অনুসন্ধান আকাংক্ষাত

Monday, October 19, 2015

তুমি মোৰ প্রেৰণা





পুৰুষ কণ্ঠ –    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে ←২

চেনেহত মন দোলে

নাৰী কণ্ঠ –      তুমি মোক নেচাবা লাগে লাজ অজানা

হৃদয়ত যিমানে আশা ভৰি পৰে ←২

দুচকুত লাজ লাগে

পুৰুষ কণ্ঠ –    তুমি মোৰ প্রেৰণা....

-

পুৰুষ কণ্ঠ –    তোমাৰে খোজটি ৰচকী পখিলী

মনটি কেনিনো উৰে

নাৰী কণ্ঠ –      তোমাকে বিচাৰি পায় কিবা এটি

হৃদয় উলাহেৰে ভৰে

পুৰুষ কণ্ঠ –    অ’.. তোমাৰে হাঁহিটি ফুলৰে পাপৰি

তুলনা কৰোঁ কিহেৰে

নাৰী কণ্ঠ –      তোমাৰ মৰমে হৃদয় ফুলনি

ধুনীয়া কৰিব পাৰে

দুয়ো –          নয়নত যিমানে সপোন ভৰি পৰে ←২

নাৰী কণ্ঠ –      পৰাণত ফুল লাগে

পুৰুষ কণ্ঠ –    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে

বননিত যিদৰে ফুলে হালে জালে

চেনেহত মন দোলে

তুমি মোৰ প্রেৰণা....

-

পুৰুষ কণ্ঠ –    তোমাৰে ছবিটি আঁকিব নোৱাৰি

হিয়াতে কিনো আছে

নাৰী কণ্ঠ –      মনৰে দাপোণত নিজকে দেখিলে

কেনিও চাব নেলাগে

পুৰুষ কণ্ঠ –    অ..’ তোমাৰে পৰশত ফুলবোৰ ফুলিলে

সুৱাসে উতলা কৰে

নাৰী কণ্ঠ –      জীৱন এখনি ধুনীয়া ফুলনি

মনে মনে মিলি গ’লে

দুয়ো –          পৰাণত যিমানে আপোন ভাব আহে←২

নাৰী কণ্ঠ –      ভাবিলেই ভাল লাগে

পুৰুষ কণ্ঠ –    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে←২

চেনেহত মন দোলে

নাৰী কণ্ঠ –      তুমি মোক নেচাবা লাগে লাজ অজানা

হৃদয়ত যিমানে আশা ভৰি পৰে←২

দুচকুত লাজ লাগে

পুৰুষ কণ্ঠ –  তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা...←৩  ৷৷

-

[ভূপেন হাজৰিকাদেৱৰ গীত (দ্বৈত)]
[ইউনিক’ড ৰূপান্তৰ :- অনামিকা বৰা]

No comments: