অনুসন্ধান আকাংক্ষাত

Monday, January 7, 2013

বিশ্বশিল্পী




শিল্পী মই

তিনিও কালৰ..

অতীতৰ 

বৰ্তমানৰ 

অনাগত ভৱিষ্যৰ ৷



আদিতেই যাত্ৰা কৰি 

          অনাদিলে যাওঁ,

ধ্বংসৰ মাজেদি মই

ৰূপান্তৰেদি ৰূপ পাই

নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ



জনতাৰ হৃদয়ত 

          মোৰ সোণোৱালী দেশ

         মই পিন্ধো বিশ্ববেশ

নতুন দৃষ্টিৰে চাওঁ 

সৃষ্টি অনিমেষ !



নানা ভাষা !

নানা আশা !

নানা জাতি-বৰ্ণ জিনি

মই শুনো ৰিণি ৰিণি

বিশ্ব-জনতাৰ 

এক অপূৰ্ব্ব সঙ্গীত !



সেই সঙ্গীতৰ প্ৰতিধ্বনি

তোলোঁ মোৰ

গানে সুৰে

সাম্যৰ

সমৃদ্ধিৰ

সৌন্দয্যৰ্ৰ

মহামহত্বৰ

পাতিবলে শান্তিৰ নৱলোক

এই পৃথিৱীত

মোৰ কল্পনা-মেধা

বুদ্ধি-মনীষাৰে

মোকে কৰি সংস্কৃতিৰ 

           অপূৰ্ব্ব আধাৰ !

মোকে শলিতা কৰি জ্বলাওঁ

বিশ্ব-চাকি

বিশ্ব-জনতা পূজাৰ ..

সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি

মই মোকে দিওঁ উপহাৰ !

মোকে কৰি ষোড়শোপচাৰ !

বিশ্ব জুৰি জনতাৰ 

জয়জয়কাৰ !

বিশ্ব জুৰি জনতাৰ 

জয়জয়কাৰ

হওক জয়জয়কাৰ !!


[জ্যোতিপ্ৰসাদ আগৰৱালদেৱৰ ৰচিত ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃত্ত]
[ইউনিকডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: