অনুসন্ধান আকাংক্ষাত

Monday, January 21, 2013

সোণতৰা (পৃষ্ঠা নং – ৯)


সোণতৰা (পৃষ্ঠা নং ৯)
[জ্যোতিপ্ৰসাদ আগৰৱালা]


(ন)





          কি বৰষুণ ! মাজে মাজে বিজুলীৰ চমকত চকু চাট মাৰি ধৰিছে ৷ একো একো বতাহৰ ছাটিত ঘৰবাৰী উৰুৱাই নিব খুজিছে ৷ ধুমুহাৰ একোটা গগনভেদী চিঞৰত বুকু কঁপি উঠিছে ৷ সোণতৰাই দহ হাতমান আগে আগে কাপোৰ-কানি জপ্টিয়াই লৈ লৰি গৈছে .... পাছে পাছে গোলাপো উধাতু খাই লৰিছে ৷ বিজুলী পোহৰত আগৰ লুইতৰ বহল ফেনে-ফোটোকাৰে উপচি অহা মূৰ্ত্তিয়ে খাওঁ খাওঁ কৰিব লাগিছে ৷ সোণতৰাই তাইৰ কলঙ্কিত দেহা লুইতকে দি কলঙ্ক মোচন কৰিবলৈ বিয়াকুল হৈ লৰ ধৰিছে আৰু গোলাপে তাৰ ভৱিষ্যত জীৱনৰ সোণালী সপোনৰ কেন্দ্ৰটি ধ্বংসৰপৰা ৰাখি তাৰ ভৱিষ্যত জীৱন গঢ়িবলৈ উধাতু খাই লৰি গৈছে ৷

          ধৰে ধৰে... ধৰে ৷ নাই.... নাই ... নোৱাৰিলে ৷ ৰিহাৰ আঁচলটো আঙুলিত লাগিও এৰাই গল ৷ লুইতৰ বুকুত তাই জাঁপ দিলেগৈ ৷ চকু পচাৰতে গোলাপেও তাইৰ পাছতে জাঁপ দি তাইক গবা মাৰি ধৰিলেগৈ ৷ নৈৰ কোবাল সোঁতে দুয়োকে উটুৱাই লৈ গুচি গল ৷ প্ৰাণেপণে গোলাপে তাইক গবা মাৰি সাঁতুৰিবলৈ ধৰিলে ৷ সোঁতেও উটাই নিবলৈ ধৰিলে ৷ দুয়ো গৈ নৈৰ মাজুলীত উঠিলগৈ ৷ মৰণ-জীৱনৰ কি দুৰ্ঘোৰ যুদ্ধ !

          বতাহ-বৰষুণো এৰিলে ৷ লুইত আকৌ শান্ত মূৰ্ত্তিৰে বাগৰি গল ৷ দুয়ো ভাগৰত বহুত পৰ মনে মনে বহি থাকিল ৷ বহুত পৰৰ মূৰত সোণতৰাই মূৰ দাঙিলে ৷ অলপ অলপ পোহৰ হৈছিল ৷ তথাপি আন্ধাৰ ৷ সোণতৰাই গোলাপৰ সেই আকুল আগ্ৰহ সনা মুখখনিলৈ চাই কলে, মোক কিয় জীয়ালে ? সকলোৱে মোক এৰিলে ৷ আই-বোপায়ে, সমাজে.....

          গোলাপ - সকলোৱে এৰক, মই নেৰোঁ ৷ সোণতৰা ! তই মৰিছিলি ৷ আগৰ সোণতৰা মৰিল ৷ মই তোক জীয়ালোঁ ৷ সোণতৰা ! এতিয়া আৰু তই তেনে কথা কৱ কিয় ? মই বৰ দুখ পাওঁ ৷

          সোণতৰা - মোকতো সংসাৰত কোনেও ঠাই নিদিয়ে ! মোৰ ....

          গোলাপ নেলাগে দিব, মই দিম সোণতৰা ! তোৰ কাৰণে মই সকলো এৰিম ৷ সোণতৰা ! তোৰ লগতে মই সমাজৰপৰা ওলাই আহিলোঁ ৷ তয়েই মোৰ সমাজ হবি ৷ আই-বোপাই, ভাই-বন্ধু সকলো হবি ৷ মই তোৰ নহমনে ?

          সোণতৰাৰ মুখখনত এটি নতুন আনন্দ বিৰিঙি উঠিল ৷ তাই তাইৰ আগৰ কথা পাহৰি গল ৷ চকুৱেদি এটুপি আনন্দৰ অশ্ৰু বাগৰিল ৷ গোলাপৰ চকুৱেদিও এটুপি লো বাগৰি আহিল ৷ দুখৰ নে আনন্দৰ ? নহয়, নহয় ... আশাৰ ! সঁচাকৈয়ে সুন্দৰ ৰূপত সি আশাৰ !  সোণতৰাৰ ফালে সি থৰ লাগি চাই ৰল ৷ তাই তলমূৰ কৰিলে ৷ বেলিটিয়েও লাহেকৈ উদয়গিৰিৰ পাছলৈ আহি আন্ধাৰক বিদায় দি শিয়ৰি ফুলি উঠা পোহৰৰ শতশত দলবোৰ প্ৰজাতিৰ শুভ আশীৰ্ব্বাদৰ নিৰ্ম্মালিৰ দৰে দয়োৰে মূৰত উপচি পৰিলহি ৷



(সমাপ্ত)


[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]    (পৃষ্ঠা নং- ,, , , , , , , )


*****

          

No comments: