অনুসন্ধান আকাংক্ষাত

Sunday, January 27, 2013

সতীৰ সোঁৱৰণী




সতীৰ সোঁৱৰণী
[জ্যোতিপ্ৰসাদ আগৰৱালা]


          লুইতৰ পাৰত পৰ্ব্বতৰ ওচৰৰ সৰু গাঁওখনি ৷ দূৰত নিজৰাৰ কাষত পঁজা ৷ চৰাইৰ  গান, নিজৰাৰ কুলুধ্বনি, গছৰ ছাঁ, শ্যামল-শস্যক্ষেত্ৰ.. চাৰিফালে কেৱল শোভা... কেৱল সঙ্গীত ৷
          সন্ধিয়া যেতিয়া বেলিটিয়ে বিদায় লৈ পশ্চিম-সাগৰত বুৰ মাৰে তেতিয়া লাহে লাহে মালতীয়ে হাতত কলহটি লৈ এখুজি-দুখুজিকৈ নৈৰ পাৰলৈ গুচি যায় ; তেতিয়া চম্পকে সেই গতি নিৰীক্ষণ কৰি থৰ লাগে, এনে সুন্দৰী লগৰী পাই নিজকে ধন্য মানে ৷ সোণালীৰ সূৰ্য্যৰ কিৰণত সেই গাঁওখনিৰ সোণালী শস্য-ক্ষেত্ৰ জিক্‌মিক্‌কৈ থাকোঁতে যেতিয়া সেই প্ৰকৃতিৰ কোলাত অতুলনীয় যৌৱনৰ ৰূপৰাশিৰে মালতীয়ে হাতত কাচি লৈ থিয় হৈ ৰয়, চম্পকে চায়... ভাৱে, এই মোৰ লগৰীয়েই মূৰ্ত্তিমতী প্ৰকৃতিনে ?
          সকলো কালৰ গতিত লয় পায় ৷ ভৱিষ্যতৰ কোলাত কি উটি আহে কোনে জানে ? মালতী সুন্দৰ আটুলনীয় যৌৱনৰ ৰূপৰাশিৰ গৰাকিনী ৷ মালতীৰ কোনো নাই ৷ সৰুতেই বাপেক মৰিল ৷ বাপেকৰ লগত সকলো সম্পত্তি লয় পালে ; মাত্ৰ মালতীৰ দুখুনী মাকহে বৈধব্য-যন্ত্ৰণা ভোগ কৰি মালতীক ডাঙৰ-দীঘল কৰিবলৈ ৰল ৷ মালতীৰ অৱস্থাৰেই চম্পকো ওচৰৰ গাঁওখনিৰ এটি নিৰাশ্ৰয় পিতৃ-মাতৃহীন ধুনীয়া ডেকা ৷ এই চম্পককে বুঢ়ীমাকে মালতীক সঁপিছে ৷ চম্পকেই পতিপ্ৰাণা মালতীৰ একমাত্ৰ ধন ৷
          বুঢ়ীয়ে জীয়েক-জোঁৱায়েকৰ সৈতে সেই নিজৰাৰ পাৰৰ দুখীয়াৰ পঁজাটিতে থাকে ৷ বুঢ়ীয়ে এৰী-মুগা পোহে, সূতা কাটে ৷ মালতীয়ে তাঁত বয়, ভাত ৰান্ধে, হাল বায়, খেতি কৰে, পাচি খৰাহি সাজি বেচে ; এইদৰেই সিহঁতৰ জীৱন-যাত্ৰা নিৰ্ব্বাহ হয় ৷ চম্পকে লিখিব-পঢ়িব পৰা হৈছে ৷ দুয়োৰে বিবাহিত জীৱন এতিয়া তিনিবছৰত পৰিছেহি ৷

*

          বেলি মাৰ গৈছে ৷ এতিয়া সন্ধিয়া ৷ মালতীয়ে হাতত কলহ লৈ নৈ-ঘাটলৈ পানী নিবলৈ আহিছে ৷ এনেতে নৈৰ মাজত এখন নাৱে দেখা দিলে ৷ লাহে লাহে নাও ওচৰ চাপি আহিল ৷ মালতীৰ পানী অনা ঘাটেদি যাবলৈ ধৰিলে ৷ হঠাৎ নাও ৰল ৷ পাৰত মানুহ নামিল ৷ মালতীয়ে থৰ লাগি চাই আছিল ৷ এনেতে দটা মানুহে মালতীক ধৰি নাৱত তুলি লৈ নাও মেলি দিলে ৷ মালতীয়ে উচ্চস্বৰে কান্দিবলৈ ধৰিলে ৷ দূৰত থকা চম্পকে নৈ-পাৰত কান্দোন শুনি লৰি আহি যি দেখিলে আশ্চৰ্য্য ! স্বৰগ পৰা মানুহৰ দৰে থিয় হৈ ৰল, বিবুদ্ধি হল ; নাও বেগেৰে অদৃশ্য হৈ গল ৷
          হৰি হাজৰিকা এজন ৰজাৰ বিষয়া ৷ তেওঁ কোন কাৰণত ৰজাৰ কোপত পৰি বিষয়চ্যুত হৈ অনাই-বনাই ফুৰিছে আৰু কি বস্তুৰেনো ৰজাক তুষ্ট কৰিব পাৰি তাকে বিচাৰি ফুৰিছে ৷ তেওঁ ভাগ্যক্ৰমে আজি লুইতেদি ফুৰিবলৈ আহিছিল ৷ আহোঁতে পানী অনা ঘাটত সেই নিৰ্জ্জন ঠাই এডোখৰত এনে ৰূপৱতী যুৱতী এজনী দেখি তাইকে নি ৰজাক দি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মালতীক সেইদৰে হঠাৎ ধৰি লৈ গল ৷ সেই দৃশ্য অভিনৱ !! এফালে স্বাৰ্থসিদ্ধিৰ মহা আয়োজন আৰু আনফালে সৰল নিৰ্দ্দোষী প্ৰাণীৰ কৰুণ হাহাকাৰ !!

*

          লুইতৰ পাৰত মালতীৰ দুমহলীয়া অট্টালিকা ৷ পিৰালিয়েদি দ লুইত বৈ গৈছে ৷ ৰজাই ইয়াতে ভাবী-মহিষী মালতীক শোক-তাপ বিসৰ্জ্জন দিবলৈ থৈছে ৷ ৰজাই মাজে মাজে মালতীৰ লগত কথা পাতেহি ৷ কিন্তু মালতীয়েতো কথা নেপাতে, কেৱল এটুপি চকুৰ পানী আৰু এটি হুমুনিয়াহেৰে অন্তৰ অফুট মৰ্ম্ম-বেদনা জনাই নীৰৱে উত্তৰ প্ৰদান কৰে ৷ এদিন ৰজাই কলে, তুমি মোৰ মহিষী হব লাগিব মালতী ৷ মই আৰু তোমাৰ মতৰ নিমিত্তে সৰহ দিন বাট চাব নোৱাৰোঁ ৷ মই তোমাক আৰু পোন্ধৰ দিন সময় দিছোঁ, ইয়াৰ ভিতৰতে তোমাৰ সকলো শোক-তাপ আঁতৰাব লাগিব ৷ তাৰ পিছতে তুমি মোৰ অন্তেষপুৰত আন আন মহিষীৰ ভিতৰত পৰিগণিত হবা ৷
          এনেদৰে কৈ ৰজাই সেই কক্ষ পৰিত্যাগ কৰি গল ৷ মালতীয়ে চকুৰ পানী টুকি টুকি নৈৰ ফালৰ উন্মুক্ত গবাক্ষ দ্বাৰেদি সুবিমল আকাশলৈ চাই ৰল ৷
          সেইদিনা জোনাক নিশা ৷ সকলোৱে ৰূপালী বৰণ ধৰি হাঁহি আছে, মাত্ৰ মালতী বিষাদিনী ! এনেতে নৈৰ বুকুত কোমল বাঁহীৰ মাত শুনা গল ৷ এখনি সৰু নাও লাহে লাহে পশ্চিমৰপৰা ভটিয়াই গৈ অদৃশ্য হৈ পৰিল ৷

*

          মালতীৰ বিয়ালৈ বেছি দিন নাই ৷ মালতীৰ মন আৰু নৰয় ৷ কেনি যাওঁ কি কৰোঁ এইদৰে উগুলথুগুল লগাইছে ৷ মালতীয়ে এইবোৰ ভাবি-চিন্তি শেতেলিত পৰি থাকোঁতে সেইফালে টোপনি গল ৷ তেতিয়া সন্ধ্যাৰ ৰাঙলী ৰদচেৰেঙা আহি মালতীৰ খোঁটালিত সোমাই চিক্‌মিক্‌ কৰি আছিল ৷ তাৰে এচেৰেঙা সোণত সুৱগা পৰাদি মালতীৰ মুখত পৰি এটি স্বৰ্গীয় শোভাই বেঢ়ি ধৰিলেহি ৷ এনেতে ৰজা আহিল ৷ মালতী শুই থকা দেখি আকৌ উভতি গল ৷
          মালতী উঠিল ৷ গবাক্ষদ্বাৰৰ মুখত থিয় হৈ ৰল ! ৰাতি হল ৷ নদী-বক্ষত বাঁহী বাজি উঠিল ৷ লাহে লাহে নাওঁখনি আগবাঢ়ি আহিবলৈ ধৰিলে ৷ জোনে নীলিম আকাশত হাঁহিবলৈ ধৰিলে ৷ নাও আহি আৰু ওচৰ পালেহি ৷ এনেতে এডোখৰ কলা ডাৱৰে জোনটি ঢাকি ধৰিলে ৷ এন্ধাৰ হৈ পৰিল ৷ শোঁ-শোঁ শব্দে এদাল কাঁৰ আহি মালতীৰ খোঁটালিত পৰিলহি ৷ অলপ পিছতে জোনে হাঁহি উঠিল ৷ নদী-বক্ষত বাঁহী নবজা হল ৷ লাহে লাহে নাওখন অদৃশ্য হৈ গল ৷ মালতীয়ে আচৰিত হৈ মজিয়াৰ পৰা কাঁৰপাত তুলি ললে ৷ আৰু আচৰিত হল ৷ তাত এডোখৰ তুলাপাত ৷ মালতীয়ে তুলাপাতখন মেলি চালে, আৰু আনন্দত উত্ৰাৱল হৈ আনফালে গুচি গল ৷
          মালতীয়ে পাহৰি তুলাপাত কাঠৰ মজিয়াত পেলাই থলে ৷ হতভাগিনী মালতী !  এনেতে ৰজাৰ বেমহিষী আহি খোঁটালিৰ কাঁৰ আৰু তুলাপত দেখি আচৰিত হল ৷ তুলি লৈ তেওঁ ৰজাৰ ওচৰ পালেগৈ ৷

*

          ঘোৰ অমাৱস্যা ৷ আন্ধাৰত সকলো নিমগ্ন ৷ মাজে মাজে তৰাবোৰৰ অলপ অলপ পোহৰ ৷ চাৰিওফালে গভীৰ অন্ধকাৰ ৷ মালতী অতি দুখ মনেৰে শেতেলিত বহি আছি ৷
          এনেতে নদী-বক্ষৰ বাঁহী বাজি উঠিল ৷ মালতীৰ হিয়া ছিৰিং কৈ উঠিল ৷ তেওঁ গবাক্ষদ্বাৰৰ ওচৰলৈ লৰি গল ৷ লগে লগে চিপাহী জাঁপ মাৰি পৰিল ৷ নাৱৰীয়া বন্দী হল ৷ তাৰ পিছত বন্দীশালত আৱদ্ধ হল ৷ ৰজাই মাথোন মালতীক কলেহি, কাইলৈ তোমালোকৰ বিচাৰ হব ৷

*

          দুপৰীয়া ৰজা চৰাত বহিল ৷ চাৰিওফালে মানুহ ভৰি পৰিলহি ৷ পাত্ৰ-মন্ত্ৰীসকল ৰজাৰ চাৰিওফালে বহিলহি ৷ ৰজাই বন্দীক আনিবলৈ হুকুম দিলে ৷ তাৰ লগত মালতীকো ৰাজসভালৈ অনা হল ৷ ৰজাই বন্দীক সুধিলে, তই ইয়ালৈ কিয় আহিছিলি ?
          বন্দী ধীৰ, স্থিৰ, নিমাত !
          বন্দীৰ উত্তৰ নেপাই মালতীক সুধিলে, মালতী ! তোমাৰ ই কি হয় ?
          মালতী একো নহয় !
          ৰজা- তেন্তে তোমাক নিবলৈ সি কিয় আহিছিল ?
          মালতী (নিমাত !)
          ৰজা সঁচাকৈ তোমাৰ একো নহয় ?
          মালতী- সঁচাকেয়ে একো নহয় ৷
          ৰজা- তেন্তে তুমি তাক নিজ হাতেৰে কাটিব পাৰিবানে ?
          মালতীয়ে ধীৰ, স্থিৰ, গম্ভীৰ হৈ অবিচলিত কণ্ঠেৰে উত্তৰ দিলে.. পাৰিম ৷
          এনেতে বন্দী গৰজি উঠিল- অবিশ্বাসিনী ... তুমি সেই মালতীনে ?
          মালতী নীৰৱ, নিস্পন্দ ! ৰজাই মালতীৰ হাতত তৰোৱাল দি কলে, এইখন তৰোৱাল লোৱা বন্দীৰ শিৰশ্ছেদ কৰা ৷ তেহে তোমাক মই নিৰ্দ্দোষী বুলি জানিম ৷ প্ৰহৰী ! বন্দীক পাছলৈ হাতকৈ বান্ধি থ ৷
         মালতীয়ে হাতত তৰোৱাল ললে ৷ লাহে লাহে তৰোৱাল মালতীৰ হাতত শূন্যলৈ উঠিল ৷ প্ৰবল বেগেৰে নামি আহিল ৷ কিন্তু কি ! মালতীয়ে কি কৰিলে ? মালতীয়ে সেই তৰোৱালখন নিজৰ বুকুত বহুৱাই দি বন্দীক কলে, চম্পক ! তোমাৰ মালতী অবিশ্বাহিনী নহয় ৷
          ৰজা গৰজি উঠিল !  সভাঘৰ স্তম্ভিত হল ! ৰজাই চাওডাঙক বন্দীক শিৰচ্ছেদ কৰিবলৈ হুকুম দিলে ৷ তৎক্ষণাৎ চম্পকৰ মূৰে ভূমি চুম্বন কৰিলে ৷ চম্পক আৰু মালতীৰ প্ৰাণ অনন্তত মিলি গল ৷
           এতিয়া ৰজাৰ জ্ঞান আহিল ৷ সেই দম্পতীৰ প্ৰেমৰ বান্ধোন দেখি তেওঁ আচৰিত হল আৰু কলে, মালতী ধন্য তোমাৰ সতীত্ব ৷ ধন্য তুমি ! চন্দ্ৰ-দিবাকৰ থাকে মানে তোমাৰ স্মৃতি পৃথিৱীত থাকিব ৷ পৃথিৱীত শত শত যুৱতীয়ে পতিপ্ৰাণা হবলৈ শিকিব ৷ মই পাপাত্মা ৷ মালতী ! তোমাৰ আত্মাই যেন মোক ক্ষমা কৰে ৷ মন্ত্ৰী ! চম্পক আৰু মালতীক লুইতৰ পাৰলৈ লৈ যোৱা ৷ দুয়োৰো দেহ একে লগেই অগ্নি-সংস্কাৰ কৰাগৈ আৰু সেই দাহভূমিত শুৱনি প্ৰসলতৰ নিৰ্ম্মিত মৈদাম এটি সজাবা ৷ তাৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখি থবা সতীৰ সোঁৱৰণী’। 

***

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]        

**************

No comments: