অনুসন্ধান আকাংক্ষাত

Friday, April 24, 2015

নৱ নৱ ব’হাগ আহে

ছবি :-                   ভাগ্য
সংগীত পৰিচালক :-     ভূপেন হাজৰিকা
কণ্ঠ :-                   ইলা বোস
মুক্তি :-                  ১৯৬৫



নৱ নৱ ব’হাগ আহে

সৰু ফুলে মিচিকি হাঁহে

মনে তোমাক ধিয়ায়

নৱ নৱ মোৰ ৰচনাকে

শুনোতাই গুণ-গুণায়

মনে তোমাক ধিয়ায় ←২

  
(স্বপ্ন হৈ ৰচনাত

মেদিনীৰ হাঁহি বঢ়ালা )←২

তুমিয়ে মোৰ আপোন বৰ

সৰগৰ সুৰ সজালা

অ'.......

নৱ নৱ মিলন নিশাৰ

সৰু তৰা জকমকায়

মনে তোমাক ধিয়ায় ←২

নৱ নৱ ব’হাগ আহে

সৰু ফুলে মিচিকি হাঁহে

মনে তোমাক ধিয়ায়←২
 

আ.... (নাৰীসকল)

(ই যে ভাগ্য সু-আৱাহনি

শতবাৰ মানি ললো )←২

অভিজ্ঞতা উপচি পৰে

জলধিত মানসৰো

অ'.....

দেখি লহৰ যে ধুনীয়া

হিয়া যে ৰূপতে নাচে

মনে তোমাক ধিয়ায় ←২

নৱ নৱ ব’হাগ আহে

সৰু ফুলে মিচিকি হাঁহে

মনে তোমাক ধিয়ায়←৩  ৷৷



[ ইউনিক'ড ৰূপান্তৰ :- দিগন্ত শইকীয়া]

No comments: