মন দাপোণত কেতিয়াবা মই
নিজৰ ছবিকে চাওঁ
কাল ধুমুহাৰ আঁচলৰ বেথা
কিজানি বিচাৰি পাওঁ←২
-
অশ্ৰু হাঁহিৰ ফুল কণা বহু
কিবা উভতি আহে
তেতিয়া দেখোন
দেহৰ ভাঁজত
অনেক ঋতুৱে হাঁহে
অকলে অকলে দাপোণৰ সঁতে
মই কথা পাতি যাওঁ
কাল ধুমুহাৰ আঁচলৰ বেথা
কিজানি বিচাৰি পাওঁ←২
-
কেতিয়াবা মোৰ নিজৰ ছবিকে
অচিনাকি যেন লাগে
সচেতন বহু ধুনীয়া সপোন
থানবান হৈ ভাগে
মোৰ দাপোনত নিজৰ ছবিকে
ধুৱলি কুঁৱলি পাওঁ
কাল ধুমুহাৰ আঁচলৰ বেথা
কিজানি বিচাৰি পাওঁ←২
(প্ৰথমখিনি) ।।
-
[কণ্ঠঃ- মান্না দে]
[সুৰঃ- ভূপেন হাজৰিকা]
[কথাঃ- লক্ষহীৰা দাস]
[ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]
No comments:
Post a Comment