অনুসন্ধান আকাংক্ষাত

Wednesday, May 10, 2017

সঁচা মানৱতা কিয় মানুহৰ নাই দেখোঁ




সঁচা মানৱতা কিয়
 
মানুহৰ নাই দেখোঁ
 
    আৰু উদাৰতাও দেখোঁ নাই - ২
 
উদাৰতাও দেখোঁ নাই....

-

বোলোঁ সঁচা মানৱতা

মানুহৰ নাই দেখোঁ

    উদাৰতাও দেখোঁ নাই

বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

   উদাৰতাও দেখোঁ নাই

কিহৰ ৰাগীত আজি নিজকে পাহৰিলে←২

মনৰ সংস্কাৰ একো নাই ! ←২

(বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

   উদাৰতাও দেখোঁ নাই )←২

-

(সমাজ লাগে জীয়াই থাকি

    শান্তি গঢ়িবলে’)←২

(আৰু সমাজ লাগে সংস্কাৰো লাগে জাতিৰ

    প্ৰগতি বাঢ়িবলে’)←২

(সঁচা সমাজ কাহানিবা

  নিকা জানো হয়

    সংস্কাৰ নহ’লে)←২

(সঁচা মানৱতা লাগে সঁচা অনুভুতিৰ

    সঁচা সমাজ গঢ়িবলে’..)←২

(বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

    উদাৰতাও দেখোঁ নাই )←২

-

(সংকীৰ্ণতাৰে আৱৰি সমাজ

    কাৰো বিস্তৃত মনোভাৱ নাই)←২

(বিভেদৰ জুই বহু দিছে চটিয়াই কোনো

    বিভেদকামীহঁতে পাই..)←২

(দেখি পঙ্কিলতাৰে সৌৱা মাৰিছে হাঁহি

     আজি যুগেও মিচিকীয়াই)←২

(সঁচা মানৱতা আৰু সঁচা অনুভুতি

     আজি কিয় দেখোঁ নাই)←২

(বোলোঁ সঁচা মানৱতা

  মানুহৰ নাই কিয়

     উদাৰতাও দেখোঁ নাই )←২

কিহৰ ৰাগীত আজি নিজকে পাহৰিলে←২

মনৰ সংস্কাৰ একো নাই← ৩  ।।

-

[ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে নিগৰিত গীত]
[ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: