অনুসন্ধান আকাংক্ষাত

Thursday, April 13, 2017

মৰ আউসীৰ ৰাতি




Assamese Song:       Mor aukhir rati
Album:                       Faguni
Singer:                       Jayanta Hazarika
Director:                     Siva Prasad Thakur
Music Director:           Dr. Upen Kakati
Year:                          1978


মৰ আঁউসীৰ ৰাতি
ফেচাই কুৰুলীয়াই
ঘৰ জেউতীৰ হাঁহি
নুমাই মৰহি যায়...
(আল্লাক সাৰথি !
কৰাহে বান্ধ !)
দেহৰে ভৰষা
নাই মোৰ আল্লা
জীৱৰে তৰণি
নাই মোৰ আল্লা
দেহৰে ভৰষা নাই...
-
দুনিয়া এদিনৰ
দুনিয়া দুদিনৰ...
দুনিয়া ফুলনি বাৰী
-
ঘূনীয়া শৰীৰত
জোৱাৰৰ তেজ নাই
সময়বোৰ নাহে যে
ঘূৰি মোৰ আল্লা
জীৱৰে তৰণি
নাই মোৰ আল্লা
দেহৰে ভৰষা নাই...
-
-
ঘৰৰে কাষৰে
জাতিবাঁহ এজুপি
সিও মোৰ
সোদৰৰ ভাই
-
জীয়াই থাকোঁ মানে !
কৰোঁ কাঠি কামী
মৰিলে লগতে
যায় ও আল্লা
জীৱৰে তৰণি
নাই মোৰ আল্লা
দেহৰে ভৰষা নাই... ৷৷


বোলছবি/এলবাম:        ফাগুনী
গায়ক/গায়িকা:            জয়ন্ত হাজৰিকা
পৰিচালকঃ                  শিৱ প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক:       ড° উপেন কাকতি
(ইউনিকড ৰূপান্তৰ :- মৃনাল গোস্বামী & প্ৰতিৰূপ বায়ন )

No comments: