অনুসন্ধান আকাংক্ষাত

Friday, May 29, 2015

পৃথিৱী আমাক চেনেহ অকণ দিয়া




পৃথিৱী আমাক..

          চেনেহ

                 অকণ দিয়া

-

[ প্ৰেম প্ৰীতিহীন

         আমাৰ হিয়া ]←২

তুমি উভতাই নিয়া..

        তুমি উভতাই নিয়া..

-

পৃথিৱী আমাক..

          চেনেহ !

                 অকণ দিয়া

[ প্ৰেম প্ৰীতিহীন

         আমাৰ হিয়া ]←২

তুমি উভতাই নিয়া...

        তুমি উভতাই নিয়া..

-

তোমাৰ বুকুত

          পাই হেৰুৱালোঁ

       জীৱনৰ মধু স্বপ্ন..

-

[তোমাৰ বুকুত

             পাই হেৰুৱালোঁ

       জীৱনৰ মধু স্বপ্ন..]←২

সেয়েহে আমাৰ...

প্ৰাণৰ পৰম !

     অনুভুতি হ’ল ভগ্ন !

স্বাৰ্থ ক্লান্ত ! ←২

        মনৰ কালিমা

    মৰমেৰে

            মচি দিয়া…

[ প্ৰেম প্ৰীতিহীন

         আমাৰ হিয়া ]←২

তুমি উভতাই নিয়া..!

        তুমি উভতাই নিয়া..

-

তুমিয়ে দিছিলা আমাৰ হিয়াত

     তুমিয়ে দিছিলা…

[ তুমিয়ে দিছিলা আমাৰ হিয়াত

      প্ৰেমৰ পৰশমণি ]←২

তোমাৰ উদাৰ

বক্ষ বিদাৰি !

(কৰোঁ আমি হানাহানি !)←২

  তুমিয়ে দিছিলা আমাৰ হিয়াত

      প্ৰেমৰ পৰশমণি

তোমাৰ উদাৰ

বক্ষ বিদাৰি !

(কৰোঁ আমি হানাহানি !)←২

(কুসুম  কোমল )←২

         শিশুৰ অন্তৰ

     আমাক আজি দিয়া…

প্ৰেম প্ৰীতিহীন আমাৰ হিয়া←২

[ তুমি উভতাই নিয়া 

            তুমি উভতাই নিয়া... ]←২ ৷৷



ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক’ড ৰূপান্তৰ → দিগন্ত শইকীয়া

No comments: