অনুসন্ধান আকাংক্ষাত

Tuesday, January 29, 2013

প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি



প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি
[জ্যোতিপ্ৰসাদ আগৰৱালা]

শিলাকুটি

(এক)

          ই শিলডুখৰি কোনে কাটিছিল,
                             কাৰনো হাতৰ ই পুৰণি চিন ?
          সঁচাকৈয়ে কোনেনো এইদৰে বাৰু নিমজকৈ কাটিছিল ? লাহে লাহে আকৌ এবাৰ হাত ফুৰাই চালোঁ ৷ কত যুগ ই ৰদ-বৰষুণত পৰি আছে, তথাপিও ইমান নিমজ হৈ আছে ৷ ইয়াৰ মূৰ্ত্তিবোৰ যেন এটা এটা সৰু পুতলাহে ৷ শিলডোখৰৰ চাৰিফালে আকৌ এবাৰ ঘূৰি চালোঁ ৷ মূৰ্ত্তিবোৰ পঁচিছ বিধৰ নৃত্য-ভঙ্গীত কটা ৷ কিছুমানে হাতত ঢোল, পেঁপা,, কৰতাল লৈ বজাইছে আৰু এজনী তিৰোতাই বিবিধ ভঙ্গীত নাচিছে ৷ পুৰণি নৃত্য-কলাৰ চানেকি দেখি মনটো বৰ ভাল লাগিল ৷ কাকতত টুকি ললোঁ ৷
          এটা ডাঙৰ পুখুৰী ৷ পদুম ফুলবোৰ পুখুৰীত ফুলি আছিল ৷ পাৰকেইটা ওখ-চাপৰ ৷  সিফালে চৰকাৰী বাট ৷ পাৰৰ কোমল ঘাঁহবোৰৰ ওপৰত এই শিলবোৰ পৰি আছে ৷ অৱশ্যে শিলৰ তলৰ ঘাঁহবোৰ বোধকৰোঁ মৰি নাইকীয়া হল ৷
          আজিকালি মই এজন বৰ ডাঙৰ প্ৰত্নতাত্ত্বিক বুলি জনাজাত ৷ মইতো নিজে জানোৱেই আৰু দহেও জানে ৷ কাকতে-পত্ৰই মোৰ নাম ৰৈ বৈ গৈছে ৷ পিছে  কামৰ ভিতৰত মই পুৰণি বস্তু এটা দেখি তাৰ সবিশেষ বৰ্ণনা দিয়াত বাজে হলে আন একো কৰিব পৰা নাই ৷ তথাপিও মই ৰাইজৰ আগলৈ এই বৰ্ণনাৰ শৰাই আগবঢ়োৱাত এইফেৰা প্ৰতিষ্ঠা লাভ কৰি নিজকে এজন বৰ ডাঙৰ খাঁটি প্ৰত্নতাত্ত্বিক বুলি ধৰি লোৱাত কোনোবাই মোক গালি পাৰিব জানো ?
          মই সেই শিলডুখৰিতে আঁউজি বহিলোঁ ৷ ভাবিবলৈ ধৰিলোঁ কোনে, কেতিয়া আৰু কত এই শিল কাটিছিল ? কোন মন্দিৰতনো এই শিলডোখৰ খটাইছিল ? নে ই কোনোবা কুঁৱৰীৰ অন্তেষপুৰৰেই নে পিৰালিৰেই ? কোনোবা ৰাজসভাৰ স্তম্ভৰ তলৰেইনে ? কোনোবা মন্দিৰৰ খটখটিৰেই নে মজিয়াৰেই ? কাৰিকৰেইবা কৰ ? সি বা কেনে ?
          বেছ ফুৰফুৰকৈ বা বলি আছিল ৷ তাতে দুপৰীয়া গছৰ ছাঁ পৰি আছে ৷ মগজুৰ বৰকৈ খাটনি হোৱাত দেহা লাহে লাহে বননিৰ ওপৰত দীঘল দি পৰিল ৷

*

          মই আমাৰ চহৰৰ ওচৰৰ ওখ পৰ্ব্বত এটাত উঠিলোঁগৈ ৷ তাতো বহুত শিল পৰি আছিল ৷ তলত দেখিলোঁ এখন বৰ ডাঙৰ গাঁও ৷ সন্ধিয়া হৈছে ৷ গাঁওখনৰ পৰা ধোঁৱাবোৰ ওলাই আকাশ ছাটি ধৰিছে ৷ তাৰ পিছত ঠুক্‌ ঠুক্‌ ঠাক্‌ ঠাক্‌কৈ শব্দ শুনিলোঁ ৷ ধোঁৱা ওলাইছে যেতিয়া আৰু এইবোৰ শব্দ হৈছে যেতিয়া, নিশ্চয় গাঁৱত জুই লাগিছে !... হায় ! হায় ! তাৰ সাঁচিপতীয়া পুথিবোৰ চাগৈ তেনেই ধ্বংস হল ! আৰু কত ৰব পাৰোঁ ? এইবোৰৰ উদ্ধাৰকল্পে তৎক্ষণাৎ তললৈ জাঁপ..... একেবাৰে পৰ্ব্বতৰ ওপৰৰপৰা তলিৰ গাঁৱলৈ ৷

(দুই)

          মোৰ মূৰ্চ্ছা ভাগিল ৷ কিন্তু তেতিয়াও ভালকৈ মনটো থিৰ হোৱা নাই ৷ বহি আছোঁ ৷ এখন সৰু চালপীৰা ৷ তাত মাত্ৰ এখন কঠ পাৰি দিছে ৷ শিতানত এটা গিলিপ নোহোৱা তেলচিকটি লগা গাৰু ৷ ওচৰতে এটা ডেকা লৰা ৷ ফটা লেতেৰা চুৰিয়া এখন পিন্ধি মোৰ ওচৰত থিয় দি আছে ৷ তাৰ হাতত এটা বটালি ৷ মূৰত এখন পানী-গামোচা মৰা ৷ সি মোক সুধিলে, কিবা খাবানে ? মই মূৰ জোঁকাৰি সন্মতি জনালোঁ ৷ সি ওলাই গল ৷ মই তেতিয়া ঘৰটোৰ চাৰিওফালে চাবলৈ লাগিলোঁ ৷ সৰু-ডাঙৰ শিলেৰে ঘৰটো ভৰা ৷ মাজে মাজে দুই-চাৰিডোখৰ বৰ ডাঙৰ শিলো ৷ তাৰ মাজে মাজে কিছুমান ৰঙা-নীলা শিলগুটি ৷ আৰু তাৰ মাজত হাতুৰি, বটালি, এনেবিধৰ আন কিছুমান লোহাৰ যন্ত্ৰ-পাতি ৷ কি ! মই এইবোৰ কৰ মাজত পৰিলোঁহি ? এঁ !...... ভাবি-গুণি বহি আছোঁ ; এনেতে সি আহিল ৷ হাতত এটা বাটি ৷ তাত কেইডোখৰমান পকা অমিতা আৰু আখৈ ৷ মোৰ আগত থৈ মোক খাবলৈ কৈ আকৌ ওলাই গল ৷ মই কিন্তু নেখাই ভাবি-গুণি বহি থাকিলোঁ ৷ সি আকৌ আহিল ৷ এইবাৰ কিন্তু হাতত দুটা বাটি ৷ এটা বাটিত গাখীৰ... ধোঁৱা ওলাই আছিল ৷ তেতিয়াই তপতাই আনিছিল হবপায় ৷ আনটো বাটিত ফট্‌ফটীয়া পানী ৷ সি মোক খাবলৈ আকৌ অনুৰোধ কৰিলে ৷ মই খাবলৈ আৰম্ভ কৰিলোঁ ৷ সি ওচৰতে বহিল ৷
          তুমিনো কেনেকৈ পৰিলা ?
          মোৰ তেতিয়াহে মনত পৰিল যে মই গাঁৱত জুই লগা দেখি নামিবলৈ যাওঁতে এনে অৱস্থা হল ৷ পিছে এইখন গাঁওটো আমাৰ চহৰৰ ওচৰৰ নহয় ৷ পিছে মই থিয়ৈ থিয়ৈ পৰিয়েই ইয়াত ওলালোঁহি কেনেকৈ ? ভাবি চিন্তি একোকে থিৰ কৰিব নোৱাৰিলোঁ ৷ পিছত ঘঁহি-পিটি এই কথাটো থিৰ কৰিলোঁ যে গাঁৱত জুই লগা নাছিল ৷ কিহবাৰ ধোঁৱাইহে মোৰ হাড়কেডাল গুৰি কৰিব ধৰিছিল ৷  হয়, মই ইমান ওপৰৰপৰা পৰিও নমৰি এনেকৈয়ে থাকিলোঁ কিয় জানো ? কেনেবাকৈ পিছল খালোঁ বুলি কৈ খোৱাত মনোযোগ দিলোঁ ৷ মোৰ বৰ ভোক আৰু পিয়াহ লাগিছিল ৷ মই খাই অঁতাই সুধিলোঁ, মই এতিয়ানো কত আছোঁ ?
          সি কলে, কিয়, শিলাকুটীয়া গাঁৱত ৷
          মই- মই শিলাকুটীয়া গাঁৱত নেকি ?
          সি- অঁ আকৌ ৷ বাৰু তুমি বহা দেই, মই গাটো তিয়াই আহোঁ ৷
          এই বুলি সি ওলাই গল ৷ ময়ো লাহে লাহে বিছনাৰপৰা ঘৰটোৰ বাহিৰ ওলালোঁ ৷ দেখিলোঁ তাত বহুত শিল গোট খুৱাই থৈছে ৷এই ঘৰটোৰ ওচৰত আৰু ঘৰ-বাৰী নাই ৷ কিছু দূৰৈত ঘৰ-বাৰী দেখিলোঁ ৷ তাৰপৰা ঠুক্‌ ঠুক্‌ ঠাক্‌ ঠাক্‌ শব্দ আহি মোৰ কাণত পৰিল ৷ মই বুজিলোঁ.. সঁচাকৈয়ে এইখন শিলাকুটীয়া গাঁও ৷ ভালেই হল ৷ ভালকৈ এপাক চাই আহোঁগৈচোন ৷
          খোজ ললোঁ ৷ তেতিয়া দুপৰীয়া ৰদৰ খাওঁ-খাওঁ মূৰ্ত্তি ৷ মই অৱশ্যে চূৰ্ত্তি নেহেৰুৱাই বেগ দি যাবলৈ ধৰিলোঁ ৷ এফালৰপৰা চাই গলোঁ ৷ গাঁওখন মানুহেৰে ভৰপুৰ ৷এটি মানুহো বহি থকা নেদেখিলোঁ ৷ সকলোৱেই হাতুৰি-বটালি লৈ শিল কটাত ব্যস্ত ৷ মানুহবিলাক বেছ গাঁঠলু ৷ খীণোৱা মানুহ দেখা মোৰ মনত নপৰে ৷ তিৰোতাবিলাক বেছ পুষ্ট ৷ অৱশ্যে সুন্দৰী, অসুন্দৰী, মধ্যমা সুন্দৰী, সকলোৰে সমাবেশ ৷ সিহঁতৰ ৰিহা-মেখেলাবোৰ যদিও বগা আছিল তথাপি দেখোন কিবা ৰঙচুৱা বৰণ ধৰা ৷ বোধকৰোঁ সদায় শিলৰ গুৰি উৰি উৰি পৰি সিহঁতৰ কাপোৰৰ অৱস্থা তেনে কৰিছে ৷ সৰু লৰা-ছোৱালীবোৰকো আন ধেমালি কৰা নেদেখিলোঁ, সিহঁতে শিলকে খুন্দি ভাঙি দলিয়াই ধেমালি কৰি আছে ৷ ঘৰবোৰৰ পিৰালি আটাইবোৰ শিলেৰে বন্ধোৱা ৷ ভিতৰৰ মজিয়া হলে মই দেখাগৈ নাই ৷ কিন্তু বাটবোৰ হলে ধূলিময় ৷ চাই চাই গৈ আছোঁ ৷
          কিছুমান শিলাকুটীক দেখিলোঁ.. ডাঙৰ ডাঙৰ শিল কাটি সৰু কৰিছে, কিছুমানে সৰু সৰু ডোখৰবোৰ ঘঁহি ঘঁহি মিহি কৰিছে , কিছুমানে আকৌ ফুলবছা মূৰ্ত্তি কটাত নিমগ্ন ৷ এই মানুহবিলাক এনে কৰ্ম্মী দেখি মোৰ বৰ ৰং লাগিল ৷ যেনি চাওঁ তেনিয়েই শিলৰহে কাৰবাৰ ৷ কাৰো মুখত কথা নাই, কেৱল কামকেহে কৰিছে ৷ কাৰো মুখত কথা নাই, কেৱল কামকেহে কৰিছে ৷ এনেহে মনে ধৰে যেন এই শিলাকুটী জাতিটোৱেই জগতৰ মাজত একমাত্ৰ কৰ্ম্মী জাতি ৷
          তাৰ পিছত গাঁওখনত কেপাকমান মাৰি উভতিছোঁ ৷ এনেতে এটা ৰজাৰ টেকেলা লগ পালোঁ ৷ সি ঢোল কোবাই চিঞৰি ফুৰিছে- ৰজাৰ পাটমাদৈৰ যি এটা শিলৰ মূৰ্ত্তি নিখুঁতকৈ গঢ়ি দিব পাৰিব তাক ৰজাই এচৰু ৰূপ আৰু এচৰু সোণ বঁটা দি ৰজাঘৰৰ প্ৰধান  শিলকুটীৰ বাব দিব ৷ যদি কেৱে গাত লৈ নোৱাৰে তেন্তে তাৰ মূৰ যাব ৷ সকলো মানুহে উৎসুক হৈ তাৰ বাতৰি শুনিছে ৷ কিছুমানে মনে মনে কিবা পাঙিছে ৷ কিছুমানে নোৱাৰা ভাব দেখুৱাই কামত লাগিছেগৈ ৷
          বেলি হোৱা দেখি মই মোৰ ডেকা বন্ধুৰ ঘৰৰ ফালে বেগ দিলোঁ ৷ তেতিয়া প্ৰায় আবেলি হওঁ হওঁ ৷

(তিনি)

          এই শিলাকুটী ডেকাজনৰ সৈতে মোৰ বৰ মিল হল ৷ মই তাৰ ঘৰতে থাকিবলৈ ললো ৷ সিয়ো মোক বৰ ভাল পোৱা হল ৷ দুয়ো যেন কত দিনৰ চিনাকি, দুয়ো যেন অভেদ অচ্ছেদ ৷ ই নিশ্চয় মোৰ পূৰ্ব্বজন্মৰ প্ৰাণৰ বান্ধৱ ৷সেইগুণেহে এদিন দেখাদেখিয়েই সিজন্মত মৰণে ছিঙি পেলোৱা জৰিডাল আকৌ এডাল হৈ পৰিল ৷ মনৰ মাজত যদিও এই বন্ধুত্বৰ স্মৃতি নজনাকৈ অস্পষ্টভাৱে জাগৰুক হৈ আছিল, সি পাত্ৰৰ অভাৱত ইমান দিন জীপ খাই আছিল ৷ হঠাৎ তাৰ পাত্ৰ পাই সি তৎক্ষণাৎ তালৈ বৈ আহিল... প্ৰাণৰ বান্ধ বুলি লগ লাগিলহি ৷
          সৰু জলঙা এখন কটা আছিল ৷ মই তাৰ ওচৰতে মোৰ চালপীৰাখন পাৰি বহি আছিলোঁ ৷ ওচৰতে শিলাকুটী বান্ধ একেবাৰে নিমগ্ন ৷
          মই সুধিলোঁ বান্ধ হবগৈনে ?
          শিলাকুটী বগৈ যেন লাগিছে বান্ধ !
          মই নহয় বান্ধ ! নেৰো ৷ আজি ইমান দিনৰ সাধনাৰ ইয়াতেই সিদ্ধিৰ ৰিণিকি ৰিণিকি আশা দেখিবলৈ পাইছোঁ ৷ কত ৰাতি খপি, কত দিন অনাহৰে থাকি এই দেৱীক সাধনা কৰি আহিছোঁ, মোৰ সিদ্ধি নহবনে ? মই ৰাজচৰালৈ যাম ৷ বান্ধ ! মই পাৰিম... পাৰিম ৷
          সঁচাকৈয়ে মোৰ এই বান্ধ এজন পাকৈত নিপুণ শিলাকুটী ৷ ইমান তন্ময়তা ! নিশ্চয় সাধনাত সিদ্ধি লাভ হব ৷ বান্ধ মুখলৈ চালোঁ ৷ কি সুন্দৰ ! এনে গহীন, এনে প্ৰতিজ্ঞাবদ্ধ, অটল মূৰ্ত্তিটো মই আগেয়ে দেখা নাই ৷ মই কলোঁ, বান্ধ ! তুমি পাৰিবা ? ... পাৰিম, এই বুলি কৈ মোৰ ফালে চালে ৷ তাৰ পিছত বটালিটো হাতত লৈ ওলাই গল ৷ লৰ মাৰি বাহিৰ ওলাই চালোঁগৈ ৷ দেখিলোঁ বান্ধ মোৰ বহুত দূৰ পালেগৈ ৷ ময়ো পাছ ললো ৷  
          হৰ্জ্জৰবৰ্ম্মণৰ ৰাজসভা ৷ ৰজা সিংহাসনত বহি আছে ৷ সিংহাসনখন দেখোন কিবা একৰকমৰ ৷ চালপীৰাও নহয়, মাচিয়াও নহয়, দুয়োৰে মাজতে ৷ অৱশ্যে ৰজাই তাত বেছ আৰামত ভৰি তুলি বহি আছিল ৷ ওচৰতে চাপৰ তেনে বিধতে আৰু কেজনমান বিষয়া... বোধকৰোঁ পাত্ৰ-মন্ত্ৰী ৷ আৰু মাটিত পাৰি থোৱা আসনত আন বহুতো মানুহ ৷ এইবোৰ বিষয়াই নে আন কোনোবা মানুহ ধৰিব নোৱাৰিলোঁ ৷ পণ্ডিত যেন দুজনমান অৱশ্যে আছিল ; সভাপণ্ডিত হব পায় !
          মোৰ বান্ধক এই সভাত আনি উপস্থিত কৰিছেহি ৷ বেচেৰাই নিৰ্জ্জুভাৱে সোঁতমোচ খাই থিয় দি আছে, কিন্তু বৰ গম্ভীৰভাৱে ৷ তেওঁৰ গাত তেতিয়াও  সেই লেতেৰা চুৰিয়া, মূৰত পানী-গামোচা আৰু এহাতত বটালি এটা ৷ মই মোৰ বান্ধৰ ফালে এবাৰ, ৰজাৰ ফালে এবাৰ আৰু ৰাজসভাৰ নানা কাৰুকাৰ্য্যৰ ফালে এবাৰ চাবলৈ লাগিলোঁ ৷
          ওচৰ পালোঁগৈ ৷ কিন্তু কোনেও মোলৈ চাৱাকে নাই একা ৷ বাৰু নেলাগে চাব ৷ মন দি কাৰুকাৰ্য্যবোৰ চাবলৈ ধৰিলোঁ ৷ শিলৰ খুঁটাবোৰ বিচিত্ৰ ৷ কত ৰকমৰ কত ভঙ্গীৰ যে মূৰ্ত্তি তাত কাটি থৈছে ৷ কিমান যে কৌশলেৰে গঢ়িছে ! কিছুমান আকৌ কাঠৰ খুঁটা, তাত সোণপাত মেৰিয়াই এটা গোটা সোণৰ খুঁটা যেনকৈ থৈছে ৷ ৰজাসিংহাসনখন সোণেৰেই বন্ধাই থৈছে ... যেনিবা এডোখৰ ডাঙৰ সোণৰপৰাহে কাটি উলিয়াইছে ৷ চাৰিফালে নানাবিধ শিল্পকলাৰ প্ৰদৰ্শনী ৷
          ৰজাই সুধিলে- তই সঁচাই পাৰিবিনে ?
          মোৰ শিলাকুটি বান্ধই আঁঠু লৈ কলে, পাৰিম স্বৰ্গদেৱ ঈশ্বৰ !
          ৰজা- নোৱাৰিলে কি হব তাক বুজ পাৱনে ?
          শিলাকুটি পাওঁ স্বৰ্গদেৱ ঈশ্বৰ !
          ৰজাই বাৰু তেন্তে বুলি কৈ মন্ত্ৰীক ইঙ্গিত কৰিলে ৷ সিংহাসনৰ পাছফালে এখন দুৱাৰত এখনি আঁৰ-কাপোৰ তৰি থৈছিল ৷ ছাট কৰে সেইখন আঁতৰি গল ৷ অলপ পৰৰ পিছত আকৌ পৰিল ৷ মোৰ চকু সেইফালে চাই থৰ লাগি ৰল ৷ যেনিবা বিজুলীয়ালেহে ৷ সাক্ষাৎ যেন প্ৰতিমাখনিহে ! সাক্ষাৎ যেন দেৱী-মূৰ্ত্তিহে ! বান্ধৰ ফালে চাই দেখিলোঁ.. তেওঁ সেইফালেই গহীন গম্ভীৰ হৈ চাই আছে ৷
          ৰজাই আকৌ সুধিলে, পাৰিবিনে ?
          শিলাকুটিয়ে স্বৰ্গদেৱ ঈশ্বৰৰ আজ্ঞা হওক মাথোন বুলি তলমূৰ কৰিলে ৷
          ৰজা যা তেন্তে ৷ এপখৰ ভিতৰত মোক এই মূৰ্ত্তি গঢ়ি আনি দে ৷ তাৰ অন্যথা হলে তই ফল ভোগ কৰিবি ৷
          শিলাকুটি স্বৰ্গদেৱ ঈশ্বৰৰ কৃপা ৷
          মই ভাবিলোঁ ই মৰিল ৷ আও ! সেই হেন প্ৰতিমাক ই তাৰ গেধেমা হাতেৰে গঢ়িব পাৰিবনে ! আৰু এটা কথা মোৰ মনত খেলালে... এই ৰজাইনো তেওঁৰ পাটমাদৈৰ মূৰ্ত্তিটো গঢ়ায় কিয় ? নিশ্চয় ই কটা তিৰোতাসেৰুৱা ৰজা ৷

(চাৰি)

          ফুটোঁ নুফুটোঁকৈ দেখোন মূৰ্ত্তিটো ফুটি উঠিবলৈ ধৰিলে ৷ আৰু তিন দিন ৷ বান্ধ মোৰ বৰ গহীন, বৰ গম্ভীৰ ! আজি কেবাদিনো বান্ধই ভালকৈ ভাত-পানী খোৱা নাই ৷ হাতত বটালিটো লৈয়েই বহি আছে ৷ বান্ধৰ এই তন্ময়তা দেখি ময়ো ভাত-পানী খাবলৈ পাহৰিলোঁ ; কিন্তু পেটে নসহাতহে নিজে গৈ এমুঠি ৰান্ধি খাইছিলোঁ ৷
          ৰাতি শোওঁতে, দিনত বহোঁতে সদায় এটা শব্দ ৷ সেই বটালিৰ টুক্‌ টুক্‌ টাক্‌ টাক্‌ শব্দ মোৰ কাণত এইকেইদিন পৰি আছে ৷ জিৰণি নাই.... ভাগৰ নাই.... অৱসাদ নাই ৷ অনবৰত অবিশ্ৰাম চলি আছে ৷কি কঠোৰ সাধনা !
          আজি এপখ পূৰ হব ৷ পুৱাতেই উঠি দেখোঁ... বন্ধু তেতিয়াও বটালি লৈয়েই ৷ মূৰ্ত্তিৰ ফালে চাই দেখিলোঁ... আচৰিত হলোঁ ! এঁ মূৰ্ত্তি দেখোন হলেই ! বান্ধ ! বান্ধ ! তুমি জিকিলা ! এইবুলি মই লৰি গৈ বান্ধক সাবট মাৰি ধৰিলোঁগৈ ৷
          বান্ধই মোক কলে- বান্ধ ! আজি মোৰ জীৱনৰ ব্ৰত পূৰ্ণ হৈছে ৷ কলাদেৱীক আজি কত দিন ধৰি পূজি আহিছোঁ ৷ মোৰ সকলো শক্তিৰে, মোৰ সকলো সঁপি পূজি আহিছোঁ ৷ আজি মোৰ সফল সাধনা ৷ আই আজি মোৰ সন্তুষ্ট হৈছে ৷ সৌৱা চোৱা... ৰাণী আইৰ মূৰ্ত্তিত আই মোৰ ফুটি উঠি মোক আশীৰ্বাদ কৰিছে ৷ আজি মই ধন্য !
          এইবুলি বান্ধই মূৰ্ত্তিটো গবা মাৰি ধৰিলে ৷ চকুৰ এটুপি লো বাগৰি গৈ মূৰ্ত্তিৰ চৰণ তিয়াই দিলেগৈ ৷ বান্ধ মোৰ নিস্তব্ধ হল !
          মই মূৰ্ত্তিৰ ফালে আকৌ এবাৰ চালোঁ ৷ কি সৰল সৌন্দৰ্য্যৰ বিকাশ ! ইটো শিলৰ মূৰ্ত্তি নহয় ৷ মোৰ এই দুখীয়া শিলাকুটি বান্ধৰ হাতৰ বস্তু নহয় ৷ ই যে স্বয়ং সেই বিশ্বখনিকৰে স্ৰজন কৰা হৰ্জ্জৰবৰ্ম্মণৰ ৰাজসভাৰ আঁৰ-কাপোৰ তলৰ বিজুলী সুন্দৰী ৷প্ৰত্যেক অঙ্গই যেন মাতোঁ মাতোঁকৈ ৰৈ আছে ৷ চকুৱে চাওঁ চাওঁকৈ চোৱা নাই, নিশাহ বওঁ বওঁকৈ বোৱা নাই, মুখে হাঁহো হাঁহোকৈ হঁহা নাই, ওঁঠে কঁপো কঁপোকৈ কঁপা নাই ৷নিমাতী কি সুন্দৰ শিলৰ মূৰ্ত্তি ! নহয় ; কোনে কব শিলৰ মূৰ্ত্তি বুলি ? জীৱন্ত মূৰ্ত্তিহে... মাথোন কণ্ঠত স্বৰ নাই, ভাষা নাই, বুকুত স্পন্দন নাই ৷ সকলো আছে... আছে....

          কোনে চৰজিলে
                   নিমাতী প্ৰতিমা
                             হাঁহিৰে সনা যে দেহা ৷
          আতমাটিকে যে
                   শূইনেৰে গঢ়ি
                             পাতিলে ৰূপৰে বেহা ৷৷

          কেনেকৈ কব নোৱাৰোঁ মই লুটি খাই পৰিলোঁ সেই মূৰ্ত্তিৰ গাত ৷ তাৰ পিছত আৰু একো কব নোৱাৰোঁ ৷ ৰিণি ৰিণি শুনিলোঁ কোনোবাই কৈছে ... নহয়, নহয় ৷ মোৰ শিলাকুটি বান্ধই কৈছে... কান্দিছে হবলা বান্ধ ! কি কৰিলা ? কি কৰিলা ? মোৰ সকলো ভাঙি চূৰমাৰ কৰি গলাহি ৷ বান্ধ ! কি কৰিলা ? কি কৰিলা ?
          চক খাই সাৰ পালোঁ ৷ দেখিলোঁ সন্ধ্যা হৈ ছে ৷ এনে লাগিল যেন দিনৰ পোহৰবোৰ ভাগি-ছিগি আন্ধাৰত জাহ গৈছে ৷ বতাহে মোক কাণে কাণে কৈ গৈছে বান্ধ ! কি কৰিলা ? কি কৰিলা বান্ধ ? কি কৰিলা ?

***
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]        
******************

No comments: