অনুসন্ধান আকাংক্ষাত

Monday, January 21, 2013

সোণতৰা (পৃষ্ঠা নং – ৮)



সোণতৰা (পৃষ্ঠা নং ৮)
[জ্যোতিপ্ৰসাদ আগৰৱালা]



(আঠ)

          সেইদিনা বুঢ়াৰ ঘৰত শৰাধ ৷ গাঁৱৰ মানুহ মাতিছে ৷ ওচৰৰ গাঁৱৰে চিনাকি মানুহ মাতিছে ৷ জিলাত থকা সম্বন্ধীয়া মানুহ দুই এঘৰকো মাতিছে ৷ ৰাতি সেইদিনা ভোজ ৷ সোণতৰাই সেইদিনা দিনৰ দিনটো কাম কৰি তত পোৱা নাই ৷
          খাবৰ সময় হৈছে ৷ মানুহবিলাক আহি পাতে পাতে বহিছে ৷ এনেতে দিনৰ দিনটো ওন্দোলাই থকা মেঘে বৰষিবলৈ ধৰিলে ৷ ধাৰাষাৰে বৰষুণ ৷ বৰ বতাহ, ধুমুহা ৷ পাতে পাতে সকলোৱে বহি খাবলৈ ধৰিছে ৷ এনেতে ওচৰতে থিয় ষি থকা বঢ়াক এজনে কলে, কেঁচা জলকীয়া এটা পালে ভাল আছিল ৷
          বুঢ়া বাৰু কোনো কথা নাই ৷ হেৰৌ গোলাপ ! কেঁচা জলকীয়া কেটামান আনিবলৈ কচোন ৷
          গোলাপে ৰান্ধনী-ঘৰলৈ চিঞৰ মাৰি কলে, সোণতৰা ! কেঁচা জলকীয়া কেটামান লৈ আহচোন ৷
          সোণতৰাই কেঁচা জলকীয়া কেটামান হাতত লৈ থিয় হলহি ৷ তাইৰ চকু হঠাৎ এঠাইত পৰিল ৷ তাই চক খাই উঠিল ৷ জীৱনত এনেকৈ তাই চক খোৱা নাই ৷ তাৰ লগে লগে আৰু কেজনমান মানুহেও চক খালে ৷ এজনে ভাতৰ গৰাহ এৰি উঠি কলে, ইস্‌ ইস্‌ ৷ এইজনী আমাৰ গাঁৱৰ হলিৰামৰ ছোৱালী নহয়নে ? তাইৰ বদনামত গাঁৱৰ মানুহ মুখ উলিয়াব নোৱৰা হৈছিল ৷ হয় ৷ ৰাইজে তাইক সমাজৰপৰা খেদি দিছিল ৷ তাই আহি বৰীয়া বামুনী এজনীৰ ভাত খাই জাতিকুল এৰিলে ৷ হৰি হৰি ! তাই পানীদুনি সোপাকে চুইছে নহয় ৷ ৰাম ৰাম... হৰি হৰি !




                                                                                      পিছৰ পৃষ্ঠা ....
                                                                     
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]         (পৃষ্ঠা নং- ,, , , , , , , )

No comments: