অনুসন্ধান আকাংক্ষাত

Wednesday, February 6, 2013

আমাৰ গাঁও



আমাৰ গাঁও
[জ্যোতিপ্ৰসাদ আগৰৱালা]
[উপন্যাস]
[ৰচনা : ১৯৫০]

(এক)

          মোৰ সোণৰ গাঁও
          মোৰ সোণৰ গাঁও
                   বৰ ভাল পাওঁ ৷
          আকাশ জুৰি সোণৰ তৰা
          মাটিও সোণতোকে চৰা
          বুকু মৰমেৰে ভৰা
          তোৰ সোণ-হালধীয়া
                   ফুলা সৰিয়হ ডৰা
                    বৰ ভাল পাওঁ ৷

          সেইদিনা দোকমোকালিৰ সোণ ৰদালিৰ জিলিঙনিৰে খেলিমেলি হৈ এই বনগীত সুৰীয়া গীতটোৱে গাঁওখনত এটা কঁপনি তুলিলে ৷ গাঁৱলীয়া বাটটো যদিও সুদা হৈয়ে আছিল, গীতৰ ৰজনজনিয়ে তাৰ শূন্যতালৈ জনসমাগমৰ উম আনিলে ৷ আলিবাটৰ থিৰ বায়ু ভেদ কৰি আগবঢ়া গান আৰু সুৰৰ কঁপনিবোৰৰ পিছে পিছেই আজিল সেই গান-সুৰৰ স্ৰষ্টা, তাক সুকণ্ঠেৰে প্ৰচাৰিত কৰা ধুনীয়া, তেজোদ্দীপ্ত আলসুৱা ভঙ্গীৰে কিন্তু দৃঢ় খোজেৰে অহা এজন ডেকা ৷ নমাটো তেওঁৰ অভিনব বৰুৱা বুলি জনাজাত ৷সোঁৱৰণীৰ নামটো আছিল আন কিবাহে পিছে তেওঁ শিল্পীৰূপে প্ৰকাশিত হবলৈ সেই নামটো নিজে ললে আৰু অভিনব বৰুৱা নামেৰেই প্ৰখ্যাত হল অসমত --- ভাৰততো ৷অসমৰ গাঁও এখনৰ লৰা --- ন-জোন বঢ়াদি বাঢ়ি ভাৰততেই জিলিকি উঠিল --- তাৰ পিছত তেওঁৰ খ্যাতি আকৌ পূৰ্ণিমাৰ জোন টুটাদি টুটি আহিল ৷ অৱশেষত আহিল তেওঁৰ শিল্পীখ্যাতিৰ অমাৱস্যা ৷ গাঁৱলৈ উভতি আহিল --- দেউতাক-মাকৰ ঘৰলৈ --- মানুহে তেওঁৰ আৰ্ট বুজি নাপায় বুলি ৷ সেইহে তেওঁ বোম্বাই, মাদ্ৰাজ, এলাহাবাদ, কলিকতা আদি ডাঙৰ ডাঙৰ চহৰে চহৰে বহু দিন কটাই আকৌ ঘূৰি আহিছে গাঁৱলৈ --- ঘৰলৈ ---- আৰু গাঁৱত থানিকা পাতি ৰৈছেহি এওঁ অভিনব বৰুৱাই ৷
          নিজৰ শিল্পী-প্ৰতিভাৰ ৰাগীত নিজেই মতলীয়া হৈ অভিনব প্ৰায় পাঁচ বছৰ অসমৰ বাহিৰে বাহিৰে ভ্ৰমি ফুৰিছিল ৷ নৃত্যবিশাৰদ আৰু আলেখ্য সুনিপুণ শিল্পী হিচাপে তেওঁ ভাৰতত প্ৰতিষ্ঠা পাই জনপ্ৰিয় শিল্পীৰ সকলো সুখ-সম্ভোগৰ ভাগী হৈ অজস্ৰ টকা উপাৰ্জ্জনৰ সো্ৰতত উটি গৈছিল ৷ তেওঁৰ খ্যাতি আৰু গুণৰ বলত পোৱা উপাৰ্জ্জন চিৰকলীয়া হব বুলিয়েই তেওঁৰ দৃঢ় বিশ্বাস আছিল ৷ কিন্তু এদিন তেওঁৰ শিল্পী-প্ৰতিভাই তেওঁৰ সৃষ্টিক পুৰণি আৰু বৈচিত্ৰ্যহীন কৰি পেলালে ৷ নিতৌ নতুন বিচৰা দৰ্শকে মনৰ ভোকৰ সমল নতুন খোৰাক দিব পাৰোঁতাৰ প্ৰেক্ষাগৃহত সোমালগৈ ৷ অভিনবৰ অভিনবত্বৰ সুদা জোলোঙা লৈ অভিনব বৰুৱা এদিন উভতি আহিল অসমলৈ --- তেজপুৰৰ ওচৰৰে নিজৰ বেলশিৰি গাঁৱৰ ঘৰলৈ ৷ অভিনবৰ ছবি আজি আৰু ভাৰতৰ বৰ বৰ চহৰত কোনেও দাম দি কিনিব নোখোজে --- অভিনবৰ নৃত্যানুষ্ঠানত প্ৰেক্ষাগৃহৰ আসন শূন্য হৈ থাকে ৷ অভিনবৰ খ্যাতি আৰু ভাগ্য বিপৰ্য্যয়ত, গাঁৱলৈ অভিনবক ঘূৰাই আনিলে অভিনবৰ শিল্পীমনৰ অভিমানে ৷ সভ্যতাৰ কোলাহলৰ আঁতৰত --- সেউজী বনৰ মাজৰ অকণমানি গাঁওখনিৰ ফুলা সৰিয়হ ডৰাহে আজি অভিনবৰ কাৰণে পৃথিৱীৰ সবাতো সুন্দৰ ফুলনি ৷ সেইহে চহৰীয়াতকৈয়ো আওচহৰীয়া হোৱা খ্যাতিমন্ত শিল্পী অভিনব আজি আকৌ গাঁৱৰ বুকুত ৷
          এইবাৰ অভিনব গাঁৱৰ বুকুত মূৰ গুজি ভালকৈয়ে সোমাল ৷ গাঁৱলীয়াৰ প্ৰাণৰ স্পন্দনৰ যোগেদি গাঁৱলীয়াৰ কি আশা-আকাঙ্ক্ষাৰ পিয়াহ তাক উপলব্ধি কৰিলে অভিনবে ৷ গাঁৱলীয়াৰ দুখ-বেদনা আৰু অপ্ৰকাশিত হৈ যুগ-যুগান্ত গুমৰি থকা প্ৰাণৰ হাবিয়াসৰ অবৰুদ্ধ গুঞ্জনৰ শব্দ শুনিবলৈ ভালকৈ পালে অভিনবে ৷ এই গাঁৱলীয়া প্ৰাণৰ স্পন্দনৰ যোগেদিয়েই অভিনবে শুনিলে মৰ্ম্মবেদনাৰ ৰুদ্ধ স্বৰ ৷ কৌটিকাল বোকাত সোমাই পোহৰলৈ ওলাই এক সৌন্দৰ্য্যময় জীৱনৰ বিৰাট প্ৰকাশ বিচাৰোতা জনতাৰ বাট বিচৰা কোলাহল আহি অভিনবৰ বুকুত আঘাত কৰিবলৈ ধৰিলে ৷ তাৰ লগে লগে আভিনবে আৱিষ্কাৰ কৰিলে জনতাৰ এক সুপ্ত সৃজনীশক্তি --- সন্ধান পালে এক নতুন পৃথিৱী জন্মাৰ আগ-বাতৰি ৷ কলাক জীৱনৰ আমোদৰ উপকৰণ হিচাপে লোৱা শিল্পী অভিনবৰ মনলৈ আহিল এক অভিনব দৃষ্টি ৷ চিন্তাত হল এক বৈপ্লবিক ভূমিকম্প ৷ অভিনব যথাৰ্থতে হলহি অভিনব --- গাঁৱত ৷অভিনবৰ ভিতৰৰ শিল্পীটোৰ হল এটা ৰূপান্তৰ ৷ ৰূপান্তৰৰ ইপাৰত অভিনবে থিয় হৈ দেখিলে যে অভিনব থিয় হৈ আছে --- দৃশ্যপট আৰু কাঠৰ প্লেটফৰ্ম্মৰে সজা নাট্যশালাৰ ৰঙ্গমঞ্চত ৷ দেখিলে, গোটেই দেশখনেই এটা প্ৰকাণ্ড নাটঘৰ আৰু তাৰ দৰ্শক দেশৰ জনতা ৷ ইমান দিন ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰপৰা আছুতীয়াভাৱে নিজকেই শিল্পী হিচাপে সেইবোৰৰপৰা বেলেগ সংসাৰৰ জীৱ নুলি ভবা অভিনবএ দেখিলে যে শিল্পীৰ চিন্তাই আজি সমস্ত জীৱনকেই সামৰি লব লাগিব ৷ শিল্পীৰ চিন্তা আৰু কৰ্ম্ম-কাৰিকৰি লগাব লাগিব জীৱনত ৷ কেন্‌ভাছত, মাৰ্ব্বলৰ গাত, বীণা, বেণু, ছেতাৰ, পিয়ানত, শৰীৰৰ অঙ্গ-ভঙ্গীৰ লীলায়িত গতিত, স্থাপত্যৰ কলামণ্ডিত প্ৰকাশত আৰু সুকুমাৰ কলাৰ উৎকৰ্ষণ আৰু তাৰ চিৰকলীয়া সেৱক হৈ থকাত ৷ নাইবা তাৰ সৃষ্টি বিলাসত ৰাগীত ভোল-গৈ থাকি মাথোন তাতেই বা তাৰ গণ্ডীতেই আবদ্ধ নিজকে নাৰাখি--- শিল্পীয়ে আজি নিজৰ প্ৰতিভা প্ৰয়োগ কৰিব লাগিব সাধাৰণ মানুহটোক সেই কতকাল জীৱনৰ সৌন্দৰ্য্য আৰু আনন্দৰপৰা বঞ্চিত হৈ থকা সাধাৰণ মানুহটোৰ জীৱন সৌন্দৰ্য্যমণ্ডিত কৰি তাক আনন্দ দিয়াত ৷ এই মানুহটো এটা নহয় --- দুটা নহয়, কোটি কোটি ৷ আণুবীক্ষণিক সংখ্যালঘিষ্ঠ নহয় --- সি সংখ্যাগৰিষ্ঠ ৷ সি দেশ জুৰি, মহাদেশ জুৰি, পৃথিৱী জুৰি আন্ধাৰত লীন হৈ আছে ৷ সেই আন্ধাৰৰ অন্তৰালত তাৰ চকুলোৰ কিমান নৈ উপনৈ বৈ গৈছে তাক সভ্যতাৰ পৰ্ব্বতৰ ওপৰত উঠি ৰদ-মলয়াত আৰাম কৰি থকাই কব নোৱাৰে ৷ কিন্তু কব পাৰে শিল্পীয়ে --- সি যেতিয়া সেই আন্ধাৰ তলীলৈ নামি আহি তাৰ আচল শিল্পীৰ সত্তা সি কেনেবাকৈ উপলব্ধি কৰিনতুন হৈ আপোনাৰ ভিতৰতে জন্ম পাই --- সেই নৱজন্মৰ ফলত পোৱা চকুযুৰিৰে আন্ধাৰৰ মাজেদি চায় --- তেতিয়া দেখে আন্ধাৰৰ মাজত চলি থকা পৃথিৱীৰ বুৰঞ্জী ৷ সেই বুৰঞ্জীৰ পাঠ ভয়াবহ ৷ সেই বুৰঞ্জী পঢ়িলে শিল্পীৰ অভ্যন্তৰত হয় মহা ভূমিকম্প প্ৰচণ্ড ভাবৰ আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈ শিল্পীৰ অন্তৰৰ মাটি তল-ওপৰ হৈ এক বিৰাট পৰিবৰ্ত্তন হৈ যায় ৷ কিন্তু অভিনবতো গাঁৱৰেই লৰা ৷ গোটেই সৰুকালটো আছিল গাঁৱৰ বোকা-পানী খচিয়েই ৷ গাঁৱলীয়া পুখুৰীৰ মাছ-পুঠি, কচু-ঢেঁকীয়াৰেই প্ৰতিপালিত হৈ চিৰা, পিঠা, সান্দহ, পিঠাগুৰি খায়েই ডাঙৰ-দীঘল হৈ --- গাঁৱলীয়া জীৱনৰ সোঁ-মাজত থাকি --- বছৰৰ পিছত বছৰ গাঁৱলীয়া জীৱনৰ সুখ, দুখ, বেদনা সকলোৰে মাজতে থাকিও অভিনবৰ আজিৰ দৃষ্টি আগতে আনিছিল কিয় ? অভিনবে ঘৰতে বহি ভাৱে, আগতে এই চকুৰে জীৱন দেখা নাছিল কিয় ? এই নতুন চকুযোৰ পালে কৰপৰা --- শিল্পী-জীৱনৰ এটা অধ্যায় শেষ হোৱাৰ পিছত ৷মনৰ ভিতৰৰপৰা যেন অভিনবক কলে, সংস্কৃতি, সংস্কৃতি --- প্ৰগতি --- প্ৰগতিয়ে ৷ মনৱ প্ৰগতিক ভৱিষ্যতলৈ আগবঢ়াই নিওতা সংস্কৃতিয়ে অভিনবক দিলে নতুন চকু এযোৰ ৷ আৰু ইয়েই অভিনবক কৰিলে স্বৰূপতে অভিনব ৷ সেইবাবে মহানগৰীয়া বিলাসিতাত উটি-বুৰি ফুৰি, গাঁৱৰ ঘৰলৈ ওভতা শিল্পীৰ মুখত ওলাইছে গাঁৱৰ নতুন গান ---
          মোৰ সোণৰ গাঁও
          মোৰ সোণৰ গাঁও
                   বৰ ভা.......

বোলোতেই হঠাৎ অভিনব থমক খাই ৰল ৷ অলপ দূৰত হঠাতে গাঁৱৰে পঢ়াশালিৰ পণ্ডিতৰ জীয়েক আটক-ধুনীয়া বনজোনাকীক দেখি ৷বনজোনাকী বনৰেই জোনাকী নহয় --- তাই গাঁওখনৰেই জোনাকী ৷ তাই তাইৰ ৰূপেৰে গাঁওখন পোহৰাই থৈছিল ৷ বয়স তাইৰ এতিয়া দহ বছৰ পাৰ হৈ এঘাৰত সোমাইছে ৷ তাই হাতত কৰিয়া এটা লৈ আহিছে ৷ আপোনমনে গীত গাই অহা অভিনবে তাইক ইমান পুৱাই দেখি আচৰিত নহৈ নোৱাৰিলে ৷ তাই ওচৰ পালত অভিনবে হাঁহি মাৰি সুধিলে, জোন--- ইমান পুৱাই কলৈ যাৱ ?   
          পিতাইৰ জ্বৰ নহয় --- সৌ গাঁওবুঢ়াৰ ঘৰৰপৰা গাখীৰ এটোপা আনোগৈ ৷
          কেলৈ, তহঁতৰ দেখোন গাখীৰতী গৰু কেবাজনীও আছিল ?
          বনজোনাকীয়ে কথা নাই বতৰা নাই হঠাতে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে ৷অভিনবে কন্দাৰ কাৰণ একো বুজিব নোৱাৰি সুধিলে, জোন, কথাটো সোধোতেই দেখোন কান্দিলি ... কিয় ?
          তাই চকু মোহাৰি কান্দোন ৰাখিবলৈ চেষ্টা কৰি কলে, এনেয়ে ৷
          অভিনবে আৰু আচৰিত হৈ সুধিলে, এনেয়ে ? জোন মোক কিবা কথাত বেয়া পালি ?
          নহয় ককাইদেউ ... আমাৰ সেই নোদোকা গৰু-পোৱালিটো তুমি যে দেখিছিলা--- মই যে দুবৰি ঘাঁহ খুৱাওঁ এই বুলি তাই আকৌ হুক্‌ হুক্‌কৈ কান্দি পেলালে ৷
          অভিনব কি হল গৰু-পোৱালিটো ? মৰিল নেকি ?
          জোন [কান্দি কান্দি] কেঞাই নিলে ৷
          অভিনব কেঞাই নিলে ! কিয় ?
          জোন ক্ৰোক কৰি ৷
          অভিনব কেলেই ?
          জোন ককাইদেউক কলেজত পঢ়াবলৈ পিতায়ে কেঞা-গোলাৰপৰা যে টকা আনিছিলসেই গুণে ৷
          অভিনবৰ ধুনীয়া মুখখনৰপৰা শিল্পীৰ হাঁহিটো তৎক্ষণাৎ আঁতৰি গল ৷গহীন হৈ বনজোনাকীক কলে, বাৰু যা জোন ৷
          এইবুলি অভিনবে খোজ ললে ৷গাঁৱৰ ফুলা সৰিয়হ ডৰাৰ সোণ হালধীয়া বৰণৰ সৌন্দৰ্য্যত নাদুৰি ফুৰা অভিনবৰ মনটো জোনৰ কথাত গলগতা খাই... গাঁৱৰ বাস্তৱত যত মানুহ ফুলাত বিপৰ্য্যয় ঘটিছে... তাত... তাৰ চাকনৈয়াত পৰি পাকঘূৰণী খাবলৈ ধৰিলে ৷ ভাবৰ কোবত অভিনবে কোনখিনিৰপৰা কোনখিনি পালেগৈ কব নোৱাৰিলে ৷ ফুলা সৰিয়হ ডৰা কিন্তু মনত পৰে বাৰে বাৰে ৷ পিছে হলে এইবাৰ ফুলা সৰিয়হ ডৰাৰ সৌন্দৰ্য্যৰ ভাগৰপৰা অভিনবৰ মনটো গল সৰিয়হৰ গুটি হৈ.... কেঞাৰ গোলালৈ যাব ৷ তেল হব ৷ মানুহৰ আহাৰ ৷ মানুহ জীবলৈ, ফুলিবলৈ ই fat হিচাপে আৱশ্যকীয় বস্তু ৷ কোনোৱে অতি আৱশ্যকীয়খিনিকো সৰহকৈ পাব... কোনোৱে অতি আৱশ্যকীয়খিনিকো যোগাই লব নোৱাৰিব ৷ তাৰ গুটিৰ তেলৰপৰা ৷ সৰিয়হ আহি হয়তো পথাৰতে নিবহি আগধন দি থোৱা কেঞাই ৷ আৰু হয়তো সৰিয়হ সিঁচোতা খেতিয়কৰ কেঞা-গোলাত বঢ়া চক্ৰবৃদ্ধি হাৰৰ সুদে সৰিয়হৰ বাকীখিনিও গিলি থব ৷ সৰিয়হ বওঁতাই হয়তো সেই সৰিয়হৰে তেলকণকো কিনিবলৈ হাবাথুৰি খাই ফুৰিব লাগিব ৷ শিল্পীৰ মনটোৱে স্বাভাৱিকতে সহজভাৱে সোধে... কিয় এনে হয় ? কিয় ? ফুলা সৰিয়হ ডৰা যেনেকৈ সকলোৱে সমানে ভাবলৈ পায় .... সকলোৱে যেনেকৈ সৰিয়হ ডৰাই দিয়া সৌন্দৰ্য্যৰ খোৰাক পায়.... সেইদৰে তেনে তাৰ ৰূপান্তৰৰ পৰিণতিৰ বস্তুটোত সকলোৱে পোৱাত ইমান আঁৰ লাগে কিয় ? কত কিহত জেঙা আছে ? এইবাৰ সৰিয়হ ফুল      ডৰালৈ চাই ভাবৰ খুন্দা খুন্দলি খাই সঁচাকৈয়ে অভিনবে সৰিয়হ ফুল দেখা হল ৷ অভিনবে কেতিয়া আহিনো নিজৰে পদূলিমূৰ পালেহি কব নোৱাৰিলে ৷ পদূলিমূৰৰ বকুল জোপাৰ তলসৰা ফুলবোৰ তীব্ৰ গোন্ধত অভিনব সাৰ পোৱা যেন হল ৷ অৰ্থনৈতিক বাস্তৱত পাক-ঘূৰণি খাই ফুৰা মনটোক আকৌ বকুলৰ গোন্ধে... শিল্পীৰ কোঠালিলৈ আনি দিলে ৷ হঠাতে ঘৰৰ আগ পাই আঁকি থোৱা ছবি এখন শেষ কৰাৰ কথাটো মনত পৰিল ৷ পদূলি সোমাই নিজৰ কোঠালিলৈ গৈ মূঢ়াত বহোতেই বেতৰ ঘূৰণীয়া মেজ এখনত ভনীয়েকে এখন কাঁহীত ভজা চিৰা আৰু পিঠা কেটামান আৰু বান-বাটিৰে তপত গাখীৰ এবাটি দি ককাইদেউ আজি ফুৰোতে বেলি কৰিলা... জলপান খোৱাঁ বুলি থিতাতে নাইকিয়া হল ৷ অভিনবৰ ভোক ভালকৈয়ে লাগিছিল ৷ এটা এটা চিৰা চিকুটি চিকুটি আনি আনমনা হৈ চোবাবলৈ ধৰি... কোঠালিটোৰ চাৰিফালে চকু ফুৰাবলৈ ধৰিলে ৷ অভিনবৰ চকুৰ পোনে পোনেই আছিল, আৱিনবে আঁৰি থোৱা এজন বিখ্যাত আমেৰিকান শিল্পীৰ দ্বিতীয় মহাসমৰৰ কথাৰে ছবি ৷ অভিনবে ছবিখন বোম্বাইৰপৰা আহিবৰ সময়ত আটোমটোকাৰিকৈ লৈ আহি... সদায় বহিলে চকুত পৰাতে আঁৰি থৈছিল ৷ছবিখনত আছিল হেজাৰ হেজাৰ সৈন্যৰ মৰা-শ ... তাৰ ওপৰেদি চলি গৈছে টেঙ্ক, বৰটোপৰ গাড়ী ... আধা বলিয়া মুক্ত বেয়নেটৰে তেজৰে ৰাঙলী হোৱা যুঁজাৰু পদাতিক ... চাৰিওফালে জুই-ধোঁৱাৰ খেলি-মেলি বোমা পৰি বিস্ফোৰণ হব লাগিছে.... ওপৰত শগুণৰ দৰে এৰোপ্লেন.... বোমাৰু ফাইটাৰ ... দূৰত ওখ ওখ অট্টালিকাৰ চহৰত জুই লাগিছে ৷ এটা পৈশাচিক দৃশ্য ৷ ছবিখনলৈ চাই ভাবিলে... তেন্তে মানুহৰ সভ্যতাৰ পৰিণতি গৈ ধ্বংসত ! পৃথিৱী-স্ৰষ্টা হৈ জন্মা মানুহটোৱে ... আনন্দ আৰু শান্তিৰ কাৰণে চিৰ বিয়াকুল হৈ ফুৰা মানুহটোৱে... শেষত কিয় এইদৰে পৈশাচিক ভাও দিয়ে ? অভিনবৰ মনত যুঁজ-বাগৰৰ কথাই ভুমুকিয়াবলৈ ধৰিলে... তাৰ লগে লগে মাজে মাজে চেৰেং চেৰেংকৈ মনত পৰেহি পুৱা দেখা জোনাকীৰ মুখখন ... তেই কান্দি কান্দি কোৱা কথাষাৰ... বগা গৰু-পোৱালি... কেঞাই ক্ৰোকত নিয়া সিহঁতৰ গৰুৰ কথা... আকৌ মনলৈ ভাহি আহে ফুলা সৰিয়হ.... হালধীয়া... ধুনীয়া... মন জুৰোৱা... মনলৈ আহে বস্তাই বস্তাই কেঞাৰ গুদামত দম খোৱা সেই ফুলা সৰিয়হৰ গুটিবোৰলৈ ৷ এইদৰে কক্‌বকাই আছিল অভিনব... এনেতে ভনীয়েকে মাতিলত চক খাই উঠিল ৷ ভনীয়েকে কলে, ককাইদেউ... মোৰ গোঁসাই... বেলি দুপৰীয়া হলহি... পুৱাৰেপৰা জলপান কেটাকে খাই শেষ কৰা নাই ৷ ককাইদেউ, কি ভাবি তল গৈ আছা ? ভাত খাবৰ হলহি নহয়, ককাইদেউ !
          অভিনবে একো নামাতি সপোনত উটি যোৱা মনুহটোৰ দৰে ওচৰৰ কোঠাটোৰপৰা গামোচা আৰু চুৰিয়াখন লৈ ওচৰৰে নৈ-ঘাটলৈ খোজ ললে ৷ ভনীয়েকে কাঁহী-বাটিবোৰ বুটলি ওলাই গল ৷ বান বাটিটোলৈ চাই দেখে, বাটিৰ গাখীৰ এসোহাকে মৰা নাই ৷
          অভিনব গৈ পুখুৰীপাৰত বহিল ৷ দুপৰীয়া পুখুৰীৰ পানীখিনি থিৰ হৈ আছিল দাপোণৰ দৰে ৷ পাৰত বহি অভিনবে নিজৰ মুখখনৰ প্ৰতিবিম্ব দেখি চক খাই উঠিল ৷আগৰ মুখখনৰ কোমলতা নাইকীয়া হৈ কিবা বৰ গোমোঠা যেন দেখা হল ৷ অভিনবে নিজৰ মুখৰ পৰিবৰ্ত্তনলৈ ৰ লাগি চাই থাকিল... সপোনত থকাৰ দৰে থাকোতে... নিজৰ মুখৰ ওপৰতেই আকৌ হঠাৎ প্ৰতিফলিত হৈ উঠিল সেই দ্বিতীয় মহাসমৰৰ পৈশাচিক ছবিখন ৷ বাৰে বাৰে মানুহৰ এনে মতিগতি কিয় হয় ... কিয় হয়.... বুলি প্ৰশ্নবোৰে অভিনবৰ মনটো জুমুৰি দি ধৰি... উশাহ নিৰোধ কৰাৰ দৰে কৰিলে ৷ কিয় ? কিয় ? মানুহৰ এই প্ৰবৃত্তিৰ গুৰি কত ? মানুহেতো কোনেও যুদ্ধ ভাল নাপায়... কোনেও ধ্বংস নিবিচাৰে... তেন্তে কিয় এনে হয় ? অভিনবৰ মনলৈ সৰুৰেপৰা পঢ়ি থকা হঠাৎ গীতাৰ শ্লোক কেটামান বিজুলী মৰাদি আহিল....

          অৰ্জ্জুন উবাচ :
          অথ কেন প্ৰযুক্তোহয়ং পাপং চৰতি পুৰুষ: ৷
          অনিচ্ছন্নপি বাৰ্ষ্ণেয় বলাদিব নিয়োজিত: ৷৷

          শ্ৰীভগবানুবাচ:
          কাম এষ ক্ৰোধ এষ ৰজোগুণসমুদ্ভব: ৷
          মহাশনো মহাপাপ্না বিদ্ধ্যেনমিহ বৈৰিণম্‌ ৷৷

          অভিনবৰ মনটো বৰ মুকলি লাগিল ৷ জটিল শব্দ এটাৰ অৰ্থ নাপাই.. পিছত অভিধান চাই তাৰ সম্যক্‌ অৰ্থ পালে মনটো যেনেকৈ ভাল লাগি যায় সেইদৰে অভিনবৰ মনটো ভাল লাগিলত পুখুৰীত সাঁতুৰি নাদুৰি উঠি ঘৰ সোমালগৈ ৷
          দুপৰীয়া ভাত খাই চিলমিলকৈ শুইছিলহে ৷ এটা বোমা বৰটোপৰ ভয়ঙ্কৰ সপোনে দুপৰীয়াৰ টোপনিকণো চূৰমাৰ কৰি দিলেহি ৷ অভিনবে চকু দুটা মেলি চাই ঠিক সমুখৰ দেৱালৰ সেই দ্বিতীয় মহাসমৰৰ ছবিখনকেই দেখিলে ; আৰু মনৰ আকাশত চিলনী বনোৱাদি বনাবলৈ ধৰিলে গীতাৰ শব্দকেটা- কাম   এষ... ক্ৰোধ   এষ ... কাম   এষ... ক্ৰোধ   এষ ৷ অভিনবে ভাবত পাকঘূৰণি খাই গাৰুতে আঁউজি বহিল ৷ ওচৰতে চিগাৰেটৰ পেকেটৰপৰা চিগাৰেট এটা উলিয়াই হুপিবলৈ ধৰিলে ৷ ছায়াছবিৰ দৰে পৃথিৱীৰ বুৰঞ্জীৰ যুঁজবোৰ ... আলেক্‌জেণ্ডাৰ, টাইমুৰ, টোগলক, চেংগিজখানৰ অভিযানবোৰ... হুণ, শক, মোগল, পাঠান, ইংৰাজ, ফৰাচী এই জাতিবোৰৰ আনৰ দেশ ভোগ-দশল লৰাৰ আক্ৰমণ... যুঁজ-বাগৰ, অত্যাচাৰ, লুটপাত, শোষন-শাসনৰ ঘটনাবোৰ মনৰ পটত প্ৰতিফলিত হৈ উঠিবলৈ ধৰিলে ৷ তাৰ মাজতে মনত পৰিল ধুনীয়া বনজোনাকীৰ গাখীয়তী গৰু-পোৱালিটোলৈ... সৰু ধুনীয়া ছোৱালীজনীৰ গাখীৰকণৰো মুদা মাৰি.... বেমাৰি বুঢ়া বাপেকৰো মুখৰ গাখীৰ পানীটোপা কাঢ়ি কেঞাই গাখীৰতী গৰুজনী কাঢ়ি নিলে ৷ সিফালে হয়তো কেঞাৰ তেনেকুৱা দুকুৰি তিনিকুৰি গৰু আছেই ৷তাৰ গোলাত চাগৈ গাখিৰৰ নৈয়েই বৈ গৈছে ৷ তেন্তে কিয় বনজোনাকীৰ ধুনীয়া ৰূপৰ যোগান ধৰা গাখীৰকণৰ কেঞাই মুদা মাৰিলে ? তাৰ আছে... তাক লাগে ... আৰু লাগে... আৰু লাগে ৷ আৰু লাগি থকাটো এটা বলিয়ালি ! আৱশ্যক নহলেও.... লোকৰ জীৱন ধাৰণ কৰিবলৈ লগা আৱশ্যকীয়খিনিকো কিয় মানুহে কাঢ়ি নিয়ে... তাৰ অৰ্থ নাপাই অভিনবৰ উক্‌মুকনি লাগিল ৷ হঠাৎ বিছনাৰপৰা উঠি ৰান্ধনিঘৰত সোমালগৈ ৷ ৰান্ধনি-ঘৰত কোনো নাছিল ৷ মলা এটাতে গাখীৰ ঢকা আছীল ৷ মলাটো হাতত তুলি লৈ নিজৰ কোঠালৈ আহিবলৈ ধৰোতে পিছফালৰপৰা ঘৰৰে মেকুৰীটো আহি নেগুৰডাল ঘাত লগাই দিলেহি ৷ অভিনব চক খাই উঠি সাপ বুলি জাঁপ মাৰি দিলে ৷ হাতৰ গাখীৰৰ মলা উফৰি পৰি মজিয়াখন গাখীৰময় হল ৷ অভিনব গৈ নিজৰ কোঠালিত সোমাই গাত খদ্দৰৰ পাঞ্জাবীটো সুমাই ওলাই গৈ পদূলিমূৰ পালেগৈ আৰু আলিবাটৰ ফালে কোব ললে... এনেতে ৰান্ধনি-ঘৰত ভনীয়েকে চিঞৰ-বাখৰ কৰা কাণত পৰিলহি... আই... আই, সৰ্ব্বনাশ হল... মেকুৰীজনীয়ে সোপাই গাখীৰ পেলালে... কটা মৰতী-জহনীত যাতী... অভিনব আলিবাটেদি ঘৰৰপৰা দূৰলৈ আঁতৰি গৈ নুশুনা হল ৷


                                                                                             পিছৰ পৃষ্ঠালৈ

***
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]        
******************


No comments: