অনুসন্ধান আকাংক্ষাত

Friday, May 29, 2015

হালিছে জালিছে বাঁহৰে পাত



[হালিছে জালিছে বাঁহৰে পাত

এজাঁকমান বগলী বহিছে তাত

শুকুলা পাখিতে বৰষুণ পৰিছে

চোঁৱাচোন কাৰো নাই এষাৰো মাত ২ ]

-

শুনা নাই বহুদিন চেনাইৰে মাত

ৰাইজাই কৰিছে সেউতীৰ গাত

ৰঙালী বিহুখন পাতিছে তাত !

কুলিয়েও শুনাইছে বিহুৰে মাত

অ’ কুলিয়েও শুনাইছে বিহুৰে মাত

হালিছে জালিছে বাঁহৰে পাত

এজাকমান বগলী বহিছে তাত

শুকুলা পাখিতে বৰষুণ পৰিছে

চোঁৱাচোন কাৰো নাই এষাৰো মাত

-

গাঁৱৰ নামঘৰতে বৰনাম পাতিছে

-

হে ব’হাগৰ বিহুটি সন্মান যাঁচিছে

-

[সৰুৱে ডাঙৰক সেৱা মান ধৰিছে

ডাঙৰেও সৰুটিক আশীৰ্বাদ কৰিছে] ←২


বছৰটো কুশলে যাওক !

-

বিহুৱান হাতত লৈ সেউতীও আহিছে

চেনাইও আহিছে তাত

-

দুয়োৰে দেহালৈ যৌৱন আহিছে

অ’ দুয়োৰে দেহালৈ যৌৱন আহিছে

ৰাইজাই কৰিছে গাত

-

দুয়োৰে………….. !

  পৰশত……..

দুয়োয়ে ভাবিছে…

দুয়োৰে পৰশত

দুয়ো ভাবিছে

মুখেদি কাৰো নাই মাত

অ’ সেৱা এটি যাঁচি…!

বিহুৱান
 
যাঁচিছে…

-

অন্তৰ মিলিছে..

    তাত

-

অন্তৰ মিলিছে তাত !

অন্তৰ মিলিছে তাত…..

অন্তৰ মিলিছে তাত….. ৷৷



ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক’ড ৰূপান্তৰ দিগন্ত শইকীয়া

No comments: