আমাৰ গাঁও
[জ্যোতিপ্ৰসাদ আগৰৱালা]
[উপন্যাস]
[ৰচনা : ১৯৫০]
(দুই)
“আই অ’ পানী
এটোপা”- এই বুলি সেহাই সেহাই পণ্ডীতে
ৰোগ-শয্যাত পৰি মাতিলে ওচৰতে ৰৈ হাতত বিচনী লৈ থকা জীয়েক বনজোনাকীক ৷ বাটি এটাতে
খোৱা পানী অলপ আনি চামুচ এখনেৰে বুঢ়াৰ মুখত দুসোহা মান দিলে ৷ বুঢ়াই আকৌ সুধিলে, “আই অ’ মাৰে কি কৰিছে ?” “পিতাই, আয়ে তোমালৈ, মগুমাহৰ
জোলে আৰু ভাতে বহাইছে, মাতিম নেকি পিতাই ?”
“নালাগে
বাৰু ৷ গাখীৰ অকণ আনচোন ৷”
“পিতাই,
অথনি পুৱা গাঁওবুঢ়াক গাখীৰ অকণ খোজোতে ভেকাহিহে মাৰি পঠালে ৷ ক’লে বোলে বাপেৰে ককায়েৰক ডাঙৰ
মানুহ কৰিবলৈ, হাকিম মুনচিপ হ’বলৈ
কলেজ ঘেলুৱাইছিল নহয় ? এতিয়া ককায়েৰে টকা পঠিয়াই গৰুকেজনীও ৰাখি দিব নোৱাৰিলেনে...
তাৰ লগতে আৰু কিবা-কিবি ক’লত
পিতাই মই গিচি আহিলো ৷”
বনজোনাকীৰ কথা শুনি বুঢ়াৰ মুখ গহীন হ’ল ৷ বুঢ়াৰ মনত পৰিল... আজি
কেমাহমানৰ আগতে গাঁওবুঢ়াই পঢ়াশালিলৈ বুলি ৰাইজৰপৰা ধন তুলি কি কৰিলে কোনেও ক’ব নোৱাৰে ৷ সেই বিষয়ে পণ্ডিতে
ৰাইজৰ মেল চপাইছিল ৷ ছকুৰি তোলাৰ প্ৰমাণ মেলত ওলাল যদিও গাঁওবুঢ়াই টকা আজিলৈকে
দিয়া নাই ৷ বনজোনাকীৰো চকুযোৰ ঢুলঢূলীয়া হৈ আহিল ; ক’লে, “পিতাই
পিছে সৰুমনে বাটতে উভতি আহোতে পাইছিলে ৷ সি সিহঁতৰে ঘৰৰপৰা আবেলিকৈ গাখীৰ অলপ দিনৌ
আনিবলৈ কৈছে ৷” বুঢ়াই দীঘলকৈ হুমুনিয়াহ কাঢ়িলে
৷ সৰুমন গাঁৱৰে বৰ দুখীয়া বাঁৰী মানুহ এজনীৰ একেটা ল’ৰা ৷তাৰ বয়স দহ বছৰ ৷পঢ়াশালিত বনজোনাকীৰে একেলগে পঢ়ে ৷
বাপেক কেবছৰমান আগতে মৰিল ৷ বাঁৰী-মাকৰ গৰু দুজনী, হালৰ গৰু এহাল আৰু মাটি অলপ আছে
৷ তাৰে কোনোমতে বছৰটো চলি যায় ৷ বনজোনাকীৰে সৰুমনৰে বৰ মিল ৷ বনজোনাকীৰ ভায়েক নাই
৷ সৰুমনকে ভায়েকৰ দৰেই ভাল পায়... মৰম কৰে ৷
“জোন
বাইদেউ ! জোন বাইদেউ”... আগ চোতালত কোনোবাই সৰু ল’ৰাৰ মাতেৰে মাতিলে ৷ “অ সৰুমন” বুলি বনজোনাকী খৰধৰকৈ ওলাই গ’ল ৷ সৰুমনে কৰিয়া এটাত গাখীৰ অলপ আনিছিল ৷ হাঁহি মাৰি
সৰুমনে ক’লে, “বাইটি, মই আবেলি খোৱা গাখীৰকণকে আনিলোঁ ৷ মই পিছে পুৱা
এবাটি খাওঁ নহয় ৷ কেদিনমান ইবেলা নাখালেও চলিব ৷ পিছে কালিৰপৰা আমাৰ বগীজনীও
খীৰাব... আৰু আধেৰমান ওলাব ৷”
বনজোনাকীৰ মনটো ভাল লাগিল ৷ যিহওক, পিতায়েকে অলপ গাখীৰ খাবলৈ পাব ৷ গাখীৰৰ কৰিয়াটো
সৰুমনৰ হাতৰপৰা লাহেকৈ লৈ তাই সৰুমনক কিবা ক’ব খুজিও একো মাতিব নোৱাৰি মাথোন ক’লে, সৰুমন, আহ ভিতৰলৈ”... এই বুলি সৰিমনৰ হাতত ধৰি ভিতৰলৈ নি ৰান্ধনি-ঘৰ সোমাই
মাকৰ হাতত কৰিয়াটো দি ক’লে, “আই, সৰুমনে পিতাইলৈ গাখীৰ অকণ দিছেহি ৷” ভাতৰ নিসনি কাঢ়ি থকা মাকে ক’লে, “সৰুমন, মাৰে কি কৰিছে মোৰ বোপাই ?”
“আই আজি
গধূলি বাছ-গাড়ীত জিলালৈ যাব বোলে ৷”
“জিলালৈ
কিয় ?” বনজোনাকীৰ মাকে অলপ আচৰিত হৈ
সুধিলে ৷
“কিবা
বোলেনে হেনো মোকৰ্দ্দমা আছে”—সৰুমনে ক’লে ৷
“মোকৰ্দ্দমা—কিহৰ অ’ বোপাই--- বাঁৰী মানুহজনীৰনো কিহৰ মোকৰ্দ্দমা ?”
সৰুমন – “বোপায়ে বোলে জয়কান্ত মহাজনৰপৰা
ৰূপ এশ ধাৰলৈ আনিছিল... আমাৰ খেতিৰ মাটিখিনি লেখি দি ৷ পিছে আৰু এতিয়া নোকৰ্দ্দমা
কৰিছে ৷ পিছে আয়েনো এতিয়া ৰূপ এশ ক’ত পায়
!”
বনজোনাকীৰ মাকে দীঘলকৈ উশাহ লৈ ক’লে, “দুখীয়াৰনো কোন কালে গতি হ’ব বোপাই ! খোৱাই খাইছে... নোপোৱাই নাই ৷ এতিয়া আৰু
মাটিকেডৰা মহাজনে লৈ থব ৷” মাকৰ
কথাৰ মাজতে বনজোনাকীয়ে মাত লগালে, “সৰুমন
আহচোন, লেচু কেটামান পাৰহি”—এই বুলি সৰুমনৰ হাতত ধৰি বনজোনাকীয়ে আঁজোৰ মাৰি ৰান্ধনি-ঘৰৰ
বাহিৰলৈ গ’ল ৷ ৰান্ধনি-ঘৰৰ ভিতৰত মাকে ক’লে, “অ’ আই জোন, সৰুমনক লেচুকে এথোকা
দেগৈ ৷ সৰুমন, তামোল গছত উঠিব পাৰনে ? নাৰিকলীয়া তামোল দুটামানো লৈ যাবি ৷” --- বনজোনাকীয়ে সৰুমনক কি দিব
কি নিদিব তাকে ভাবি খু-দুৱাই আছিল ৷ পুৱাই গাঁওবুঢ়াৰ ঘৰত গাখীৰকণ ানিবলৈ গৈ ভাকাহি
খাই অহাত সৰুমনৰ গাখীৰকণ আজি বনজোনাকীৰ বাবে বহুমূলীয়া হ’ল ...
বৰ ডাঙৰ বিপদত কোনোবাই সহায় কৰিলে তাক প্ৰতি-উপকাৰ কৰিবলৈ মানুহৰ মনটো যেনেকৈ উদ্গ্ৰীব
হৈ থাকে... বনজোনাকীৰ মনটোৱেও সৰুমনক গাখীৰকণৰ সলনি কিবা দিবলৈ হাবাথুৰি খাই
ফুৰিবলৈ ধৰিলে ৷ সৰুৰেপৰা বনজোনাকীয়ে ঘৰত যে গাখীৰ নোহোৱা হয় বা সদায় খাবলৈ ববলৈ
পাই থকা বস্তু যে নোহোৱা হয় তাক নাজানিছিলেই ৷ ভাত, দালি, মাছ, আঞ্জা, নিমখ, তেল,
ঘিউ, গাখীৰ এই বস্তুবোৰ বাৰীত যেনেকৈ কচু, ঢেঁকীয়া, কল, তামোল সদায় পায়েই থাকে ...
সেইদৰেই এইবোৰো সদায় থাকে আৰু সদায়ে খাই থাকিবলৈ বুলিয়েই তাইৰ মনৰ ধাৰণা আছিল ৷ মানুহৰ
হাতৰ টকা-পইছাই যে সেইবোৰ বঢ়া-টুটা বা অভাৱ কৰিব পাৰে তাইৰ সেইবোৰ সপোনৰ অগোচৰ কথা
৷ গৰুকেজনী সৰুৰেপৰা দেখিছে ... নিজৰ ঘৰটো, বাৰীখন... তাৰ ফল-ফুলৰি... সেইবোৰ যে
কিবা কথাত আন কোনোবাই সিহঁতৰ হাতৰপৰা কাঢ়ি নি তাৰপৰা বঞ্চিত কৰিব পাৰে তাৰ কথা
তাইৰ মনত খেলোৱাই নাছিল ৷ হঠাতে এদিন কেঞাৰ গোলাৰ দেছুৱালী মানুহ দুটাই গৰু দুজনী
আৰু তাইৰ মৰমৰ পোৱালিটো খেদি লৈ যোৱা দেখি সেইটোনো কি ঘটনা ঘটিছে তাই উপলব্ধি
কৰিবকে নোৱাৰিলে ৷ যদিও তাৰ কাৰণটো মাকে কৈছে... তথাপি ককায়েকক পঢ়ুৱাবলৈ অনা টকাৰ
বাবে... তাই গাখীৰ খোৱা গৰুজনী কেঞাই কিয় নিয়ে সেই কথাটৌ এতিয়াও তাই কোনোমতেই
নুবুজে ৷ গৰু নিয়াৰ পিছদিনা যেতিয়া মাকে তাইক গাঁওবুঢ়াৰ ঘৰলৈ গাখীৰ আনিবলৈ যাবলৈ ক’লে... তাই প্ৰথমতে কথাটো বুজিবই
পৰা নাছিল... আৰু সিহঁতৰ গাখীৰতী গৰু থকা বাবেও কেৱল গাঁওবুঢ়াৰ ঘৰত গাখীৰ খুজিবগৈ
লাগে তাক নুবুজাকৈ মাকৰ কথাত গাঁওবুঢ়াৰ ঘৰলৈ কৰিয়া লৈ গৈছিল যদিও... তাইৰ বুকুখন
সোপা মাৰি ধৰিছিল শোকত ৷ তাইৰ বাটত এবাৰ হুক্-হুক্কৈ কান্দিবৰো মন গৈছীল ৷
বাপেকে কোৱা দুকুৰি ডকাইতৰ সাধুটো তাই জানিছিল...আৰু তাইৰ গৰু-পোৱালিটো নিয়া যেন
কেঞাঘৰ আৰু সেই টাঙোন লৈ অহা মানুহকেটা যেন সেই দুকুৰি ডকাইতৰ লগৰপৰা আহি তাইৰ
গৰুকেজনী কাঢ়ি লৈ গ’ল... তাইৰ তেনেহে লাগিছিল ৷ তাই
আকৌ ভাবিছিল... সিহঁতে কিয় নিলে... ইয়াৰ কোনো প্ৰতিকাৰ নাইনে ? তাই ভাবিছিল... কেঞাৰ মানুহে গৰুকেজনী
কাঢ়ি নিবলৈ আহোতে পিতায়েকে পুলিচত কিয় খবৰ নিদিলে ! পুলিচেতো আনৰ বস্তু আনক কাঢ়ি
নিবলৈ নিদিয়ে ৷ গৰু নিবৰ সময়ত তাই কান্দি কান্দি মাকক কৈছিল, “আই, সিহঁতক কিয় আমাৰ গৰু নিবলৈ
দিছা ?” মাকে ক’লে, “আইনে
নিবলৈ দিছে, আমাৰ কি খেমতা আছে মোৰ আই ৷” সেইদিনাৰপৰা
আইনটোও কিবা এটা ভয়াবহ মানুহ বুলিয়েই তাইৰ ধাৰণা হৈছিল ৷ আইন বস্তুটোনো কি সেইটো
তাইৰ পৰিষ্কাৰ হোৱা নাছিল ৷ তাইৰ ধাৰণা আছিল যে জিলাৰ বৰ চাহাবৰ কেছাৰীত বৰ কিবা
ডাঙৰ কোঠা এটাত আইনটো থাকে আৰু সি দেখিবলৈ যমদূতৰ দৰে... বৰ ভয়ঙ্কৰ... কালী
গোসানীৰ দৰে ৷ বৰ চাহাবে তাক এটা কোঠাত তলা মাৰি থৈ দিয়ে ... আৰু মানুহ ফাঁচী
দিবলৈ উলিয়াই দিয়ে... আৰু গাঁৱৰ মানুহৰ গৰু-ম’হবোৰ আৰু খাজানাৰ টকাবোৰ নি হেনো বৰ চাহাবে তাক দিয়েগৈ ৷
“জোন...
এই দুথোকাৰেই হ’ব ৷ আৰু সৰহ নাইও ৷ বাদুলিয়েই
খাই দেখোন ধুনাধুন কৰিলে ৷” এই
বুলি সৰুমনে লেচু গছৰ ওপৰৰপৰা মাত লগালে ৷ “এৰা
সৰুমন, বাদুলিয়েও আধাখিনি নাইকিয়া কৰিলা... পিছে আয়ে দেওবৰীয়া হাটতো ভালেখিনি লেচু
বেচুৱালে নহয় ! লেচু বেচি নেচি আজি এই
মাহটো নিমখ তেল কিনিছে ৷ নহ’লে আৰু
আমাৰ নিমখকণকে খাবলৈ নোহোৱা হ’লহেঁতেন
৷” এই বুলি বনজোনাকীয়ে কৈ শেষ
কৰোতেই সৰুমনে গছৰপৰা জাঁপ মাৰি নামি সুধিলে, “কিয়,
পিতায়েৰাই পেনচিন পায় নহয় !” “ৰূপ বাৰ টকাহে পায়... এইবাৰ
পিতাইৰ নৰিয়াত সেই কুঁজা ডাক্তৰটোৱে আঠ টকা নিলে... আৰু দৰবৰ দাম ল’লে... পিতাইৰ হাতত আৰু পইছা
নোহোৱা হ’ল... আয়ে আৰু লেচু, নেমু
টেঙাকেটা বেচি বেচিহে লোণ তেল আনি আছে... ৷” এই
বুলি কলত সৰুমনে লেচু এথোকা ওভোতাই দি ক’লে, “তেনে জোন হোঁ এই থোকা থৈ দে...
মোৰ এথোকা হলেই হ’ব ৷”
--“নালাগেচোন নালাগে ৷ আয়ে কালি বুধবৰীয়া হাটত তামোল-পাণ বেচি
তিনি টকা পাইছে ... বুজিছ সৰুমন...” এই
বুলি কোৱাত সৰুমন অলপ ৰ’ল... বাৰীখনৰ চাৰিওফালে ভালকৈ
চকু ফুৰাই চাই ক’লে, “জোন, তহঁতৰ বাৰীকনৰ দৰে হ’লে বাৰী গাঁওখনতে নাই ৷ তামোল, নেমু, কল, লেচু, আম, কঁঠাল,
জামু, আহোম বগৰি, মাটিকঁঠাল, ৰেবাবটেঙা, জৰা, লেটেকু, পনিয়ল....”
“ও,
আমাৰ পিতায়ে খুব ৰুইছিল নহয়... সেইবোৰ বেচি বেচিহে আমাৰ ঘৰখন চলি আছে ৷ নহ’লে আৰু আমি আয়ে-ময়ে লোকৰ ঘৰত
ধান বানিহে খাব লাগিলহেঁতেন ৷পিছে গাঁৱৰ মানুহবোৰ বৰ বেয়া বুজিছ সৰুমন... নিজৰ
বাৰীতে অতবোৰ মাটি পৰি থাকে... একোটোকে ৰুই নলয় ৷ সিদিনা আমাৰ বাৰীৰ কল চাৰি থোকা—তামোল তিনি থোকা চুৰকৈ নিলে
কোনোবাই... মাজে মাজে নিয়েই থাকে ৷”
“অ’ জোন.. জোন অ’ বুলি ৰান্ধনি-ঘৰৰপৰা মাকে
মাতিলে ৷
বনজোনাকীৰ বুঢ়া বাপেকৰ নাম সাধন চন্দ্ৰ
হাজৰিকা ৷ গাঁৱত সাধন পণ্ডিত বুলিয়েই জনাজাত ৷ সাধন পণ্ডিতে গাঁৱৰে নিম্ন
প্ৰাইমাৰি স্কুলৰ পণ্ডিত কাম কৰি আজি কেবছৰমান হ’ল পেনচন লৈছে ৷ ডেকা কালটো গাঁৱতেই পণ্ডিত কাম কৰি সাধন
পণ্ডিতে গাঁৱৰো ভালেখিনি উপকাৰ কৰিলে ৷ ডেকা কালতে ছাত্ৰবৃত্তি পাছ কৰি .. নিজৰ গাঁওখনৰে
উন্নতি কৰো বুলি লাগিলহি ৷ ঘৰৰ চাউল খাই তেজপুৰৰ উকিল এঘৰৰ বাৰীতে সৰুকৈ জুপুৰি
এটা সজাই সাধন হাজৰিকাই ছাত্ৰবৃত্তি স্কুলত পঢ়ে ৷ গাঁৱৰ ঘৰৰ অৱস্থা বৰ ভাল নাছিল ৷
তথাপি বাপেকে ঘৰৰপৰা চাউল আৰু মাহে ৰূপ তিনি টকাকৈ পঠাব পাৰিছিল ৷ সাধন হাজৰিকা
চোকা ল’ৰা আছিল ৷ উকিলৰ সৰু সৰু ল’ৰা-ছোৱালী হালক ক,খ পঢ়ুৱাই
উকিলৰপৰা মাহে টকা তিনিটা পাইছিল ৷ আৰু উকীলৰ চেষ্টাতে দুখীয়া ল’ৰা বুলি স্কুলৰ মাছুলটোও মাফ
পাইছিল ৷ উকিলনী মানুহজনী বৰ উদাৰ আৰু মৰমিয়াল আছিল... সাধনক আলুটো, দাইলকণ, গাখিৰ
অকণ কেতিয়াবা চোলা-চুৰীয়া এযোৰ দি সাধনৰ তেজপুৰীয়া নিলয়া জীৱন কোনোমতে সুচল হৈ চলি
যোৱাত যথেষ্ট সহায় কৰিছিল ৷সাধনেও উকিলনীৰ বজাৰ কৰা, সোণাৰিৰ ঘৰলৈ অহা-যোৱা কৰা,
তাঁতৰ উঘা, চেৰেকী, শলি এইবোৰ কৰি দিয়াত সোঁহাত ৷নিজৰ কামিলা গুণত সাধন উকিলনীৰ বৰ
প্ৰিয় আছিল ৷ এইদৰেই ছাত্ৰ-জীৱন সুচল কৰি লৈ সাধনে তেজপুৰতে ছাত্ৰবৃত্তি পৰীক্ষা
পাছ কৰি বৃত্তি ধৰি হাইস্কুলত নাম লিখালে ৷ হাইস্কুলৰ চাৰি শ্ৰেণী উঠোতেই... ঘটনা
হ’ল দুটা ৷ এটা হ’ল আশ্ৰয়ৰ থল উকিলে হাকিমৰ কাম
লৈ গোৱালপাৰালৈ যাবলৈ ওলাল আৰু ঘৰত হঠাতে হাইজাত পৰি বাপেক থাকিল মৰি ৷
হাইস্কুলত পঢ়ি সাধনে ভৱিষ্যতৰ সৌণালী
সপোন আঁকিছিল ভালকৈয়ে ৷পাঙিছিল উকিলৰ আশ্ৰয়তে থাকিতো এন্ট্ৰেন্স পৰীক্ষা পাছ
কৰিবই ... তাৰ পাছত এন্ট্ৰেন্স পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিবই... আৰু ২০ টকাকৈ
জলপানী পাই কলেজত পঢ়িব ৷ ঘৰৰপৰাও বাপেকে দহ টকা মানকৈ যেনে তেনে দিব পাৰিব ৷ এইদৰে
এফ. এ. আৰু বি. এ. পাছ কৰি তাৰ পাছত উকিল হবগৈ ৷ তাৰ পাছত হাকিম নাইবা
চব-ডিপুটি... নাইবা উকিল... চহৰীয়া ছোৱালী... চহৰত বঙলা ঘৰ.... চহৰৰ ডাঙৰ মানুহ,
শ্বিলঙৰ কাউন্সিলৰ মেম্বৰ... সাধনৰ সেই সপোন আকস্মিক অহা বাস্তৱৰ ঘটনাৰ প্ৰচণ্ড আঘাতে
ভাঙি চূৰ্চুমৈ কৰি পেলাই... আচম্বিতে মথাউৰি ভাঙি অহা প্ৰৱল বানপানীৰ সোঁতে উটুৱাই
নিয়াদি সাধনক চহৰৰপৰা উঘালি আকৌ গাঁৱৰ ঘৰত নিঠৰুৱাকৈ পেলাই দিলেগৈ ৷
সাধনৰ আশ্ৰয়দাতা উকিল গ’ল গোৱালপাৰালৈ ৷ বাপেক মৰা
বাতৰি পাই সাধন ঘৰত উপস্থিত হৈ দেখেগৈ যে বাপেক মৰাৰ লগে লগে সাধনে দেখা ভৱিষ্যতৰ
সপোনৰো তিমানতে পৰালি পৰিল ৷
বাঁৰী মাক, সৰু ভায়েক দুটা, ভনীয়েক
তিনিজনীৰ প্ৰতিপালনৰ ভাৰ পৰিল সাধনৰ ওপৰত ৷ বাপেকে থৈ যোৱা সা-সম্পত্তিৰ ভিতৰত
খেতিৰ মাটি ৬ পূৰা, ১ পূৰা মাটিৰ ঘৰে সৈতে বাৰীখন ৷ খীৰঁতী গাই ৪ জনী, হালৰ গৰু ৪
হাল, ছাগলী ৬ জনী, হাঁহ-পাৰ কেটামান ৷ মাকৰ হাতত সোণৰ গহনা কেবিধমান ... এয়াই ৷
মাকৰো বেমাৰী অৱস্থা ৷ সাধন আৰু এখোজো ওলাই যাব নোৱাৰে ৷ ঘৰখন ৰাখিবই লাগিব...
মাক-ভায়েক-ভনীয়েকক ডাঙৰ-দীঘল কৰিব লাগিব ৷ সাধনে তেজপুৰত দেখা চহৰীয়া সপোন চহৰতে
এৰি বেলশিৰি গাঁৱতে বহিবলৈ বাধ্য হ’ল !
বাপেকে এৰি থৈ যোৱা মাটি-বাৰী চলাই কৰাই
সাধনে অনায়সে পৰিয়াল পোহপাল দি চলি যাবলৈ ধৰিলে ৷ দুই-তিনি বছৰৰ ভিতৰতে বাৰীখন
নানা ফল-ফুলনিৰ গছেৰে ভৰাই পেলালে ৷ লাহে লাহে সংসাৰৰ জাঁপ মাৰি সাধনে ৰাইজৰ কামলৈ
মন মেলি দেখিলে যে গাঁৱত স্কুলৰ বৰ দুৰৱস্থা ৷ তেজপুৰত থকা কালতে বঙ্গদেশৰ স্বদেশী
আন্দোলনে দেশ ঢৌৱাই গৈছিল ৷ সাধনে যদিও স্বদেশী আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা নাছিল তথাপি স্বদেশী
আন্দোলনৰ ঢৌৱে সাধনৰ বুকুত দেশসেৱাৰ ধাউতি, স্বদেশ-প্ৰীতি, দেশত শিক্ষা বিস্তাৰ...
আৰু বিদেশী ইংৰাজ শাসনৰপৰা ভাৰতে নিজকে মুক্ত কৰাৰ ইচ্ছা ... প্ৰৱলভাৱেইজগাই দিছিল
৷ এতিয়া গাঁৱলৈ আহি সাধনৰ গাঁৱত শিক্ষাৰ অভাৱৰ কথাটোৱেই প্ৰধানকৈ চকুত পৰাত
বেলশিৰিত ভালকৈ এখন স্কুল কৰিবলৈ টঙালি বান্ধি লাগিল ৷ গাঁৱত অৱশ্যে স্কুল এখন
আছিল... এফালে উৱঁলি যোৱা চালেৰে দুচলীয়া ঘৰ এটা ৷ এফালে বেৰৰ ইকৰা পচি বেৰ খহি
আছে ৷ ৰাতি উদঙীয়া গৰু আহি সোমাই থাকে ৷ স্কুলৰ পণ্ডিত কেতিয়াবা আহে কেতিয়াবা নাহে
৷ ল’ৰা-ছোৱালীকেটামান অহা-যোৱা কৰে ৷ স্কুলৰ ঘৰ ৰাইজৰ ফালৰপৰা লোকেল
বোৰ্ডে কৰিবলৈ কৈছিল... ৰাইজে তাকে নকৰাত আৰু লোকেল বোৰ্ডৰ নিয়ম অনুযায়ী স্কুল
নোহোৱাত লোকেল বোৰ্ডেও পন্ডীতৰ দৰ্ম্মহা বন্ধ কৰি স্কুলখন কেঞ্চেল কৰিলে ৷ ঘৰ
কৰিবলৈ পণ্ডিতে ৰাইজৰপৰা টকা ৰিনিকুৰি তুলিছিল... পিছে পণ্ডিত গৈ মিৰি গাঁৱত সোমাই
থাকিলগৈ ৷ ৰাইজৰ টকা কি উঠিছিল নুঠিছিল তাৰ হিচাপ খুহিলে পণ্ডিতক পাবলৈ নোহোৱা হয়
৷ এইদৰেই গাঁৱৰ স্কুলখন গৈ উদঙীয়া গৰু-গোহালি হ’ল ৷ সাধনে ৰাইজ গোটাই এদিন বক্তৃতা দি স্কুলৰ বিষয়ে সকলো ক’লে ৷ ৰাইজে প্ৰথমতে স্কুলৰ
নামকে নুশুনে ৷ স্কুলৰ নামত পইছা তুলি নিজৰ পেটত সুমাবলৈ ৰাইজে নিদিয়ে ৷ কিন্তু
সাধনৰ বুজনিয়ে আৰু সাধনে তাৰ প্ৰধান শিক্ষক হ’বলৈ গাত লোৱাত আৰু নিজৰ বাৰীৰপৰা এশ-দুশ যি বাঁহ লাগে তাক
দিবলৈ ওলোৱাত আৰু যেতিয়ালৈকে লোকেল বোৰ্ডৰপৰা দৰমহা আনিব নোৱাৰে তেতিয়ালৈকে শিক্ষক
হিচাপে দৰমহা নলবলৈ প্ৰতিশ্ৰুতি দিয়াত ৰাইজে স্কুলখন ভালকৈ পাতিবলৈ ইচ্ছা প্ৰকাশ
কৰিলে ৷
সাধনে প্ৰথমতে ৰাইজৰপৰা টকা-কড়ি
নিবিচাৰি... গাঁৱৰে একুৰিমান লগৰীয়া ডেকাক গাঁৱত শিক্ষা বিস্তাৰ... গাঁৱলীয়া
উন্নতিৰ বিষয়ে অণুপ্ৰাণিত কৰি লৈ স্কুলঘৰ সজা কামত লাগি গ’ল ৷ ঘৰে ঘৰে বাঁহ-খেৰ গোটোৱাৰ লগে লগে ঘাধনে অলপ দিনৰ
ভিতৰতেই গাঁৱত এটা নতুন উদ্দীপনাৰ সৃষ্টি কৰিলে ৷তাতে সেইফালে গাঁৱৰ নতুন আলি এটা
বন্ধা বিষয়ে আৰু দলং এখন মেৰামতি কৰা বিষয়ে বেলশিৰিৰপৰা তিনি মাইল দূৰৰ জামুগুৰিৰ
ডাক-বঙলাত লোকেল বোৰ্ডৰ ভাইচ-চেয়াৰমেন আহি থাকিলহি ৷ সাধনেও গাঁৱৰ ডেলাখিনি আৰু
জেইজনমান মুখিয়াল মানুহ লৈ তেওঁক দেখা কৰিলত... তেওঁ ভালকৈ ঘৰ সাজিলে স্কুলে
মঞ্জুৰী পাব বুলি প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও ডেকাবোৰে শিক্ষা বিস্তাৰৰ বাবে ধাউতি
দেখুৱা দেখি প্ৰশংসা কৰি উৎসাহ দিলে ৷
দুমাহৰ ভিতৰত বুজন ধৰণৰ চাৰিচলীয়া স্কুল
ঘৰ হ’ল ৷ সাধনে আৰু দুজন ডেকাক
দ্বিতীয় আৰু তৃতীয় পণ্ডিত কৰি ল’লে ৷
এবছৰৰ পিছত স্কুলে মঞ্জুৰী পালে ৷ সাধনে প্ৰধান শিক্ষক হিচাপে ২২ টকা.... আৰু আন
দুজনৰ এজনে ১২ টকা আৰু আনজনে ৮ টকা দৰমহা পাই... বেলশিৰিৰ স্কুল সুন্দৰভাৱে চলাবলৈ
ধৰিলে ৷
গাঁৱলীয়া ৰাইজৰ সাধন পণ্ডিতৰ ওপৰত বৰ
আস্থা হ’ল ৷ ৰাজহুৱা সকলো কথাতেই সাধনে
যি কয়... সিয়েই ৰজিবলৈ ধৰিলে ৷ সাধন গাঁৱত ভালকৈ প্ৰতিষ্ঠিত হ’ল ৷ সাধন পণ্ডিতে এইদৰে ৰাইজৰ সমৰ্থন আৰু উৎসাহত
স্কুলখন ভাল কৰি মনতে এটা ডাঙৰ আনন্দ পাই থাকোতে এদিন এটা ভাবিব নোৱৰা কথা হ’ল ৷ স্কুলৰ কাৰণে চকি-বেঞ্চি
কিছু কৰাবলৈ সাধনে ঠিক কৰি কিছু টকা তুলিবলৈ যো-জা কৰি ঘৰে ঘৰে টকা তুলি ফুৰিবলৈ
ধৰিলে ৷ সধনৰ ওপৰত আস্থা আৰু কত বছৰে ভেঁকুৰা লাগি থকা স্কুলৰ আজি এনে জয়-জয় ময়-ময়
অৱস্থা কৰাৰ কামৰ নিৰ্দশনত ৰাইজে যেয়ে যিমান পাৰে দিলে ৷
এদিন হাততে চান্দাৰ বহীটো লৈ আৰু গাঁৱৰে
কেজনমান আৰু দ্বিতীয় পণ্ডিতজনৰে সৈতে গৈ গাঁৱৰে জনাজাত কিৰ্পিণ ধনী বুদুৰাম বড়াৰ
ঘৰত সোমালগৈ ৷ মানুহে শুনাত বুদুৰামৰ বোলে ৰঊপ তিনি হেজাৰ আছে... আৰু চালপীড়াৰ
তলতে তামৰ কলহ এটাত পুতি থোৱা আছে ৷ লক্ষ্মীপূজাৰ দিনা হেনো বুদুৰামে কলহটি উলিয়াই
... টকাখিনি ভালকৈ ঘঁহি পিহি ধুই আকৌ পুতি থয় ৷ বাহিৰত দেখিলে বুদুৰামক বৰ ধনী যেন
নেদেখি ৷ সাধাৰণ গাঁৱলীয়াৰ দৰেই খেতি-বাতি গৰু-গাই ৷ থাকেও সেইদৰেই ৷ বৰকৈ ৰাইজৰ
মেল-দোৱানলৈ নাযায় ৷ গঞাৰ লগত ভাল নহয় তিমান ৷
সাধন গৈ নিজৰ জুমটোৰে সৈতে বুদুৰামৰ
বাহিৰ চোতালত এপৰ ৰোৱাৰ পিছত বাৰী-চুকৰপৰা ফটা ঘুগুলা চুৰিয়া এখন পিন্ধি আহি সাধন
পণ্ডিতহঁতক দেখি মুখখন বিকটাই ঘৰৰ ভিতৰলৈ সোমাই গ’ল ৷ মুখেৰে মাতষাৰকে নিদিয়াত সাধনৰ মনটো কেনেবা লাগিল ৷ আজি
সাধনৰ যদিও ৰাইজৰ কামত লগা প্ৰায় তিনিবছৰ, কিন্তু কোনো কথাতে বুদুৰামৰে ভেটা-ভেটি
হোৱা নিছিল ৷ অৱশ্যে বুদুৰাম কিৰ্পিণ বুলি নামটো শুনিছিল ৷
বুদুৰাম ঘৰত সোমাই নোলোৱা হ’ল ৷ আমনি পাই সাধনে মাতিলে, “অ’ বোলো বড়া, মাত দিয়কচোন” ৷ একো উত্তৰ নাহিল ৷
এইবাৰ ৰৈ বিৰক্তিৰে সাধনে আকৌ টানকৈ
মাতিলে – “বোলো বড়া, মাত দিবনে... আথনিৰেপৰা পৰ দিওঁতে ভৰি বিষাল ...৷”
এইবাৰ কাঠ-কঠুৱা মাতেৰে উত্তৰ আহিল
ভিতৰৰপৰা... কিবা ঘঁহনি খোৱা শব্দৰ দৰে—“ঔ—অ’ কিবা বোলেনে মই কাৰোবাৰ ধাৰ খাই থৈছোনে... তালৈকে মোৰ
চোতালত পৰ দিছাহি ৷”
কথা শুনি জুমটো জয় পৰিল ৷ সাধনে তথাপি ক’লে, “কেলেই ধাৰ খাব... আমি ৰাইজৰ উপকাৰৰ বাবেহে আপোনাৰ দুৱাৰলৈ
আহিছোঁ...”
এইদৰে কওঁতে নকওঁতে হাতত নলীয়া কটাৰীখন
লৈ বুদুৰাম চকুগাঁথি থোপাকৈ ওলাই আহি দুৱাৰমুখত ৰৈ... সাধনলৈ বাঘে চোৱাদি চাই কৈ
যাবলৈ ধৰিলে—“কি কি ৰাইজৰ উপকাৰখন কৰিছাহে ?
তুমি জিলাৰ স্কুলত পঢ়ি পাউৰুটি বিস্কুট খাই ইংৰাজী পঢ়িতো নিজৰ জাতৰ কণকঠীয়া
মাৰিলাই, এতিয়া গাঁৱৰ ল’ৰা-ছোৱালীবোৰ নষ্ট কৰিবলৈ
সিহঁতক পঢ়াবলৈ স্কুলখন পাতিছা ৷ পঢ়ি পেলাই সিহঁতে বোপা-ককাৰ সহজ এৰিব, হাল-কোৰ
বাবলৈ এৰিব... আটাই পঢ়ুৱৈ বাবু হৈ ফুৰিব ৷ আমাৰ খেতিয়ক চহা মানুহক কেলৈ পঢ়াশুনাখন
লাগিছে ? সেই কেন্দুগুৰি গাঁৱৰ মাইনৰ নে ফাইনৰ স্কুলখনত পঢ়া ল’ৰাবোৰ দেখিছো নহয় ৷ সিহঁতে
হা-কো বাবলৈ লাজ পোৱা হ’ল ৷ বাৰীচুকৰ কাম এটা নুচুৱে...
বাবুগিৰি কৰি ফালেঙী হৈ ফুৰিছে ৷ সেই কেন্দুগুৰিত মাইনৰ স্কুলখন হোৱাৰপৰা গাঁওখন
তললৈহে গ’ল... ল’ৰাবোৰ গুচিল ৷ আমাৰ গাঁওখনৰো এতিয়া তুমি মূৰটো খাবা ৷ কেলৈ মোৰ
কাষলৈ আহিছা, পইছা... পইছা লাগে ? ... অ’ ল’ৰা-ছোৱালীৰ মূৰ খাবলৈ অমুকাই
পইছা নিদিয়ে” – এই বুলি বুদুৰাম ওফৰ মাৰি আকৌ ভিতৰ সোমাল ৷ শিক্ষাৰ
বিস্তাৰ... পঢ়া-শুনা... স্কুল খোলাৰ বিৰুদ্ধে যে কোনোবাই এনেকুৱা কথা ক’ব পাৰে... বা স্কুল খোলা কথাটো
এউ দৃষ্টিৰে ল’ব পাৰে... সাধনৰ ধাৰণাই নাছিল ৷
সাধনে কি উত্তৰ দিব একো থিৰ কৰিব নোৱাৰি খঙত উক্মুকাবলৈ ধৰিলে ৷ “অ’ বড়া শুনকচোন-শুনকচোন...” বুলি এখোজ আগবাঢ়ি যাওঁতেই পিছফালৰপৰা দ্বিতীয় পণ্ডিতে
চোলাত ধৰি ক’লে, “ককাইদেউ, এইবোৰ অভঁজা, অবুজন মানুহৰে কথা নপতাই ভাল ৷
বুদুৰামে টকা নিদিলেও আমাৰ স্কুল হ’ব... ব’লক... ব’লক... ৷”
লগৰীয়া বাকীবোৰেও খঙত ক’লে, “ককাইদেউ ব’লক ব’লক... যখটোৰে কি কথা চুপতি কৰিব লাগিছে... সিবাৰ নামঘৰলৈ বুলি
টকা খুজিবলৈ আহোঁতে ... বেলাটো পেৰোতে পেৰোতে কোনো মতে পইছা চাৰি অনা দিলে... তাকো
গাঁওবুঢ়াই বুকুলৈ দলি মাৰি থৈ গ’ল ৷ জানিছিলোৱেই...
পিছে পণ্ডিত ককাইদেউক দেখি দিয়েইবা বুলিহে আহিছিলোঁ ৷”
আন এজনে ক’লে, “ পইচা
দিয়ক নিদিয়ক... স্কুল পতাৰ বিষয়ে তাৰ ওভোতা কথাষাৰহে শুনি মনটো টহ্টহাই আছে ৷” সাধনে আলিবাটৰ পিনে মুখ কৰি
খোজ দি ক’লে, “এৰা সংসাৰত যিমানেই ভাল কামটো নহওক তাকো বেয়া চকুৰে
চাওঁতা... তাত বিধি-পথালি দিওঁতা অপহুতা অসুৰা আছেই, সেইবোৰ গচকি গচকি আগবাঢ়ি
যোৱাহে কথা ৷”
[বি: দ্ৰ: → জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ একমাত্ৰ উপন্যাস ‘আমাৰ গাঁও’ লেখি সম্পূৰ্ণ কৰিছিল নে নাই জনা নাযায় ৷ আমি উদ্ধাৰ
কৰা অংশখিনিহে ইয়াত সন্নিবিষ্ট কৰা হ’ল ৷ – জ্যোতিপ্ৰসাদ ৰচনাৱলী, দ্বিতীয় সংস্কৰণ; ১৯৮৬ ]
***
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
******************
No comments:
Post a Comment