অনুসন্ধান আকাংক্ষাত

Friday, May 17, 2013

এ প্ৰাণ গোপাল





Assamese Song:                 E Pran Gupal
Album:                                   Mukuta
Singer:                                   Anima Choudhury
Director:                                 Brajen Baruah
Music Director:                     Ramen Baruah
Year:                                      1970




এ প্ৰাণ গোপাল

পাতিলা মায়াৰে খেলা

মোৰ দয়া ঐ



এক গুটি ঘৰ দিবা

খাবৰ দিবৰ আছে

সিয়ো ঘৰ লৈয়া গৈল

ধুমুহা বাতাসে প্ৰাণ !

গোপাল ঐ..!





ঘৰ গুচি বান্ধে মনাই

দুৱাৰ খান্দি চান্দা

আপোনাৰ ঘৰ এৰি

পৰক লাগি কান্দা প্ৰাণ

গোপাল ঐ !




দোৱা দিলা পান্তি পান্তি


মাৰলি দিলা জোতা

ভাল মতে লগাই থৈছা

একেযুৰি খুটা প্ৰাণ

গোপাল ঐ !





চাৰিফালে বেৰা দিয়া

কৰিলা আন্ধাৰ

নফালে লগাই থৈলা

নখানি দুৱাৰ প্ৰাণ

গোপাল ঐ !

এ প্ৰাণ গোপাল

পাতিলা মায়াৰে খেলা

মোৰ দয়া ঐ





ন ফালে বহি আছে

নওটি দুৱৰী !

তাৰ মাজে বহি আছে

পূৰ্ণানন্দ হৰি প্ৰাণ

গোপাল ঐ !





একগুটি কন্যা আছে

ঘৰৰ ঘৰণী

তাৰ সঙ্গে যিটো নাযায়

সিটো মহামুনি প্ৰাণ

গোপাল ঐ !





আৰু এক নদী আছে

বৰ তীক্ষ্ণ ধাৰে

তাল বিতাল লুটি পখি

ইপাৰে সিপাৰে প্ৰাণ

গোপাল ঐ !





উৰি গৈল ৰাজহংস

পৰি ৰৈল পাখি

সিও দেহা পৰি ৰৈল

যমুনাৰ বালি প্ৰাণ

গোপাল ঐ !





কহয় মাধৱ দাসে

এহি তত্ব সাৰ

গুৰু ৰচা ৰণ বিনে

গতি নাই আৰ প্ৰাণ

গোপাল ঐ !




 
এ প্ৰাণ গোপাল

পাতিলা মায়াৰে খেলা

মোৰ দয়া ঐ ৷৷






বোলছবি/এলবাম:                    মুকুতা
গায়ক/গায়িকা:                        অনিমা চৌধুৰী
পৰিচালক :                              ব্ৰজেন বৰুৱা
সংগীত পৰিচালক:                  ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: