ব'হাগ !
পথাৰলৈ যাবা
গুলি খাবা...!
ঘৰত থাকিবা
গুলি খাবা !
পাহাৰ বগাবা
গুলি খাবা
এই ব'হাগতো জন্ম আৰু মৃত্যুয়ে
হয়তো পাখা খেলিব
আগৰ দৰেই
এই ব'হাগতো জন্ম আৰু মৃত্যুয়ে
হয়তো পাখা খেলিব
আগৰ দৰেই,
পিছে, সমান্তৰালভাৱে..
ব'হাগৰ দূপৰীয়া...
সমান্তৰালভাৱে ব'হাগৰ দূপৰীয়া
কপৌ যুৰিয়ে ৰুণ দিব আগৰ দৰেই !
কপৌ যুৰিয়ে ৰুণ দিব আগৰ দৰেই !
দেউতাৰ পদূলিত গোন্ধাব মাধুৰি
আগৰ দৰেই
দেউতাৰ পদূলিত গোন্ধাব মাধুৰি
আগৰ দৰেই !
দেউতা পদূলিত কেতেকী মলমলাব !
আগৰ দৰেই ৷৷
[ ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃতি ]
[ ইউনিক'ড ৰূপান্তৰ :- দিগন্ত শইকীয়া ]
No comments:
Post a Comment