Assamese Song:
Moina choraiti mat mat
Album: Faguni
Singer: Sagarika
Boruah & Nirmala Mishra
Director:
Siva Prasad
Thakur
Music Director: Dr.
Upen Kakati
Year: 1978
মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি
তোৰে লগৰীয়া
আমি সমনীয়া
(উমলি জামলি ফুৰোঁ
আজি দিনটি)←২
মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি
-
মইনা.... চৰাইটি...
-
সেউজী বননিতে
ৰাঙলি পৰশতে
(কিনো মায়া..
কথা পাতে)←২
লৱৰি ধাপৰি পখিলা ধৰিম দিনটি←২
মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি
-
ওখ দৌল...
পলসৰে আলসুৱা বন্তি
সঁজোৱা...
ঢৌ তুলি কঁপালিতে ক্ষনটি
আকাশতে
দিগন্ততে
(হালিছে জালিছে
অঘৰি সপোনটি)←২
সেউজী সপোনটি
চাওঁ চাওঁ চাওঁ তোৰে ৰূপটি
বাৰে বৰণীয়া
কত ৰহনীয়া
লিহিৰি পিহিৰি কঁহুৱা বনৰ পাতটি←২
মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি ।।
বোলছবি/এলবাম: ফাগুনী
গায়িকা: সাগৰিকা বৰুৱা আৰু নিৰ্মলা মিশ্ৰ
পৰিচালকঃ শিৱ
প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক: ড°
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
1 comment:
Superb song and singing wth melodious voice of late Nirmala Misra and Santana barua.
Post a Comment