অনুসন্ধান আকাংক্ষাত

Saturday, January 5, 2013

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সংক্ষিপ্ত জীৱনালেখ্য





জন্ম                              ১৭ জুন, ১৯০৩

স্কুলীয়া শিক্ষা                      তেজপুৰ হাইস্কুল, ডিব্ৰুগড় চৰকাৰী
হাইস্কুল, জৰ্জ স্কুল, ডিব্ৰুগড় ৷

কলেজীয়া শিক্ষা                  কলিকতাৰ নেশূনেল কলেজত আই. এ দ্বিতীয়
                                        বাৰ্ষিকলৈ ৷ (সেই কলেজ উঠি যোৱাত কলেজীয়া
শিক্ষাৰ সমাপ্তি) ৷

বিলাত-বাস আৰু
উচ্চতৰ শিক্ষা                         ১৯২৬ চনৰ চেপ্টেম্বৰ মাহত বিলাত-যাত্ৰা ৷
                                        এডিনবৰা বিশ্ববিদ্যালয়ৰপৰা প্ৰাক্‌-স্নাতক পৰিক্ষাত
                                        অৱতীৰ্ণ ৷ প্ৰথমবাৰ অকৃতকাৰ্য ৷ দ্বিতীয়বাৰত
চৰ্তসাপেক্ষে এম্‌. এ পঢ়াৰ অনুমতি লাভ ৷
প্ৰথমে অৰ্থনৈতিক ইতিহাস অধ্যয়ন ৷উচ্চ শিক্ষা
অসমাপ্ত ৷ জাৰ্মানীত সাত মাহ ফিল্ম-শিল্প সম্পৰ্কীয়
শিক্ষা গ্ৰহণ ৷
১৯৩০ চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন ৷ বাটত বিভিন্ন
দেশ ভ্ৰমণ ৷

স্বাধীনতা আন্দোলনত ভূমিকা  ১৯২১ চনত অসহযোগ আন্দোলনত যোগদানেৰে
আৰম্ভ ৷ ১৯৩০ চনত বিলাতৰপৰা ঘূৰি আহি অধিক
ভূমিকা গ্ৰহণ ৷ ১৯৩২ চনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড
আৰু ৫০০ টকা জৰিমনা ৷ শিলচৰ জেইলত যক্ষ্মাত
আক্ৰান্ত হোৱা সত্ত্বেও কাৰাদণ্ড মিয়াদ পূৰা কৰি
প্ৰত্যাৱৰ্তন ৷১৯৪১-ৰ পৰা কংগ্ৰেছৰ স্বেচ্ছাসেৱক
বাহিনীৰ সংগঠনৰ কামত নিবিড়ভাৱে আত্মনিয়োগ ৷
পিছলৈ বাহিনীৰ সৰ্বাধিনায়ক ৷অসমৰ বিভিন্ন
অঞ্চলত স্বাধীনতা সংগ্ৰাম সংগঠনৰ কাম ৷ ১৯৪২
চনৰপৰা ঘাইকৈ কলিকতাত আত্মগোপন কৰি
থাকি স্বাধীনতা আন্দোলনলৈ বিশিষ্ট সেৱা ৷চৰকাৰৰ
দ্বাৰা ফেৰাৰ (absconder) বুলি ঘোষণা ৷১৯৪৩-ৰ
আগষ্টত তেজপুৰত আত্মসমৰ্পণ, আদালতত বিচাৰ
আৰু প্ৰমাণৰ অভাৱত খালাচ ৷ জাতীয় চেতনা-
উদ্দীপক আন্দোলনৰ আৰম্ভণিৰপৰা শেষলৈ গীত-
মাত-নাটক-বক্তৃতাৰে আন্দোলনলৈ ইন্ধন-যোগান ৷

বিৱাহ                      ১৯৩৬ চনত (কন্যা ডিব্ৰুগড়ৰ দেৱযানী ভূঞা)

সাহিত্য-সঙ্গীত-নাটক-কথাছবি
আদি ক্ষেত্ৰত অৱদান              ছাত্ৰাৱস্থাত ১৪ বছৰ ব্য়সতশোণিত কুঁৱৰী নাটক
ৰচনা ৷ ১৪-২১ বছৰৰ ভিতৰত কেইবাটাও চুটি গল্প
ৰচনা ৷ মৃত্যুৰ আগলৈকে নাটক, কবিতা, জীৱনী,
শিশু-কাব্য আদি সাহিত্যৰ বিবিধ ক্ষেত্ৰত বিচৰণ ৷
ৰচনা আৰু সুৰ-সংযোজনাত অভিনৱত্বপূৰ্ণ বুজন
সংখ্যক গীতৰ মাজেদি আধুনিক অসমীয়া সঙ্গীতৰ
নতুন ৰূপদান ৷বিভিন্ন অনুষ্ঠানত সাহিত্য-সঙ্গীত-
কলা-সংস্কৃতি বিষয়ক মৌলিক চিন্তা আৰু
অধ্যয়নপুষ্ট ভাষণ প্ৰদান ৷ নতুন চিন্তাৰ পথ-
প্ৰদৰ্শন ৷
১৯৩৪ :        ভোলাগুৰি চাহ-বাগিছাত অস্থায়ী
                চিত্ৰবন ষ্টুডিঅ সাজি প্ৰথম
                 অসমীয়া কথাছবি জয়মতী নিৰ্মাণ ৷
১৯৩৫ :        জয়মতীৰ মুক্তিলাভ ৷
১৯৩৬-৩৭ :   বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে যুতীয়াভাৱে
                 জয়মতী আৰু শোণিত কুঁৱৰী
                 ৰেকৰ্ড-নাট্য প্ৰযোজনা ৷
১৯৩৭ :       তেজপুৰত জোনাকী চিনেমা হল
নিৰ্মাণ ৷
                                        ১৯৩৯ :        দ্বিতীয় অসমীয়া কথাছবি ইন্দ্ৰমালতী
                                                          অভিলেখ সময়ত নিৰ্মাণ ৷
                                        ১৯৪০ :        তেজপুৰ সঙ্গীত বিদ্যালয় স্থাপন ৷

সংবাদ-সেৱা                      ১৯৪৪ চনৰপৰা বন্ধ হৈ থকা অসমীয়া কাকতৰ
পুনৰ প্ৰকাশ আৰু সম্পাদনা (সাত মাহ) ৷
অসমত বিশ্ববিদ্যালয় স্থাপনৰ সপক্ষে সৰব প্ৰচাৰ ৷

বাগিছা পৰিচালনা                  স্বাস্থ্যজনিত কাৰণত কাকতৰ সম্পাদনা ত্যাগ ৷
ডিব্ৰুগড়ৰ ওচৰৰ তামোলবাৰী বাগিছাৰ পৰি-
চালনাৰ ভাৰ গ্ৰহণ ৷ শ্ৰমিক-মালিক সম্পৰ্কৰ নতুন 
ৰূপদানৰ প্ৰচেষ্টা ৷ নাটক, চিত্ৰনাট্য, কবিতা, গীত , 
গল্প আৰু উপন্যাস, প্ৰবন্ধ,  আদিৰ ৰচনা অব্যাহত ৷

কঠিন ব্যাধি আৰু মৃত্যু              জীৱনৰ শেষৰ সময়চোৱা দুৰাৰোগ্য কৰ্কট
                                         ৰোগত আক্ৰন্ত হৈ চিকিৎসাধীন ৷
                                         মৃত্যু : ১৯৫১ চনৰ জানুৱাৰীত, ৪৮ বছৰ বয়সত ৷



[ উৎস: জ্যোতিপ্ৰসাদ ৰচনাৱলী দ্বিতীয় সংস্কৰণ, ১৯৮৬]
[ ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]




No comments: