নীলা চৰাই
[জ্যোতিপ্ৰসাদ
আগৰৱালা]
আজি মাঘ বিহুৰ উৰুকা ৷ তিলতিল আৰু মিতিল দুই ভাই-ভনী ৰাতি বিছনাত
শুই আছে ৷ দুয়োৰে চকুত টোপনি নাই, কাইলৈ মাঘৰ বিহু ৷ মাকৰ বেজাৰ ৷ দেউতাক কামলৈ
যাব পৰা নাই, বিহুৰ পিঠা-পনা একোৱেই কৰিব নোৱাৰিলে ৷ আলিৰ সিপেৰে সিঘৰত কিমান
ৰং-ধেমালি, ভোগালি বিহুৰ বাবে আনন্দ উজান ৷ দুই ভাই-ভনী ৰাতি বিছনাত উঠি বহিল ৷
বেৰৰ জলঙাইদি দেখা যে বাহিৰত পোহৰ ৷
“মিতিল শুইছানে ?”- ককায়েকে সুধিলে ৷”নাই, তুমি শুইছানে ?”-
ভনীয়েকে সুধিলে ৷ “নাই, টোপনি অহা হ’লেনো তোমাক মাতিলোঁহে্ঁতেন কেনেকৈ ?”
এইদৰে দুয়ো ফুচ্ফুচাই কথা পাতিবলৈ ধৰিলে ৷ এনেতে ককায়েকে ক’লে,
“মিতু, এটা কাম কৰোঁ আহাঁ ৷”
“কি ?” – ভনীয়েকে বৰ আগ্ৰহেৰে সুধিলে ৷
“সৌ যে পোহৰ দেখিছা, জলঙাইদি, আমাৰ আলিৰ সিপাৰে সেই ল’ৰাহঁতে
বিহু পাতিছে ৷ উঠা, ব’লা চাওঁগৈ ৷”
“নাই, কেতিয়াও নাযাওঁ ৷” ককায়েকৰ সাহ দেখি তাই আচৰিত হ’ল ৷
“কিহৰ ভয় ? আহাঁ, আমি যামেই ৷” এই বুলি মিতিলৰ হাত ধৰি
বিছনাৰপৰা একে ছাবেই নামি বেৰৰ জলঙাইদি বাহিৰলৈ চাবলৈ ধৰিলে ৷ দেখে যে হয়, সিফালে
কিমান ল’ৰাই ৰং-ধেমালি কৰি বিহু পাতিছে ৷ এনেতে দুৱাৰত কোনোবাই ঢকিওৱাৰ
শব্দ শুনিলে ৷
উচাপ্ খাই তিলতিলে সুধিলে – “কিহে, সেইটো কিহৰ শব্দ ?”
এই বুলি সোধোঁতেই দুৱাৰখন লাহেকৈ মেল খালে ৷ চুটি-চাপৰ এজনী বুঢ়ী ভিতৰলৈ সোমাই
আহিল ৷ সেউজীয়া বৰণৰ এখন মেখেলা পিন্ধা, গাত আকৌ ৰঙা ৰিহা ৷ ভালকৈ খোজ দিব নোৱাৰে
৷ এডাল কিচ্কিচীয়া ক’লা লাখুটিত ভৰ দি কোনোমতে মাতিছে – “মই শলগুৰিৰ আঘোণীবাই ৷
তোমালোকৰ এটা নীলা কপৌ আছে নহয় ? মোৰ সৰু ছোৱালীকণৰ বৰ অসুখ ! নীলা কপৌটো মোক লগা
হৈছে ৷”
অলপ পৰলৈ সকলো নিমাত ৷ এনেতে মিতিলে মাত লগালে – “তিলতিলৰ
এটা চৰাই আছে ৷” “ক’ত আছে ?” “সৌ সজাটোত” – তিলতিলে ক’লে ৷ এই বুলি কোৱাত আঘোণীবায়ে লাহে লাহে ক’লে
৷ এই বুলি কোৱাত আঘোণীবায়ে লাহে লাহে সেইপিনে খোজ দি চৰাইটোলৈ চকু থিয় কৰি চালে ৷
“নাই, এইটো মোক নালাগে ৷ এইটো সিমান নীলা নহয় ৷ মোক লাগে তেনেই নীল
বৰণীয়া চৰাইটো ৷ নীল বৰণীয়া চৰাই হৈছে সুখৰ প্ৰতিমূৰ্ত্তি ৷ মোৰ ছোৱালীকণৰ মনলৈ
সুখ নাহিলে তাইৰ বেমাৰ ভাল নহয় ৷ ব’লা, আমি নীলা কপৌ বিচাৰোঁগৈ ; তোমালোকো মোৰ লগতে
ওলোৱা ৷ মই বিচৰা নীলা চৰাইটো বিচাৰি আনিবই লাগিল ৷ ব’লা, এতিয়া আমি ওলাওঁ ৷”
“কিন্তু আমাৰ গাত যে চোলা নাই ৷” তিলতিলে লাহেকৈ জনালে ৷
“একো কথা নাই ৷ মই তোমালোকক এটা চোলা দিম আৰু এটা আঙঠি দিম ৷ ই
যাদু-মন্ত্ৰ কৰা ৷ ইয়াৰে তোমালোকে আমি বিচৰা নীলা কপৌ বিচাৰিব পাৰিবা ৷ এই চোলা
আৰু আঙঠি পিন্ধিলে সকলো বস্তুৰ আচল ৰূপ দেখা পাবা ৷ আঙঠিটো সোঁ-হাতত পিন্ধিলে সকলো
বস্তুৰে আত্মা দেখিবলৈ পাবা ৷ আকৌ আঙুলিত পিন্ধিলে ভৱিষ্যত দেখা পাবা ৷
এই বুলি কৈয়েই আঘোণীবায়ে তিলতিলৰ গাত চোলা আৰু আঙুলিত আঙঠি
পিন্ধাই দিলে ৷ “এতিয়া চোৱা”, এই বুলি সোধাত তিলতিলে সকলো বস্তুতে এটা নতুন ৰূপ
দেখা পালে ৷ সন্মুখত থকা আঘোণীবাইজনী ৰজাৰ কুঁৱৰীৰ দৰে ওচৰত থিয় দিলে ৷ দেখিবলৈ
কেনে শুৱনি ৷ তেওঁলোকৰ পঁজাঘৰটো ৰজাৰ কাৰেংঘৰৰ দৰে হ’ল ৷ মজিয়া নীলা পাথৰেৰে সজা,
বেৰত কিমান যে কাৰুকাৰ্য্য কৰা ৷ তাজমহলৰ দৰে জক্মক্ কৰিছে ৷ কি আচৰিত ! সকলো
বস্তুৱেই যেন নতুন ৰূপ লৈ ল’ৰা-ছোৱালীহঁতৰ কাষত থিয় দিলে ৷
এইবোৰ দেখি দুয়ো আচৰিত হৈ “ওঁহো, ওঁহো”
বুলি চিঞৰিবলৈ ধৰিলে ৷
“ভয় নাখাবা, একো ভয় নাই ৷ এইবোৰ হৈছে আত্মা ৷ জগতৰ সৰহভাগ মানুহেই
বৰ নিৰ্ব্বোধ ৷ তেওঁলোক চকু থাকিও অন্ধ ৷ সেইবাবে বস্তুবিলাকৰ আচল স্বৰূপ দেখা
নাপায় ৷”
এনেতে দুৱাৰত এটা শব্দ শুনিবলৈ পালে ৷
“সৌৱা
দেউতা আহিছে” বুলি
উচাপ খাই তিলতিলে ক’লে, “দেউতাই
আমাৰ কথা শুনিলে বোধকৰোঁ ৷” “আঙঠি সোলোকাই থোৱা, সোলোকাই থোৱা”
বুলি কুঁৱৰীয়ে ক’লে ৷
তিলতিলে লৰা-ঢপৰাকৈ আঙঠিটো সোলোকাই থ’লে ৷ কিন্তু আচৰিত, ধুনীয়া
ৰাজকুঁৱৰী আকৌ আঘোণীবাই হ’ল ৷ দুৱাৰত বৰ জোৰেৰে শব্দ হ’বলৈ ধৰিলে ৷
“আহাঁ আমি এই খিৰিকিয়েদি ওলাই যাওঁ ৷ আহাঁ, সকলো মোৰ ঘৰলৈ ব’লা
৷ আহাঁ, হাতত সজা লোৱাঁ ৷ নীলা চৰাইটো তাতে আমি সুমুৱাব লাগিব নহয় ৷ আহাঁ, আহাঁ,
পলম নকৰিবা ৷”
এই বুলিয়েই বায়ে এটি এটিকৈ সকলোকে খিৰিকিয়েদি দলিয়াই পেলাবলৈ
ধৰিলে ৷ চোৱাচোন, মাঘ-বিহুৰ উৰুকাৰ নিশা তিলতিল আৰু মিতিল ওলাল নীলা চৰাই বিচাৰি ৷
সকলোকে কুঁৱৰীয়ে নিজৰ ঘৰলৈ নি ধুনীয়া সাজ-পাৰ দিলেগৈ ৷
এইদৰে সকলোকে নি সোঁৱৰণীৰ ৰাজ্যৰ দুৱাৰদলিত আগবঢ়াই থৈ ক’লে,
“এতিয়া তোমালোকে বুঢ়ীআয়েৰা আৰু ককাদেউতাৰাক পাবাগৈ ; তাতে নীলা
চৰাইটো পাবা ৷ কিন্তু শুনা, তোমালোক দুয়ো অকলে যাব লাগিব ৷ আমি কেও তোমালোককৰ লগত
নাযাওঁ দেই ৷”
এই বুলি কুঁৱৰী আঁতৰি আহিল ৷ তিলতিল আৰু মিতিল দুয়ো অকলশৰে গৈ
আছে ; এনেতে দেখে যে সমুখত কুঁৱলীৰ আন্ধাৰে ছাটি ধৰিছে, বাট-পথ একোকে দেখা পোৱা
নাযায় ৷ তেওঁ গৈ আছে ৷ এইদৰে গৈ দেখে যে, এখন সৰু কাঠৰ ফলিত লিখা আছে—“সোঁৱৰণীৰ
দেশ ৷”
হঠাতে মিতিলে উচুপি উচুপি কান্দিবলৈ ধৰিলে, “আমাৰ
বুঢ়ীআই আৰু ককাদেউতা ক’ত ?”
“সৌৱা কুঁৱলীৰ আঁৰত ৷ আহাঁ, নেকান্দিবা ৷চোৱাচোন কুঁৱলী আঁতৰি
যাবলৈ ধৰিছে ; এতিয়াই আমি সকলো দেখিবলৈ পাম ৷ তিলতিলে এইদৰে কোৱাৰ পাছত কুঁৱলী
আঁতৰি গ’ল ৷ হাবিৰ দাঁতিত গছৰ তলত এটা সৰু পঁজা দেখা পালে ৷ তাৰে এটা সজাত
ক’লা চৰাই এটাই টোপনিয়াই আছে ৷ পঁজাটোৰ দুৱাৰমুখত এজন বুঢ়া মানুহ
আৰু এগৰাকী বুঢ়ী তিৰোতা বহি আছে ৷ তেওঁলোকৰো মূৰ টোপনিত দোঁ খাই আছে ৷ পঁজাটোৰ
কাষত সকলো বস্তু যেন টোপনিত অচেতন ৷
তিলতিল আচৰিত হৈ চিঞৰি উঠিল—“ওঁ, সৌৱা দেখোন আমাৰ
ককাদেউতা আৰু আইতা !”
“হয় হয়” মিতিলেও হাত চাপৰি মাৰি ক’লে ৷ সিহঁতে দেখে যে ককাদেউতাকে চকু মেলি হাত মেলি
আছে ৷আইতাকেও টোপনিৰপৰা যেন সাৰ পাই উঠিল ৷ “মোৰ সোণহঁত আজি আহিব বুলি
মনতে এটা ভাব হৈছিল”—আইতাকে ক’লে ৷
গছৰ আঁৰৰপৰা ল’ৰা-ছোৱালীহঁত লৰি আহি তেওঁলোকৰ সমুখত ওলালহি ৷ “আইতা,
এয়া আমি আহিছোঁ ৷ ককাদেউতা ! এয়া আমি তিলতিল আৰু মিতিল ৷”
কিছুপৰলৈ দুয়ো নাতিনীয়েকহঁতক বুকুত সাবটি লৈ মৰম কৰিবলৈ ধৰিলে
৷ তেওঁলোকৰ আনন্দত হিয়া উপচি পৰিল ৷ “পোনাটিহঁত ! আমাৰ ওচৰলৈ নাহ কিয় ? কিমান দিন যে তঁহত অহা নাই ৷ আমাক পাহৰিলি—আজি
কিমান দিন হ’ল, আমি কাকো ইয়াত দেখা নাই ৷”
“ইমান দি আহিব পৰা নাছিলোঁ, আজি আহিলোঁ ৷ আমাক কুঁৱৰীয়েহে আনিলে ৷”
এই বুলি তিলতিলে মাত লগালে ৷
“সিবাৰ যে আহিছিলা, কিমান দিন আগেয়েই ৷” আইতাকে ক’লে
৷
“সেইদিনা আমি অহা নাছিলোঁ ৷” মিতিলে উত্তৰ দিলে ৷
“নহয়, তোমালোকে সেইদিনা আমাৰ কথা সুঁৱৰিছিলা যে ৷তোমালোকে যেতিয়া
সোঁৱৰা, তেতিয়াই আমি সাৰ পাওঁ আৰু তোমালোককো দেখোঁ ৷”
এনেতে মিতিলে টোপনিয়াই থকা চৰাটো দেখা পালে ৷ “অ’
সেইটো দেখোন আমাৰ কপৌ ? আইতা, সি আগৰদৰে মাত লয়নে ?” এনেতে চৰাইটোৱেও সাৰ পাই
উঠি মাত লগালে, “তিলতিল, মিতিল ৷”
আইতাকে ক’লে, “দেখিছানে, যেতিয়াই কোনোবাই চৰাইটিৰ কথা ভাৱে তেতিয়াই
সি সাৰ পাই উঠে ৷”
“কিন্তু চৰাইটো নীলা বৰণীয়া দেখিছোঁ, ক’লা নহয়তো ? নীলা বৰণটোৱে
জিক্মিক্ কৰিছে ৷ ককাদেউতা, চৰাইটো কুঁৱৰীৰ ওচৰলৈ নিবলৈ দিবানে ?”
“নিবা সোণ, নিবা “, তেওঁলোক দুয়ো মাত লগালে ৷ তাৰ পিছত তিলতিলে লাহেকৈ
সযতনে চৰাইটি সজাত সুমুৱাই যাবলৈ ওলাল ৷ এতিয়া উলটিবৰ হ’ল ৷ দুয়ো ককাদেউতাক আৰু
আইতাকক মাত লগাই নীলা কপৌটো কুঁৱৰীৰ ওচৰলৈ যাবলৈ ওলাল ৷ “আইতা, নাকান্দিবা, আমি
মাজে-সময়ে আহি থাকিম নহয় ?” তিলতিলে মাত লগালে ৷
“নিতৌ আহিবা সোণহঁত !” আইতাকে বুকুত সাবটি লৈ ক’লে, “তোমালোকে আমাক সুঁৱৰি দেখা
দিয়াতেই আমাৰ সুখ ৷ এৰা, তোমালোক নিতৌ আহিবা ৷ ইয়াত যে আমাৰ একো নাই ৷ তোমালোক
আহিলেহে আমি আহিব পাৰোঁ ৷”
ইয়াৰ পাছত দুয়ো আকৌ ওলাল ৷ তিলতিলৰ হাতত সজা, ভিতৰত নীলা কপৌ
৷ উলটি আহোঁতে দুয়ো পাছলৈ চাই দেখে যে ককাক আৰু আইতাকেও তেওঁলোকলৈ চাই আছে ৷
এনেতে লাহে লাহে আকাশৰপৰা কুঁৱলী নামি আহিল ; এখন আঁৰ কাপোৰ
পৰিল ৷ ককাদেউতাক আৰু আইতাকক ঢাকি পেলালে ৷ এইদৰে গৈ আছে, গৈ আছে ৷ গৈ গৈ
ৰাজপ্ৰসাদ ওলাল ৷ এইখিনি পাই তেওঁলোকে দেখে যে সজাৰ নীলা কপৌটোৰ বৰণ আকৌ কিচ্কিচীয়া
ক’লা হ’ল ৷ তেওঁলোকৰ বৰ বেজাৰ লাগিল ৷ দেখে যে ওচৰতে পোহৰ কুঁৱৰী ;
কুঁৱৰীও মিচিকিয়াই হাঁহি থিয় দি আছে ৷পোহৰ-কুঁৱৰীক দেখি তিলতিলে ক’লে,
“চাওঁক বাইদেউ ! মোৰ নীলা কপৌটো ক’লা হ’ল ৷” তেওঁ ক’লে, “তিলতিল, বেজাৰ নকৰিবা ৷ ককাদেউতাৰা আৰু আইতাৰাক দেখি
তুমি সুখ পোৱা নাছিলানে ?” এদিনলৈ এই সুখেই তোমাক নুজুৰিছেনে ? তোমাৰ চৰাইটোকো
আকৌ নতুন জীৱ দিলা ৷ ইয়াত তুমি সন্তোষ পোৱা নাইনে ?”
তেওঁলোক আকৌ ওলাল নীলা চৰাই বিচাৰি ৷ এইবাৰ কুঁৱৰীয়ে তেওঁলোকক
এন্ধাৰৰ ৰাজ্যলৈ পঠালে ৷ এইদৰে সকলোটি গৈ আছে ৷ গৈ গৈ এন্ধাৰ ৰাজ্য পালেগৈ সকলো
এন্ধাৰ, তাত এটা জক্মকীয়া সোণৰ ঘৰ ৷ তেওঁলোক তাত সোমালগৈ ৷ ঘৰটোৰ ভিতৰত এখন সোণৰ
সিংহাসন ৷ ঘৰৰ ভিতৰত এগৰাকী তিৰোতা বহি আছে ৷ তেওঁৰ মেখেলাখন ক’লা
বৰণীয়া হ’লেও এন্ধাৰত জিক্মিক্ কৰি আছে ৷ সিংহাসনৰ ভিতৰত এটা ক’লা
মেকুৰী বহি আছে ৷ ক’লা মেকুৰীটোৱে ল’ৰাহঁতক
অহা দেখি নীলা চৰাইটো নিব বুলি আগতেই এন্ধাৰ-কুঁৱৰীক সাৱধান কৰি দিলে ৷”সৌৱা
তিলতিলহঁত আহিছে আমাৰ নীলা কপৌটো নিবলৈ ৷”
মেকুৰীজনী বৰ পেটকপটীয়া ৷ তাইৰ মুখখন মিঠা ; কিন্তু পেটটো
তিতা ৷ ল’ৰাহঁত ওচৰ চাপি অহা দেখি লৰি গৈ সাদৰি মাতিলে – “আহাঁ
সোণহঁহ ! আহাঁ এইফালে ৷ মই আমাৰ কুঁৱৰীক কৈছোঁ নহয়, তোমালোক আহিছা বুলি ৷ উ: !
কুঁৱৰীয়ে যে তোমালোক অহা দেখি কিমান ৰং পাইছে !” তিলতিল ওচৰ চাপি গৈ কুঁৱৰীক
জনালে আইদেউ ! মই নীলা কপৌ নিবলৈ আহিছোঁ ৷ মোক দুৱাৰৰ চাবি-কাঠি দিবানে ?”
“হয়নে ? বাৰু তোমাৰ চিন কি ?”
“এয়া নহয়,-- মোৰ আঙঠি চাওক, এইটো মোৰ চোলা চাওক ৷”
কুঁৱৰীয়ে মুখখন ওন্দোলাই পেলালে ৷ যি হওক, চাবি-কাঠি দি ক’লে, কিবা বিপদ দেখিলে নিজলৈ
চাবা ৷”
প্ৰকাণ্ড ডাঙৰ ঘৰ ৷ ইখন দুৱাৰ মেলে, সিখন দুৱাৰ মেলে, নীলা
কপৌ নাপায় ৷ এখন দুৱাৰ মেলি দেখিলে—তাত কিছুমান ভূত-প্ৰেত আছে ৷দুৱাৰ জপাই থলে ৷ আন এখন
মেলিলে, দেখে তাত ৰণদেৱতাই তৰোৱালখন ঘহি-পিহি নিকা কৰি আছে ৷ ওচৰত যাঠি, জোং আৰু
আন আন ৰণৰ সঁজুলি ৷ আন এখন দুৱাৰ মেলি দেখে যে তাত বেমাৰ-আজাৰবোৰ আছে ৷ দুৱাৰ মেলা মাত্ৰকে
হাঁচিয়াই পানীলগা কাহ নামৰ সৰু ছোৱালী এজনী জঁপিয়াই আহিল ৷ তিলতিলে লাহেকৈ দুৱাৰখন
জপাই থলে ৷ ক’তো নীলা কপৌ নাই ৷ এইবাৰ সিংহাসনৰ পাছফালে থকা
কোঠালিটোৰ দুৱাৰত তিলতিলে হাত দিলে ৷ এনেতে আন্ধাৰকুঁৱৰী তিলতিলৰ হাতখনত ধৰিলেহি ৷
“নাই নাই, সেইটো কোঠালি নেমেলিবা ৷ এইটো মেলিলে তোমাৰ আৰু ৰক্ষা
নাই ৷”
ইফালে মিতিলে কান্দিবলৈ ধৰিলে ৷ “তিলতিল
দুৱাৰ নেমেলিবা, কুঁৱৰীয়ে হাক দিছে নহয় ৷” দুৱাৰ নেমেলিবলৈ তেওঁক সকলোৱে হাক দিবলৈ ধৰিলে, “আমাৰ
সকলোকে বিপদত নেপেলাবা এতিয়া “ বুলি মেকুৰীটোৱে ক’লে ৷
সকলোৱে এইদৰে কোৱাত তিলতিলৰ মনত ভয় সোমালেও তেও ক’লে,
“নাই, মই খুলিমেই ৷ যোৱা, তোমালোকে সকলো মিতিলক লৈ আঁতৰ হোৱা ৷”
এই বোলাত সকলো যিমান সোনকালে পাৰে, আঁতৰি পলাল ৷ তিলতিলে ভয়ে ভয়ে চাবি-কাঠি দুৱাৰত
লগালে ৷ দুৱাৰখন প্ৰথমতে মেল খোৱা নাছিল ; পিছত হেঁচা দিওঁতেই মুকলি হোৱাত তিলতিল
আচৰিত হ’ল ৷ তেওঁ ভাবি আছিল তাত চাগৈ ভয় লগা কত বস্তু দেখা পাব ৷ কিন্তু
দেখিলে তাত শুৱনি বাগিচা এখন ৷ জোনৰ পোহৰত সকলো জিলিকি আছে ; ফুলবোৰ তৰাৰ দৰে
জিলিকি আছে ৷ দেখে, গোলাপ গছ এজোপাত নীলা মেঘে ছাটি আছে ৷ তাত বহতো নীলা কপৌ পৰি
আছে ৷
“মিতিল, মিতিল ! আহাঁ, আহাঁ, সকলো আহাঁ ; ইয়াত হেজাৰে
হেজাৰে নীলা কপৌ আছে ৷ হেজাৰ, লাখ যিমান লাগে ধৰিব পাৰিবাহি ৷”
তিলতিলৰ মাত শুনি সকলো তালৈ লৰি আহিল আৰু নীলা কপৌ ধৰাত লাগিল
৷ ধৰি কুঁৱৰীক দিবলৈ সকলো লৰি যাবলৈ ধৰিলে ৷ মেকুৰীক এন্ধাৰ-কুঁৱৰীয়ে বৰ ভয়েৰে
সুধিলে, “আচল চৰাইটোকে সিহঁতে ধৰি নিলেনেকি ?”
“নাই—আচল নীলা কপৌটো সৌ তাত দেখিছোঁ ৷ ঢুকি নাপালে বৰ ওখত
আছিল ৷”
ইফালে ল’ৰাহঁত লৰি গৈ আছে কুঁৱৰীক নীলা কপৌ দিবলৈ ৷ বাটত
পোহৰ-কুঁৱৰীৰ লগত দেখা হ’ল ৷ তেওঁ সুধিলে, নীলা কপৌ ধৰিছানে ?”
“হয়, যিমান লাগে সিমান ধৰিছোঁ, এইবোৰ ইয়াতে আছে ৷”
এই বুলি পোহৰৰ কোঁচ মেলি চায় যে চৰাইবোৰ মৰি আছে ৷ সিহঁত আচলতে নীলা বৰণীয়া নাছিল
; জোনৰ পোহৰতহে নীলা দেখা গৈছিল মাথোন ৷ আচল নীলা কপৌ তেওঁলোকে ধৰি আনিব নোৱাৰিলে
৷ তথাপি ল’ৰাহঁত হতাশ নহৈ আগবাঢ়ি গ’ল ৷ এনেতে কুঁৱৰীয়ে বাতৰি পঠালে যে দুপৰ ৰাতি
মৰিশালিৰ কাষত আকৌ বিচাৰি চাব লাগিব ৷ এদিন দুপৰ ৰাতি ওলাল ৷ তেতিয়া আকাশত জোন
ওলাইছে ৷ মৰিশালিৰ ঘাঁহনি জোনাকত জিলিকি আছে ৷ জোনৰ পোহৰে চাৰিওফালে মানৱ-জীৱনৰ
অন্তিম শয্যাৰ চিন চকুত পেলাই দিয়াত মিতিল মনলৈ ভয় আহিল ৷
“তিলতিল, মই যাওঁগৈ, মোৰ বৰ ভয় লাগিছে “,
মিতিলে ক’লে ৷ “ভনীটি ! নাযাবা”, সেহাই
সেহাই তিলতিলে মাত দিলে ৷ তেওঁৰো অলপ নলগাকৈ থকা নাছিল ৷
“মই এতিয়া আঙঠিটো সোঁ-হাতৰপৰা সোলোকাই বাওঁ-হাতত
পিন্ধো ৷ আমি মৃত আত্মা দেখা পাম ৷” তিলতিলে ক’লে ৷
“নাই, তেনে কাম নকৰিবা ৷ ,ই ইমান ভয় খাইছোঁ”,
মিতিলে মাত লগালে ৷
“একো ভয় নাই”, তিলতিলে ক’লে, “মই মৃতসকলক চাবলৈ একো ভয় নকৰোঁহে ! বাৰু চাব নালাগে,
তুমি চকু মুদা ৷” এই বুলি তিলতিলে আঙঠিটো সিখন হাতত পিন্ধিলে ৷ তেওঁৰো
চকু মুদিবৰ মন গৈছিল ; কিন্তু কোনোমতে নিজকে চম্ভালি ৰাখিলে ৷
অলপ পৰলৈ সকলো নিতাল ৷ তাৰ পাছত যেন সকলো পিনে এটা সজীৱতাৰ চিন দেখা গ’ল ৷
মৰিশালিৰ চিতা-ভস্মৰপৰা যেন একো একোজোপা ফুলৰ গছ গজি উঠিল ৷ ধুনীয়া ফুলবোৰ ফুলি
উঠিবলৈ ধৰিলে ৷ মৰিশালি গুচি যেন ফুলনি হৈ পৰিল ৷ মিতিলে চকু মেলিলে ৷ “ক’তা,
ক’তা, মৰা মানুহবোৰ ক’তা ?” , লাহেকৈ ফুচ্ফুচাই ক’লে ৷
তিলতিলে চিঞৰি ক’লে, “নাই, নাইহে ইয়াত মৰা মানুহ নাই ৷ ইয়াত চাৰিফালে
সজীৱতা, এখন ফুলনিহে দেখিছোঁ ৷ কিন্তু নীলা কপৌ ক’তা ?”
তেওঁলোকে বিচাৰি নাপালে ৷
তেতিয়া তেওঁলোক ওলাল ভৱিষ্যতৰ ৰাজ্যলৈ নীলা কপৌ বিচাৰি ৷ গৈ
আছে, গৈ আছে, গৈ গৈ পালে এটা নীল বৰণীয়া কাৰেং ৷ তেওঁলোক ভিতৰলৈ সোমাই গ’ল
৷ এটা বৰ প্ৰকাণ্ড কোঠালি ৷ তাত বহুতো কেঁচুৱা আছে ৷ তেওঁলোক ৰৈ আছে পৃথিৱীত জন্ম
পাবলৈ ৷ এশ, হেজাৰ, লাখ কেঁচুৱা তাত এইদৰে আছে ৷ সকলোৱে নীল বৰণীয়া কুঁৱলীৰ দৰে
পোচাক পিন্ধি আছে ৷কিছুমানে উমলি আছে, কিছুমানে লৰি ফুৰিছে, কিছুমানে কথা পাতি
আছে, কিছুমানে টোপনিয়াইছে, কিছুমানে ভৱিষ্যতলৈ কি আৱিষ্কাৰ কৰিব তাৰ বাবে যত্ন
কৰিছে ৷ইয়াৰ চাৰিওফালৰ বতৰ যেন নীল বৰণীয়া ৷ “আমি ক’লৈ
আহিলোঁ ?” তিলতিলে সুধিলে ৷
“আমি এতিয়া ভৱিষ্যতৰ ৰাজ্যত ৷”
পোহৰকুঁৱৰীয়ে মাত দিলে ৷ “আমি বোধকৰোঁ ইয়াত নীলা কপৌ পাম ৷” পোহৰ-কুঁৱৰীয়ে
এই বুলি কোৱাত কিছুমান কেচুঁৱা আহি তেওঁলোকৰ চাৰিওফালে থিয় হ’ল ৷ ৰ
লাগি সকলোৱে তিলতিল আৰু মিতিলৰ ফালে চাই আছে ৷
“এইবোৰ জীয়া ল’ৰা-ছোৱালী দেখোন ! চোৱাহি, জীয়া-ল’ৰা-ছোৱালী
৷” সিহঁতে যি যি নতুন আৱিষ্কাৰ কৰিবলৈ পাঙিছিল, সকলো আনি তিলতিল আৰু
মিতিলক দেখুৱালে ৷ “চোৱা, মই কি কৰিছোঁ ?” এই বুলি
সকলোৱে নিজৰ নিজৰ বস্তুবোৰ আনি দেখুৱাবলৈ ধৰিলে ৷
এটি সৰু ল’ৰাই আহি দুয়োকে চুমা খাবলৈ ধৰিলে ৷ “মই
তোমালোকৰ ভাইটি নহয়, মই অহা দেওবাৰে ঘৰলৈ যাম নহয় ?”
“তোমাৰ সৌ মোনাত কি আছে ?” বুলি
তিলতিল আৰু মিতিলে সুধিলে ৷
“ইয়াত তিনিটা বেমাৰ আছে – সৰু আই,
গ্ৰহণী আৰু পেলু ৷” এই কেঁচুৱাটিয়ে মাত দিলে ৷
“তাৰ পিছত ?” তিলতিলে সুধিলে ৷
“তাৰ পিছত তোমালোকক এৰি মই গুচি আহিম ৷”
“তেন্তে আমাৰ তালৈ অহা কিয় ?” মিতিলে
ক’লে ৷
“আমি যে নিজে বাছি ল’ব নোৱাৰো
৷”
এনেতে এটা শব্দ শুনা গ’ল ৷ শব্দ শুনি তেওঁলোকে সেইফালে চালে ৷ দেখে যে এখন
দুৱাৰ মেল খাব ধৰিছে ৷ সেয়া সময় ৷ দুৱাৰখন মেল খালে --- সময় দেৱতা সোমাই আহিল ৷
চায় যে দুৱাৰৰ সিফালে এখন নৈ ৷ পানীত এখন নাও ৰৈ আছে ৷ নাও এৰিবলৈ আৰু বেছি সময়
নাই ৷ “যাৰ যাৰ সময় হৈছে, সাজু হৈছেনে ?” , সময়
দেৱতাই কঠুৱা মাতেৰে সুধিলে ৷ এনেতে নীল বৰণীয়া কুঁৱলীৰ সাজ পিন্ধা কেঁচুৱা
কিছুমান লৰি আহিল ৷
“এয়া আমি সাজু হৈ ওলাইছোঁ ৷”
তেওঁলোকে সকলোৱে একেলগে মাত দিলে ৷
“নাই, নাই, এজন এজনকৈ” এইবুলি
তেওঁ এজন এজনকৈ নি নাৱত তুলি ল’লে ৷ পোহৰকুঁৱৰীয়ে তিলতিল আৰু মিতিলক লাহেকৈ আঁতৰাই এটা
চুকলৈ নি সকলো দেখুৱাবলৈ ধৰিলে ৷সেই চুকৰপৰা সকলো দেখা যায় ৷; অথচ তেওঁলোকক কোনেও
দেখা নাপায় ৷ নাও এৰি দিলে ৷ কেঁচুৱাবিলাকে “আহিলোঁ
দেই, আহিলো দেই, সোণটি মোৰ চিন ৰাখিবা দেই, অকণটি মোক নাপাহৰিবা দেই”— নাৱত এইজাক কেঁচুৱাই চিঞৰিবলৈ ধৰিলে ৷ এনেতে “পালোঁহি,
সৌৱা পৃথিৱী, সৌৱা পৃথিৱী” বুলি মতা কেঁচুৱাবিলাকৰ মাতৰ খীণ সুৰ এটা শুনা গ’ল
৷ দূৰৈৰপৰা এটা আনন্দৰ ধ্বনি বতাহত ভাহি আহিল ৷ তিলতিলে “এইটো কি”
বুলি সুধিলে ৷ পোহৰ কুঁৱৰীয়ে ক’লে, “মাকহঁত আহিছে নিজৰ নিজৰ কেঁচুৱাক সাদৰি লবলৈ ৷”
এনেতে সময় দেৱতা আহি আকৌ সেইখিনি পালে ৷ পোহৰ কুঁৱৰীয়ে ক’লে,
“পলোৱা, পলোৱা, সোনকালে নীলা কপৌটো লৈ ৷ তিলতিল তুমি আগবাঢ়া—“
এইবুলি তেওঁ তিলতিলৰ হাতত এটা ধুনীয়া নীলা কপৌ দিলে ৷ তেওঁলোক দুৱাৰদলি পাৰ হ’ব
ধৰিলে, এনেতে সময় দেৱতাই চকু পকাই খেদি আহিল ৷ সময় দেৱতাৰ এই উগ্ৰ মূৰ্ত্তি দেখি
পলাব ধৰোতে চৰাইটো হাতৰপৰা উৰি পলাল ৷ ইমান ঘূৰি-পকিও তেওঁলোকে সুখ আৰু আনন্দৰ
প্ৰতিমূৰ্ত্তি – নীলা কপৌ ক’তো নাপালে ৷ কত ঠাইত যে তেওঁলোকে বিচাৰিলে, ক’তো
নীলা কপৌ নাপালে ৷
এনেতে সকলোৱে সাৰ পাই উঠি দেখে যে নিজৰ বিছনাতে শুই আছে ; মাক
ৰৈ আছেহি ৷ তেওঁলোকৰ সেই পঁজাঘৰটোও আছে ৷ যি বস্তু পাবলৈ ইমান হাবাথুৰি খাই ফুৰিলে
সি নিজৰ ঘৰেই ওলালহি ৷ মানৱ জীৱনতো এনেকুৱাই হয় ৷ সুখ সুখ বুলি মানুহে হাবাথুৰি
খাই ফুৰে, সুখ যে নিজৰ অন্তৰতে আছে, তালৈ কেৱে মন নকৰে ৷
***
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
******************
No comments:
Post a Comment