Assamese Song: O
cycle khon solaute
Album: Moromi
Singer: Dwipen
Baruah (Duet)
Director: Dijendra
Narayandeb
Music Director: Ramen
Barua
Year: 1978
পুৰুষ: অ’ চাইকেলখন চলাওঁতে !
ভৰিৰ চাল
ছিগিলে
!
বিচাৰি ! না..পালোঁ
বেজ
হাতৰে
আঙুলি
!
কামুৰি ! গ’লি
ঐ..
ৰখাব
নোৱাৰোঁ.. তেজ
সোণাৰ
ফুলিলে দেখি
মৰম লাগে তোমালৈ
ছিঙি আনোঁ,
ছিঙি আনোঁ
যেন তোমাৰ
খোপালৈ
সোণাৰ
ফুলিলে দেখি
মৰম লাগে
তোমালৈ
ছিঙি আনোঁ,
ছিঙি আনোঁ
যেন তোমাৰ
খোপালৈ
শুৱাবনে
নুশুৱায় ?
নাৰী : কেলৈ
লাগে ফুল ছিঙিব
জয়
পৰি যাবলৈ
বনত
লাগিছে কেলৈ
মনৰ
মৰম পাবলৈ
পাই
হেঁপাহ নপলায় !
পুৰুষ: আজৌ..
! মৰো:
আদত কথাষাৰি !
ক’লি
দেখোঁ লাহৰী !
মনটো
চোন আহিছে
কিবা
কিবি কৰি
যাওঁনো
কেনে কৰি ?
থাকোঁনো
কেনে কৰি ?
জিন্ জিনাই আহিছে ভৰি
নাৰী : মই মৰি যাওঁ !
কোনোবাই শুনিব !
ডাঙৰকৈ
নক’বা
মনৰে
কথাষাৰ
মনতে
ৰাখিবা
ছল
চাই চলাবা
ভৰি
মোৰ লাহৰ ঐ
চেচাঁ, তিঁতা বাতৰি
চাই
চাই চলাবা
চাইকেলখন চেনাইটি
আগলৈ পাছলৈ
চাবা
আগলৈ পাছলৈ
চাবা মোৰ চেনাইটি !
পিচলি
পৰিবা চাবা !
অকোৱা
নো পকোৱা !
বাট
দীঘলীয়া
ওখোৰা
নো মোখোৰা
চিনিব
নোৱাঁৰা
ভালকৈ
নাযাবা
যৌৱন
গ’লে পাবলৈ নাই !
পুৰুষ: যৌৱন দুদিনীয়া !
যৌৱন
কুমলীয়া !
পাওঁতেই
তুলি ল’বি
মৰম
ফুলনীয়া !
কৰি
ল’ ধেমালি চাওঁতেই যৌৱনটো যায়
ঐ গৈ গৈ নপৰে ওৰে ঐ লাহৰি
গৈ
গৈ নপৰে ওৰ
নাৰী : বাটৰে
নাপাওঁচোন ওৰে ঐ চেনাইটি
বাটৰে
নাপাওঁ ওৰ
পুৰুষ: অ’ ৰৈ ৰৈ হালিলে বিৰিণা
ৰৈ
ৰৈ কান্দিলে হৰিণা
ৰৈ
ৰৈ ঘূৰিলে ইচাতি বিচাতি মন ৷৷
বোলছবি/এলবাম: মৰমী
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা (দ্বৈত কণ্ঠত)
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment