Assamese Song: Sai no sai thakile
Album: Rangdhali
Singer: Mahananda Mazindar Barua et al
Music Director: Hemen Hazarika
Year: 1979
পুৰুষঃ- চাই নো চাই থাকিলে
হেঁপাহ মোৰ নপলায়
নাৰীঃ- চাই নো চাই থাকিলে
হেঁপাহ মোৰ নপলায়
পুৰুষঃ- আকৌ দুনাই
চাবলে মন...
-
( গায় নো গায় থাকিলে
ওৰকে নপৰে )←২
সোণমাইনাৰ ৰূপ ৰহণ
মইনা
বোলন চিৎ ফুল বৰণ
দুয়োঃ- (ৰিজুৰিজু ৰিজু বন
ফুলি আছে বৃন্দাবন)←২
আমোলমোলাই উৰে জীৱন
তোৰে মোৰে ওৰে জীৱন←২
পুৰুষঃ- বকুল ফুলৰ চকুজুৰিত
লাজ সলাজ ভাৱ
নাৰীঃ- হেৎ লাজ নাইকীয়া
পাহুৱাল ডেকা তোৰ
নাই নাই লাজ
পুৰুষঃ- (ওঁ) বকুল ফুলৰ চকুজুৰিত
লাজ সলাজ ভাৱ
নাৰীঃ- পাহুৱাল ডেকা তোৰ
নাই নাই লাজ
পুৰুষঃ- কাঁজিসেৰীয়া আঙুলি তোৰ
উশাহ দীঘল ঘন
নাৰীঃ- শেনপতীয়া আঙঠি তোৰ
পিন্ধাই দিয়াৰ মন
দুয়োঃ- (ৰিজুৰিজু ৰিজু বন
ফুলি আছে বৃন্দাবন)←২
আমোলমোলাই ওৰে জীৱন
তোৰে মোৰে ওৰে জীৱন←২
-
পুৰুষঃ- (গাৰি দিয়া ৰিহাৰ ভাঁজত
পদুম ফুলৰ চাপ
নাৰীঃ- পানী অনা কলহ ঘাটত
ৰাজহাঁহৰ জাক)←২
পুৰুষঃ- ৰাংঢালীক দেখি বিহু
সাঁজিকাঁচি আহে
নাৰীঃ- ৰংমনক দেখি কুলি
কেতেকীয়ে মাতে
দুয়োঃ- (ৰিজুৰিজু ৰিজু বন
ফুলি আছে বৃন্দাবন)←২
তোৰে মোৰে যুৰীয়া জীৱন←২
বোলছবি/এলবামঃ ৰাংঢালী
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা আৰু লগৰীয়াসকল
সংগীত পৰিচালক: হেমেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment