ছবি :- ভাগ্য (১৯৬৫)
কণ্ঠ :- শ্যামল মিত্ৰ
ৰচক আৰু সুৰকাৰ :- ভূপেন হাজৰিকা
কোনে জানে
তোমাৰ সপোন !
হ’ব নে পূৰণ ?
আকাশতে !
থকাজনে !
লিখে কপালৰ লিখন ,
কোনে জানে
তোমাৰ সপোন
হ’ব নে পূৰণ ?
আকাশতে !
থকাজনে
লিখে কপালৰ লিখন
জীৱনৰে
ছবি আঁকি
কোনে সজাই দিব ?
আকাশতে ! [আলাপ : নাৰী কণ্ঠ]
থকাজনে [আলাপ : নাৰী কণ্ঠ]
লিখে কপালৰ লিখন । [আলাপ : নাৰী কণ্ঠ]
জীৱন
বিনা আনন্দেৰে
যদি খোজা বজাব !
হাঁহি হাঁহি
বিধিৰ লিপি
মানিলে হ’ব ...
হ’ব ...!
দুখত যদি
হাঁহি থাকা
মচি তোমাৰ নয়ন !
আকাশতে
থকাজনে
লিখে কপালৰ লিখন ।
জীৱনৰ আন
এটি নাম
পদুম পাতৰ পানী
প্ৰভাতে যে
- কাল সন্ধিয়াৰ
নেজানে আঁচনি
আঁচনি...!
কোনে জানে
কাহানি হয়
উশাহৰ মৰণ..!
আকাশতে
থকাজনে
লিখে কপালৰ লিখন ,
কোনে জানে
তোমাৰ সপোন
হ’ব নে পূৰণ ?
আকাশতে !
থকাজনে
লিখে কপালৰ লিখন ।৷
[ইউনিক'ডীয় ৰূপান্তৰ :- দিগন্ত শইকীয়া ]
No comments:
Post a Comment