল ভূঞা
সুৰঃ-      কমল কটকী
কণ্ঠঃ-     ভূপেন হাজৰিকা
ইউনিক'ড ৰূপান্তৰঃ- অনামিকা বৰা

No comments: