যুঁজাৰু
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(এক)
দুপৰীয়া
সূৰ্য্যৰ প্ৰখৰ উত্তাপে যেন সকলো ডেইপুৰি নিব খুজিছে ৷ বতাহ এছাটিও নাই ৷ প্ৰকৃতি
বৰ শান্ত... বৰ যেন ক্লান্ত ৷ ক’তো অকণিও
হাই-উৰুমি নাই ৷ গছৰ পাত এটিও লৰা নাই ৷ চৰাই-চিৰিকটি এটাও উৰা নাই ৷ বৰ নিজম...
বৰ নিস্তব্ধ ৷ কিন্তু এই নিস্তব্ধতা যেন কৃত্ৰিম ৷ প্ৰকৃতিক যেন কোনোবাই গছকা মাৰি
শাঁতকৈ থৈছে ৷
দুপৰীয়া...
লুইতখন যেন এখন বৰ ডাঙৰ দাপোন ৷ একেবাৰে শান্ত ৷ তাত সূৰ্য্যৰ উজ্জ্বল কিৰণ পৰি
জকমকীয়া কৰিছে ৷ লুইতৰ বহল বুকুত সিপাৰৰ পৰ্ব্বতবোৰৰ নীলা নীলা ছাঁবোৰ পৰি এখনি
সুন্দৰ ছবি চিত্ৰিত কৰিছে ৷ বৰ সুন্দৰ বৰ ধুনীয়া ! কিন্তু বৰ চকুত লগা ৷
দুপৰীয়া...
নিজম নিস্তব্ধতা ভেদ কৰি ঝিলিবোৰে ঝিঁঝিকৈ চিঞৰিছে ৷ বৰকৈ চিঞৰিছে ৷ গোটেই জগত
ঝিলি-যা কোৱা-কা ৷বহুতে গোট খাই একেলগে চিঞৰি এটা অদ্ভুত সঙ্গীতৰ সৃষ্টি কৰিছে ৷
আকৌ একেলগে সকলোৱে নীৰৱ হৈছে ৷ কোনোবাই যেন সিহঁতক শান্ত হ’বলৈ
ইঙ্গিতহে কৰিছে হ’বলা ৷
এনে
দুপৰীয়া সময়ত কিন্তু এটিৰ কাৰণে জিৰণিৰ সময় হোৱা নাই ৷ বীৰহুৱে এতিয়া এই ৰ’দত
লৰি লৰি নৈ ঘাটলৈ আহিছে... কান্ধত এখন চুৰিয়া পেলাই, কঁকালত এখন গামোচা বান্ধি গা
ধুবলৈ ৷ বৰ ততাতৈয়া কাম আছিল হ’বলা ! বাৰু
এই দুপৰীয়া এজনৰ যে ইমান ততাতৈয়া, আনৰ যে আকৌ জিৰণিৰ সময়... কিয় ?
(দুই)
বোম্বাই
এপোলা বন্দৰ এৰি লাহে লাহে সৈন্যবাহিনীৰ জাহাজখন সাগৰৰ মাজলৈ যাবলৈ ধৰিলে ৷ পাৰত
কত মানুহে কত সৈনিকক বিদায় দিলেহি ৷ কত মাক-বাপেকীয়ে পুতেকহঁতক চাই গ’লহি,
কত ঘৈণীয়েকে মৰমৰ গিৰিয়েকক বিদায় দি চকুৰ পানীৰে আঁচল তিতাই গ’লহি,
কত জননীয়ে আহি পুতেকলৈ চাই কান্দি কান্দি চকুৰ পানীৰে বাট বেদেখা হ’লহি,
কত বন্ধুৱে সৈনিক বন্ধুক ৰুমাল জোকাৰি জোকাৰি ‘জেটি’ৰপৰা
বিদায় দিলেহি ৷ কিন্তু বীৰহুক কোনেও বিদায় নিদিলে ৷ কোনেও বীৰহুৰ কাৰণে এটুপিও
অশ্ৰু বিসৰ্জ্জন নকৰিলে, কোনেও যোৱা বুলি এষাৰি মাতকে নিদিলে ৷ কোনো নাহিল কিয় ?
জাহাজ লাহে লাহে দূৰ হৈ যাবলৈ ধৰিলে ৷ বোম্বাইৰ বন্দৰ লাহে লাহে নেদেখা হৈ যাবলৈ
ধৰিলে ৷ ভাৰতবৰ্ষৰ শেষ দৃশ্যও লাহে লাহে বীৰহুৰ চকুৰ আগৰপৰা আঁতৰি যাবলৈ ধৰিলে ৷
বিৰহুৰ ভাৰতবাসী লাহে লাহে আঁতৰ হৈ গ’ল ৷ চেনেহী
ভাৰতবৰ্ষও নেদেখা হ’ল ৷ মৰমৰ জন্মভূমি অসমো ক’ৰবাতে
লুকাই ৰল ৷ অসমীয়াৰ মাত-কথা, অসমীয়াৰ মৰম-চেনেহ এটি সপোন কাহিনীৰ দৰে বীৰহুৰ লাগিল
৷ বীৰহু ‘দেক’ত
বহিল ৷ নানাভাৱে মনত খেলাবলৈ ধৰিলে ৷ তেতিয়া ভাৰতবৰ্ষৰ শেষ ৰেখাও নীল গগনৰ লগত
ম্লান হৈ নাইকিয়া হৈ গৈছিল ৷
বিৰহুৰ
লাহে লাহে কথাবোৰ মনত পৰি আহিল ৷ বিৰহুৱে টোপোলাটোত ভালকৈ আঁউজি বহিল ৷ নীল সাগৰৰ
ঢৌবোৰে যেন এটা এটা পুৰণি কথা আনি বীৰহুৰ মনৰ আগত মুকলি কৰি দিলেহি ৷ বীৰহুৱে
ভাবিলে .. সেই স্কুলৰ ছাত্ৰ হৈ থাকোঁতে কৰিছিল কি ? প্ৰথম শ্ৰেণীত পঢ়াৰ সময়ত
কেনেকৈ যুদ্ধলৈ মন কৰি নাম দিলে ৷ আয়েকে কিমান কান্দিলে ৷ বাপেকে কেনেকৈ চোতালত
বহি মনটো আমোলাই থাকিল ৷ বাপেক-মাকৰ কথা মনত পৰিলত বীৰহুৰ চকুৰপৰা অজ্ঞাতে এটুপি
চকুলো বাগৰি পৰিল ৷ বীৰহুৰ যেন অলপ চক্ খাই উঠিল ৷ আকৌ ৰূপহীৰ সেই সুন্দৰ মুখখনি
আহি বীৰহুৰ মুখৰ আগত জিলিকি উঠিলহি ৷ বীৰহু বৰ চঞ্চল হৈ উঠিল ৷ বীৰহুৱে নৈৰ ঘাটত
ৰূপহীক কথাকেটা কোৱাৰ কথা মনত পৰিল ৷ ৰূপহীৰ মাকে কোৱা “তই
নাহ মানে বোপাই ছোৱালী থৈ দিম ৷ তোৰ কিবা এটা খবৰ পালেহে ছোৱালী আনলৈ দিম ৷”...
কথা কেইষাৰি মনত পৰিল ৷ বীৰহু বৰ চঞ্চল হৈ পৰিল ৷ বীৰহুৱে এটি বিৰহ-যাতনা অনুভৱ
কৰিলে ৷ ভাবিলে.. ৰূপহীয়ে মোলৈকে চাগৈ বাট চাই থাকিব ৷ নৈৰ পাৰৰপৰা ৰূপহীয়ে আৰু
আগৰ দৰে হাঁহি হাঁহি নাহিব চাগৈ ৷ বীৰহুৰ আকৌ এটুপি চকুৰ পানী বাগৰি পৰিল ৷ এনেতে
বিকুল বাজিল ৷ বিৰহু থিয় হ’ল ৷ কমাণ্ডাৰৰপৰা
হুকুম হ’ল ‘এটেন্ছন্’ ৷
বীৰহুৱে বুটজোতাৰে গৰপ্ গৰপ্কৈ শাৰী হ’লগৈ ৷
ৰূপহী আকৌ সাগৰৰ মাজৰপৰা উৰি অসমীয়া গাঁৱত সোমালগৈ ৷
বীৰহুৰ
খোৱা-বোৱা শেষ হ’ল ৷ সৈন্যবোৰ শাৰী শাৰী হৈ
নিজৰ নিজৰ ঠাইত বহিল ৷ সকলোৱে নিজৰ কথা ভাবিবলৈ বা জিৰণি লবলৈ বেছ সময় পালে ৷ জাহাজে
তেতিয়া এদেন এৰি আৰু দূৰণিৰ সাগৰ অভিমুখে তীব্ৰ গতিৰে গৈ আছিল ৷ বীৰহুৰ আকৌ চকু
দুটা মুদ খাই আহিল ৷ আকৌ ভাবৰ ওপৰত ভাববোৰ আহি বীৰহুৰ মন অধিকাৰ কৰিলেহি ৷ বীৰহুৱে
ভাবিলে ... ‘মই আছিলোঁ ক’ত
? মোৰ উদ্দেশ্যই বা আছিল কি ? বীৰহুৱে প্ৰথমতে কেনেকৈ সৈন্যদলত নাম দিবলৈ
হোহকা-পিছলা কৰিছিল, কিন্তু সেই দিনা সৈন্য-সংগ্ৰহ কৰা মিটিঙত যেতিয়া বক্তৃতা
শুনিলে যে তোমালোকে যুঁজ কৰিবলৈ ওলোৱা ৷
দেশ ৰক্ষা কৰিব লাগে ৷ ৰজাক ৰক্ষা কৰিব লাগে ৷ ভাৰতবাসীয়ে এতিয়া যুদ্ধবিদ্যা শিকাৰ
উত্তম সময় ৷ এই সুযোগ যেন ডেকা ল’ৰাবোৰে এৰি
নিদিয়ে ৷ ইত্যাদি বক্তৃতা শুনি নাম দিলে ৷ তাৰ পিছত মাক-বাপেকৰ কত কান্দোন-কাটোন,
ৰূপহীৰ কত অনুনয় বিনয় পাছ পেলাই দেশৰক্ষাৰ কাৰণে ভাৰতবাসীৰ মান ৰাখিবলৈ কেনেকৈ
বীৰহুৱে দৃঢ়প্ৰতিজ্ঞ হৈ ওলাই আহিল, সকলোবোৰ কথা মনত পৰিল ৷ ঘৰৰপৰা ওলাই আহোঁতে
মাকে কেনেকৈ পদূলিমূৰলৈকে কান্দি কান্দি আহিল, বাপেকে কেনেকৈ দূৰৰপৰা জুমি জুমি
চালে, এই সকলোবোৰ কথা বীৰহুৰ মনত উপস্থিত হৈ বীৰহুক বৰ চঞ্চল কৰি তুলিলে ৷ পিছে
বীৰহুৱে চকু মেলি চাই দেখিলে যে সি সমুদ্ৰৰ মাজত ৷ চাৰিওফালে কেৱল নীলা ৷ কেৱল ঢৌৰ
উপৰি ঢৌ ৷ ভাৱনা এৰিলে ৷ বীৰহুৰ লাহে লাহে মূৰটো অলপ ঘূৰাই আহিল ৷ অচেতনৰ দৰে হৈ
কাতি হৈ গ’ল ৷ তেতিয়া জাহাজ মাজ
সমুদ্ৰত ৷ বৰকৈ হেলিছিল-দুলিছিল ৷
(তিনি)
মাত-কথাতো
বুজিবকেই নোৱাৰি ৷ দেশীও নহয়, ইংৰাজীও নহয় ৷ বীৰহুৰ অলপ কেনেবা লাগিল ৷ ফ্ৰান্সৰ ‘মাৰ্ছিলিছ’ত
জাহাজ চাপিলগৈ ৷ বৰ হুলস্থূল ৷ কত গাড়ী-ঘোঁৰা, কত মটৰ আহিলে ৷ কিন্তু সকলোতকৈ
দেখিবলৈ ভাল হৈছে সেই ভয়ানক সৈন্যবাহিনীৰ মটৰবোৰ ৷ সৈন্যদল নামিল ৷ লাহে লাহে মটৰত
উঠীল ৷ মটৰ ছাউনীলৈ ৰাওনা হ’ল ৷ বীৰহুৰ
মনটো তেতিয়া এক ৰকম ! বীৰহুৰ যেন কি এটা ভাব ! যেন মুক্ত ৷ বীৰহুৱে ভাবিলে ...
আমাৰ পৰাধীন ভাৰত আৰু এই স্বাধীন ফ্ৰান্স ৷ ইয়াৰ সামান্য এটা বনুৱাৰো কেনে ভাব !
ইয়াৰ যেন সকলোৱেই স্বাধীন ৷ বতাহ স্বাধীন, নৈ-পৰ্ব্বত সকলো স্বাধীন ৷ জনমৰ ভিতৰত
আজি বীৰহুৱে স্বাধীন দেশৰ বতাহ পাইছে ৷ মনটোও যেন স্বাধীন ৷স্বাধীন দেশৰ বতাহ পাই
বীৰহুৰ মনটো আৰু দৃঢ় হ’ল ৷
বীৰহুৰ
বয়স এতিয়া কোমলেই ৷ মাত্ৰ ছাব্বিছ বছৰ ৷ বেছ বলবান ৷ দেখিবলৈ সুন্দৰ ৷ সেদেখি
বীৰহুৰ ফ্ৰান্সৰ নানা বিলাসী বস্তু দেখি মনটো যে চঞ্চল হৈছিল তক নক’লেও
হ’ব ৷ পিছে বীৰহু যে আহিছে যুঁজ কৰিবলৈ... বন্দুকৰ
গুলিত বুকু পাতি মৰিবলৈ ৷
বৰ্ত্তমান
বীৰহুহঁতৰ ৰেজিমেন্টক যুদ্ধ কৰিবলৈ নিদিয়ে ৷ কিন্তু এতিয়া মাল কঢ়িওৱা আৰু আন আন
ফেক্টৰীৰ বন্দুক-বাৰুদ ইত্যাদি অনা-নিয়া কামতহে দিব ৷ এতেকে বীৰহুৰ সোনকালে মৰণৰ
ভয় নাই ৷
বীৰহুৱে
বৰ্ত্তমান কাম কৰিলে এটা ডাঙৰ মেচিনগানৰ গুলি তৈয়াৰী কৰা ফেক্টৰীত ৷ যুদ্ধ কৰিবলৈ গৈ বীৰহুৱে
কুলীগিৰি কৰিবলগীয়াত পৰিল ৷ বীৰহুৰ বৰ বেয়া লাগিল ৷ খাবলৈকো সুবিধাৰূপে নিমিলে ৷
মাজে সময়ে ৰুটি এটা, অলপ সিজোৱা মঙহ, কেতিয়াবা শুকান বুট মাহ.... ইত্যাদিবোৰত
বীৰহুৰ মন বৰ ভাল নহয় ৷ তাতে এটা কথাই প্ৰাণত বৰ আঘাত দিলে ৷ এদিন এটা ইটালীয়ই বীৰহুক সুধিলে, “তোমাৰ
নিছান কি ?”
বীৰহুৱে
কৈছিল- "য়ুনিয়ন জেক্ ৷"
ইটালীয়জনে
এটা বিদ্ৰুপৰ হাঁহি মাৰি কৈছিল, “তোমাৰ ইমান
ডাঙৰ জাতি এটাৰ নিজৰ নিছান নাই ? ছি: ছি: ! বৰ লাজৰ কথা ৷”
বীৰহুৱে
কিন্তু এইবোৰ অপমান কাতি কৰি থৈও কাম কৰিছিল.... বৰ উৎসাহেৰে ৷ ক’তো
অলপো এলাহ নকৰিছিল ৷ ক’তো কামৰ অলপো ক্ৰুটি নকৰিছিল
৷ জানোচা ভাৰতীয়ৰ বদনাম হয় ৷ জানোচা কোনোবাই ঘৃণাৰ চকুৰে চায় !
বীৰহুৰ
ফেক্টৰীত বহুত তিৰোতাই কাম কৰিছিল ৷ তাত ছয়ত্ৰিছ বছৰীয়া ছোৱালীৰপৰা দুকুৰি বছৰীয়া
বুঢ়ীলৈকে আছিল ৷ সিহঁতে যে কি উদ্যমেৰে মৰোঁ-জীওঁ-সো-আধিকৈ কাম কৰিছিল ! সেই কোমল অঙ্গৰ তিৰোতাই যে এনে টান কাম কৰিব
পাৰে তাক বীৰহুৱে আগেয়ে বিশ্বাস কৰা নাছিল ৷ ইহঁতৰ এনে পৰিশ্ৰম দেখি, ইহঁতৰ মনৰ
দৃঢ়তা আৰু মনৰ উৎসাহ, সহিষ্ণুতা দেখি বীৰহুৱে অলপ অনুভৱ কৰিছিল যে স্বাধীনতা বস্তু
কি ! স্বাধীনতা ৰক্ষাৰ কাৰণে মানুহে কৰিব নোৱাৰে কি ! দেশৰ এনে বিপদ নোহোৱা হ’লে
ইহঁতেনো এনেকৈ খাটিলেহেঁতেন ? সিহঁতৰ স্বদেশপ্ৰেম দেখি বীৰহুৰ মনত প্ৰশ্ন হৈছিল..
আমি সেইদৰে দেশক ভাল পাওঁনে ? বীৰহুৰ তেতিয়া অনুভৱ হ’ল
যে দেশ বোলা এটা বস্তু আছে ৷ দেশ কি মৰমৰ ! দেশ যে কিমান চেনেহৰ !
ফেক্টৰীত
বীৰহুক সকলোৱেই ভাল পাইছিল ৷ ইফালে এবাৰ যাওঁতে সিফালে এবাৰ যাওঁতে যেয়ে সেয়ে এটা
কথা সুধি গৈছিল ৷ অলপ মুখলৈ চাই হাঁহি গৈছিল ৷ বীৰহুৱে বেছ স্ফূৰ্ত্তিৰেই কাম
কৰিছিল ৷ পিছে বীৰহুৱে বিশেষকৈ আদৰ পাইছিল মিছ এনাৰপৰা ৷ ছোৱালীজনীয়ে সময় পালেই
বীৰহুৰ লগত কথা পাতিছিল ৷ বীৰহুৰ আগগুৰি সকলো সুধিছিল ৷ বীৰহুৱে এনাৰ সৈতে কথা
পাতিবলৈ পাতিবলৈ বৰ ভাল পাইছিল আৰু মাজে মাজে দুখ-সুখৰ কথাও কৈছিল ৷ এনাই বীৰহুক
মাতিছিল মিষ্টাৰ বীৰ বুলি ৷ মাজে-মাজে কিবাকিবি দুটা-এটা খাবলৈকো আনি দিছিল ৷
বীৰহুক তাই বৰ মৰম কৰিছিল ৷ কিয়... ?
*
ফেক্টৰীৰপৰা
অলপ ছুটী পাইছিল দুপৰীয়া খোৱাৰ সময়ত ৷ ফেক্টৰীৰ অলপ আঁতৰত এজোপা ওক্ গছ ৷ তাৰ
তলতে ডাঙৰ ডাঙৰ লোহাৰ স্তূপ ৷ বীৰহুৱে তাৰে ওপৰত বহি ৰুটী আৰু মঙহ সিজোৱা লৈ
বহিছিল খাবলৈ ৷ এনাও ভাগৰে-জুগৰে আহি বীৰহুৰ ওচৰত বহি ৰুটী খাইছিল ৷ দুয়ো নানা কথা
পাতিছিল ৷
এনা – “বাৰু
মি: বীৰ ! তোমাৰ এইবোৰ আহাৰ খাবলৈ ভাল লাগিছেনে ?”
বীৰ – “বিশেষ
বেয়া লগা নাই ৷”
এনা – “এৰা,
বেয়া নেলাগিবও পাৰে ৷ ভোকত সকলো ভাল লাগেই ৷ বাৰু বীৰ ! তোমাৰ ঘৰলৈ মনত নপৰেনে ?”
বীৰ – “পৰে
৷”
এনা – “মি:
বীৰ ! তোমালোকৰ দেশখন হেনো বৰ ভাল ৷ সদায় হেনো বেলিৰ পোহৰ পোৱা ? গছ-গছনিবোৰ হেনো
বৰ সুন্দৰ ? জাৰ হেনো নায়েই ?”
বীৰ – “অঁ,
নাই ৷ পিছে বৰ জহ ৷”
এনা – “আমি
জহকালটো বৰ ভাল পাওঁ ৷ বাৰু বীৰ ! তুমি বিয়া কৰালানে ?”
বীৰ – “নাই
কৰোৱা ৷”
এনা
– “বাৰু,
তুমি ইয়াৰ তিৰোতাবোৰ ভাল পোৱা নে তোমাৰ দেশৰ ৷”
বীৰহুৱে
হঠাৎ উত্তৰ দিব নোৱাৰিলে ৷ ৰ’ল ৷
এনাই
ক’লে, “মনে মনে
থাকিলা দেখোন ? বেয়া পোৱা নেকি ?”
বীৰহু
– “কিয়
? ভাল পাওঁ ৷”
এনাৰ
মুখত যেন এটা আনন্দৰ ৰেখা ফুটি উঠিল ৷ অলপ উৎসাহিত হৈ তাই ক’লে,
“বাৰু
মি: বীৰ ! তুমি ইয়াত বিয়া নকৰোৱা কিয় ?”
বীৰহু
আকৌ নিমাত হ’ল ৷ ৰূপহীৰ মুখখন আহি বীৰহুৰ আগত
জিলিকি উঠিল ৷ অলপ পিছত চঞ্চল হৈ ক’লে, “আৰু
কি বিয়া কৰাম এনা ! কেতিয়া মৰোঁ তাৰ ঠিক নাই ৷”
এনাৰ
মনটো অলপ বিমৰিষ হ’ল ৷ এনেতে ফেক্টৰীৰ বেল
বাজিল ৷ দুয়ো ল’ৰা-লৰিকৈ উঠি গ’ল
৷ এনাই বীৰহুৰ বাহুত হাত এটা থৈ মাজে মাজে এটা দুটা কথা সুধি গৈছিল ৷
(চাৰি)
ৰাতি
প্ৰায় দুইমান বাজিছে ৷ কিন্তু তথাপি নিজম হোৱা নাই ৷ নানাৰকম গোলমাল ৷ বীৰহুৰ
তম্বুটোত এটা সৰু লেম জ্বলি আছিল ৷ বীৰহুৰ হাতত এখন চিঠি ৷ বীৰহুৱে পঢ়ি গ’ল
....
“মৰমৰ
বীৰহু !
মোৰ
আশীৰ্ব্বাদ লবা ৷ তুমি ইমান দিন ক’ত আছা, কি
কৰিছা, একো খবৰ নেপাওঁ ৷ সদায় ডাকোৱালক সোধোঁ বোলো আমালৈ বিলাতৰপৰা চিঠি আহিছেনে ?
নাই অহা বুলি সি কয় ৷ মনটো যে কেনেকুৱা লাগি আছে ৷ বোপাই ! তোমাৰ কুশলৰ কাৰণে
আই-থানলৈ পাৰ এযোৰ আৰু ফুল এপাহ আগবঢ়াইছোঁ ৷ ভগৱন্তই যেন মোৰ বোপাইক কুশলে আনি ঘৰ
পোৱায়হি ৷ বোপাই ! দুখনী মাৰাৰ আৰু কেও নাই, সদায় তোমালৈ মনত পৰি থাকে ৷ ৰূপহীৰ
মাকে সদায় তোমাৰ বতৰা লবলৈ আহে ৷ ৰূপহীও প্ৰায়েই আহি থাকে ৷ তুমি চিঠি-পত্ৰ নিদিয়াৰ বাবে বেজাৰ কৰিছে ৷ এই চিঠি পোৱা
মাত্ৰেই চিঠি দিবা ৷ জিলাৰ বেচাহাবৰ কেৰেণীক সুধি তোমাৰ ঠিকনাটো আনি চিঠি লিখিলোঁ
৷ উত্তৰ দিবা মোৰ বোপাই ৷ দুখুনী মাৰালৈ নেপাহৰিবা ৷ আৰুনো কি লিখিম ? আমাৰ ভালেই
৷ ৰূপহীহঁতো ভালে আছে ৷ এইবাৰ খেতি-বাতি ভালকৈ হোৱা নাই ৷ তোমাৰ উত্তৰ পাবলৈ বাট
চাই থাকিলোঁ ৷ কুশলে থাকা বোপাই... তোমাৰ
মৰমৰ আয়েৰা ৷”
বীৰহুৱে
চিঠিখন পঢ়ি অলপ গম্ভীৰ হ’ল ৷ৰূপহীৰ কথা মনত পৰিল ৷
আকৌ ৰূপহীৰ মুখখন আঁৰ কৰি এনাই ভুমুকি মাৰিলেহি ৷ বীৰহুৰ বুকুখন কিবা এটা খুন্দাত
ধপ্ধপাই উঠিল ৷ বীৰহুৱে চিঠীখন গাৰুৰ তলত সুমাই বিছনাত কাতি হ’ল
৷ তেতিয়া ছাউনীৰ গোলমাল অলপ কমিছিল ৷ অলপ নিজম হৈছিল ৷
বীৰহু
অলপ গম্ভীৰ হ’ল ৷ বীৰহুৰ ভৱিষ্যত যেনে
একেবাৰে এন্ধাৰ... তাত যেন অলপো পোহৰৰ আভাও নাই ৷ কিন্তু বীৰহু.... নহয়, বীৰহুৰ
মনত আশাই ভুমুকি মাৰিলেহি ৷ বীৰহু চঞ্চল হ’ল ৷ এনাৰ
হাতত ধৰি সুধিলে, “সঁচাকৈয়ে ভাল পোৱানে ?”
এনাৰ
মুখখম ৰঙা পৰিল ৷ বীৰহুৰ ফালে বৰ সতৃষ্ণ নয়নেৰে চাই ক’লে,
“সঁচা,
সঁচা, এশবাৰ সঁচা ৷ বীৰ ! তুমি মোক ভাল পোৱানে ? বীৰ ... !”
এনাই বীৰহুৰ ডিঙিত সাবটি ধৰিলে ৷
বীৰহুৱে...
!
অলপ
ৰৈ বীৰহুৱে ক’লে, “কিন্তু
তোমাক মই বিয়া কৰাওঁ কেনেকৈ ? আমাৰ মিলন জানো সম্ভৱ ?”
এনা – “কিয়
?”
বীৰ – “কিয়
? তোমাৰ সৈতে যে মোৰ এক মহাসাগৰৰ ব্যৱধান ... জাতিৰ ব্যৱধান, ভাষাৰ ব্যৱধান, মনৰ
ব্যৱধান, বৰণৰ ব্যৱধান, সমাজৰ ৰীতি-নীতিৰ ব্যৱধান ৷ চোৱাচোন তোমাৰে মোৰে কিমান
ব্যৱধান ৷”
এনা – “কিন্তু,
কিন্তু... বীৰ ! প্ৰেমৰ আগত বন্ধন কি ? ব্যৱধান কি ? প্ৰেমৰ আগত সেই ব্যৱধান তুচ্ছ
৷ এই ব্যৱধান মহাসাগৰৰ ওপৰেদি তোমাৰে মোৰে
ভালপোৱাৰ যি সাঁকো সি বৰ দৃঢ়... সি সহজে ভাগি নেযায়... এই সেতু যুগমীয়া ৷ বীৰ !”
বীৰ – “তেন্তে
এনা ! যদি জীয়াই থাকোঁ এনা ! তুমি সুখী হ’ব পাৰিবানে
!”
কোন
ক’ত আছা, জুমি চোৱা... এটি অপূৰ্ব্ব মিলন দেখিবা ৷ কেনে
পবিত্ৰ ? কেনে মধুৰ, কেনে দৃঢ় !!
*
কমাণ্ডাৰৰপৰা
হুকুম হ’ল – “ফায়াৰ্
৷” সহস্ৰ বন্দুকৰ গুলি গৈ শত্ৰৰ খাৱৈত পৰিলগৈ ৷ কিমান
মৰিল চাগৈ ৷
বীৰহু
এতিয়া আৰু ফেক্তৰীত নাই ৷ এতিয়া বীৰহু যুদ্ধক্ষেত্ৰত ৷ মৰণৰ দুৱাৰদলিত ৷ বীৰহুৰ
ৰেজিমেন্টে এতিয়া ট্ৰেঞ্চৰ সৈন্যক কাৰ্ট্ৰিজ যোগাইছে ৷ ৰচদপাতি যোগাইছে ৷
আবেলি
হওঁ হওঁ ৷ দুই পক্ষৰ খাৱৈৰপৰা অসংখ্য গুলি আহি দুয়ো পক্ষৰে বহুত সৈন্য হানি কৰিছে
... ৰূপৰ অধিষ্ঠাত্ৰী দেৱীয়ে উলঙ্গ মূৰ্ত্তিৰে যেন এতিয়া পূৰ্ণ উল্লাসত নৃত্য কৰি
নৰৰক্ত পান কৰিছেহি ৷ মানুহৰ কল-কৌশলৰ ধোঁৱা দেখি যেন আকাশৰ মেঘো মাজত আঁতৰি গৈছে
৷ মৃত্যুৱে বৰ উৎসাহেৰে আহি যেন কোলা পাতি বহি আছেহি ৷ অলপ পিছতে কিছুমান সৈন্য
বগুৱাবাই আহিবলৈ ধৰিলে ৷ সিহঁতৰ পিঠিত বোজা আছিল ৷ এনেতে এটা ভীষণ শব্দ হ’ল
৷ ভীষণ হাৱিজাৰে বিকট আৰ্ত্তনাদ কৰি সৈন্য গ্ৰাস কৰিবলৈ সহস্ৰখণ্ড গুলি নিক্ষেপ
কৰিলে ৷ এটা প্ৰলয়ৰ সৃষ্টি হ’ল ৷ এই প্ৰলয়ত
দূৰদূৰণিৰ হিয়া কঁপি উঠিল, গাল তিতি গ’ল, বিষাদৰ
ছাঁয়া আহি ভৱিষ্যতৰ সোণালী সপোন চিৰদিনলৈ ঢাক খুৱাই দিলেহি হবলা !
মিলিটেৰী
হাস্পতাল ৷ যুদ্ধত আহত সৈন্যবোৰ আনি এই হাস্পতালত থৈ শুশ্ৰূষা কৰা হৈছে ৷ শাৰী-শাৰীকৈ
বিছনা পতা, তাত একোজন ৰোগী ৷ মাজে মাজে এটি দুটি ৰোগীৰ যন্ত্ৰণাব্যঞ্জক শব্দ নিজম
হাস্পতালৰ দেৱালত প্ৰতিধ্বনিত হৈছে ৷ মূৰত চালিধৰা কাপোৰৰ ওৰণী লৈ নাৰ্ছবোৰ ঘূৰি
ফুৰিছে ৷ বৰ ব্যস্ত, বৰ উদগ্ৰীৱ, বৰ উৎকণ্ঠিত... যেন কৰুণাৰ জীৱন্ত প্ৰতিমূৰ্ত্তি
সৰগৰপৰা নামি আহি দু:খক্লিষ্ট মানৱৰ শুশ্ৰূষাত নিযুক্ত হৈছেহি ৷
১৮
নং বেৰেকৰ ৪৫ নং বিছনাত এজন ৰোগী শুই আছে ৷ ওচৰত নাৰ্ছ ৷ তেওঁ বাৰে বাৰে ঘড়ীলৈ
চাইছে, বাৰে বাৰে ৰোগীৰ মুখলৈ চাইছে ৷ তেওঁৰ নাৰ্ছ হিচাপে শুশ্ৰষা কৰাৰ বাহিৰেও
যেন ৰোগীজনৰ প্ৰতি আৰু কিবা বিশেষ কৰ্ত্তব্য আছে ৷
বীৰহুৱে
মূৰত হাত ফুৰাই চকুমেলি এনাৰ ফালে চালে ৷ এনাই ব্যগ্ৰভাৱে মুখখন ওচৰলৈ নি সুধিলে...
“বীৰ
! কেনে পাইছা ? ভাল পাইছানে ?”
বীৰহুৱে
মূৰ জোকাৰি জনালে, “ভাল পাইছোঁ” ৷
এনাই
ওচৰৰ গাখীৰৰ বাটিটোৰপৰা এচামুচ গাখীৰ বীৰহুৰ মুখত দিলে... বীৰহু অলপ সুস্থ হ’ল
৷ ভালকৈ চকু মেলি এনাৰ সৈতে কথা পাতিবলৈ ধৰিলে ৷
বীৰহুৱে
ট্ৰেঞ্চলৈ ৰচদ নিওঁতে হাৱিজাৰৰ গুলি খাইছিল বৰ বিষমৰূপে ৷
এনাই
বীৰহুৰ ওচৰলৈ ড্ৰয়াৰৰপৰা এটা লেফাফা উলিয়াই আনি বীৰহুক ক’লে,
“বীৰ
! তোমাৰ এখন চিঠি আহিছে, কিন্তু মই একো পঢ়িব নোৱাৰিলোঁ ৷ তুমি পাৰিবানে ?”
বীৰহু
– “তুমি
চিঠিখন মেলি মোৰ চকুৰ আগত ধৰা...”
এনাই
চিঠিখন বীৰহুৰ চকুৰ আগত ধৰিলে ৷ চিঠিখনে এনাৰ থুঁতৰিৰপৰা বুকুলৈকে ঢাকি পেলালে ৷
মুখখন ওলাই থাকিল ৷ সৰু সৰু ধুনীয়া আঙুলিৰ আগকেটিও ওলাই থাকিল ৷ বীৰহুৱে লাহে লাহে
ৰৈ ৰৈ পঢ়ি গ’ল...
নামপুৰ
১৭
তাৰিখ
“কল্যাণীয় মৰমৰ বীৰহু বোপা !
বোপাই
! তোমালৈ চিঠি এখনি দিছিলোঁ, উত্তৰ নাই পোৱা ৷ দুখুনী মাৰাকনো পাহৰিলানে ? অ’
মোৰ বোপাই ! শুবৰ সময়ত মই সদায় ঈশ্বৰৰ চৰণত তোমাৰ কুশলৰ বাবে মিনতি কৰি আছোঁ ৷ মোৰ
বোপাই ! তোমাৰ চিঠি নেপাই পিতায়েৰায়ো বৰ বেজাৰ কৰি আছে ৷ আমি বুঢ়া হৈছোঁ, মৰিবলৈ
সৰহ দিন নাই ৷ তুমি সোনকালে আহিবা বোপাই ! মুখত জুই দিবলৈও আৰু পো বুলিবলৈ তোমাৰ
বিনে আৰু কোনো নাই ৷ বোপাই ! চিঠি দিবা ৷ মোৰে শপত, চিঠি এইবাৰ লিখিবা ৷ আমি
জুহালৰ গুৰিত বহি সদায় তোমাৰ কথাকে ভাবি থাকোঁ ৷ ৰূপহীৰ মাকে দিনৌ তোমাৰ খবৰ লৈ
যায়হি ৷ ৰূপহীও আহে ৷ ৰূপহীয়ে আগৰ দৰে আজিকালি হাঁহি-ধেমালি কৰি নেথাকে... মনটো
সদায় আমোলাই ফুৰে ৷ সোনকালে চিঠি দিবা মোৰ বোপাই ! আজি তোমাৰ কুশলৰ কাৰণে ঘৰতে
আইসেৱা পাতিছিলোঁ ৷ আমাৰ কুশল ৷ চিঠি দিবলৈ নেপাহৰিবা ৷ বুঢ়া মাৰা-বাপেৰাই তোমালৈ
বাট চাই আছে ৷ সোনকালে আহিবা ৷ আমাৰ আশীৰ্ব্বাদ লবা ৷ কুশলে থাকা মোৰ বোপাই ৷
তোমাৰ
আয়েৰা ৷”
বীৰহুৰ
আৰু সহ্য নহ’ল ৷ এই বেমাৰত মাকলৈ মনত
পৰিল ৷ বীৰহুৱে উচুপি উচুপি কান্দিবলৈ ধৰিলে ৷ এনাইনো কেনেকৈ সন্তনা দিব একোকে
বুজিব নোৱাৰি ক’লে, “নেকান্দিবা,
নেকান্দিবা ৷ যীচুৱে তোমাৰ কুশল কৰিব ৷” ৰুমালেৰে
চকু মচি দিলে ৷
বীৰহুৰ
মনত ৰূপহী উদয় হলহি ৷ বীৰহুৱে এনালৈ চালে ৷ ৰূপহী আৰু এনাই যেন একেথৰে বীৰহুলৈ
চাইছে ৷ দুয়ো সুন্দৰ ৷ দুয়ো পৱিত্ৰ ৷ কোন কিমান সুন্দৰ ? এটি যেন পুৱাৰ গগনৰ ৰাঙলী
ওঁঠ দুখনিৰ স্নিগ্ধ শীতল উষা ৷ আনটি যেন পশ্চিমৰ গগনত লাহে লাহে ৰংচৰাই মাৰ যোৱা
মধুৰ সন্ধ্যা ৷ বীৰহুৱে আৰু ভাবিব নোৱাৰিলে ৷ শোকে খুন্দা মাৰি ধৰিলেহি ৷ মূৰটো
বিষাবলৈ ধৰিলে ৷ বীৰহুৱে উচপিচাবলৈ ধৰিলে !
এনাই
অলপ ব্যগ্ৰ হৈ ক’লে, মি: বীৰ ! তুমি শোৱা ৷
এতিয়া একো নেভাবিবা ৷ তোমাৰ শৰীৰ আৰু অসুস্থ হ’ব
৷” বীৰহুৱে লাহে লাহে এনাৰ হাতখন ধৰি ক’লে,
“এনা,
আৰু নাভাবোঁ ৷ মোৰ ভাবনাৰ শেষ হৈছে ৷ এইবাৰ মই মৰিম.... এনা...”
এনাৰ
চকুৰপৰা এটুপি লো বাগৰি পৰিল ৷ মোহাৰি ক’লে, “বীৰ
! তুমি কিয় এনে কথা কোৱা ? তুমি কিয় মৰিবা ? তোমাৰ আগত ইমান সুন্দৰ ভৱিষ্যত পৰি
আছে ৷ তুমি নমৰা ৷ প্ৰভু যীচুৱে তোমাক ৰক্ষা কৰিব ৷”
বীৰহুৱে
এটা যন্ত্ৰণা অনুভৱ কৰিলে..."উস্ এনা !
আৰু নোৱাৰি ৷ বৰ বিষ... উস্ উস্ উস্.... এনা, এনা... উস্ !”
বীৰহুৰ
চকু দুটা জাপ খাই আহিল ৷ বীৰহুৱে যন্ত্ৰণাত উচ্পিচাবলৈ ধৰিলে ৷ এনাৰ বুকুখন বৰকৈ
ধপ্ধপাই উঠিল ৷ বিৰহুৰ মূৰত লাহে লাহে হাত ফুৰাবলৈ ধৰিলে ৷ এনেতে হাউছ-ছাৰ্জন আহি
থিয় দিলেহি ৷ বীৰহুৰ মুখলৈ চাই এনাক সুধিলে, কেনে আছে ?”
এনা –
মূৰ বিষাইছে বুলি কৈছে ৷ আপুনি এবাৰ চাওকচোন ৷”
ডাক্তৰে
বীৰহুৰ হাতটোত ধৰি নাড়ী পৰীক্ষা কৰি চালে ৷ বীৰহুৰ লাহে লাহে জ্বৰ বাঢ়ি আহিছিল ৷
বীৰহুৰ চেতনা লাহে লাহে নাইকিয়া হৈছিল ৷ হাস্পতালৰ ঘড়ীত টং টংকৈ পাঁচ বাজি উঠিল ৷
লাহে লাহে এটা দুটাকৈ বিজুলীচাকিবোৰ জ্বলিবলৈ ধৰিলে ৷
দুপৰীয়া...
হাস্পতাল নিজম.... নিস্তব্ধ ৷ প্ৰায়বোৰ ৰোগীয়েই শুই আছে ৷ ক’তো
অলপো গোলমাল নাই ৷ বৰ যেন ভীষণ ৷ মাজে মাজে এটা দুটা ৰোগী চক খাই উঠিছিল ৷
মানুহ-দুনুহ
বৰকৈ নাছিল ৷ মাজে মাজে কেৱল এজনী দুজনী ছিষ্টাৰৰ গহীন পদশব্দই নিস্তব্ধতা ভঙ্গ
কৰিছিল ৷এনেতে দূৰত কোনোবাই বৰ কৰুণ কণ্ঠেৰে মাতিলে... “হে
ঈশ্বৰ ! হে ঈশ্বৰ !”
দুজনী
ছিষ্টাৰ ১৮ নং বেৰেকৰ ৪৫ নং বিছনাৰ ওচৰত লৰি গৈ থিয় হ’ল
৷ বীৰহুৰ অৱস্থা বৰ শোচনীয় ৷ বীৰহুয়ে যন্ত্ৰণাত থৰ হৈ আছে ৷ উচ্পিচ কৰিবলৈ চেষ্টা
কৰিছে ৷ মুখেৰে কাপ-কাপ কৰিছে ৷ এনাই একেথৰে মুখলৈ চাই আছে ৷ ছিষ্টাৰ দুজনীয়ে এবাৰ
হাতত, এবাৰ ভৰিত হাত দি চাইছে ৷ মাজে মাজে ইটো দেৱাইৰ বটলত, সিটো দেৱাইৰ বটলত হাত
দিছে ৷ এনেতে এনাই... “অ’
গড ! হে ঈশ্বৰ !”
সকলো
ওচৰ চাপি গ’ল ৷ বীৰহুৱে চকু থিৰকৈ
কাপ-কাপ কৰিছে ৷ ডাক্তৰে অক্সিজেন দিয়াৰ বন্দোৱস্ত কৰি নাৰ্ছ এজনীক পথাই দিলে ৷
বীৰহুৰ গাটো কঁপি উঠিল ৷ মূৰৰপৰা দুটোপমান ঘাম বাগৰি পৰিল ৷ বীৰহুৰ মূখখন মেল খালে
৷ আকৌ জাঁপ খালে ৷ আকৌ মেল খালে... আৰু জাঁপ নগ’ল
৷ চিৰকাললৈ মুখ মেল খাই ৰ’ল ৷ এনাৰ
বুকু কঁপি গ’ল ৷ শোকৰ উচ্ছাস আৰু ৰাখিব
নোৱাৰিলে ৷ ‘হে ঈশ্বৰ’
বুলি বীৰহুৰ বুকুত মূৰ গুজি তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে ৷ সকলো অবাক ! ঘড়ীত
টং টংকৈ দুই বাজি গ’ল ৷
এতিয়া
অলপ পিছতে চাৰিটা বাহকৰ হাতত বীৰহু ফ্ৰান্সৰ স্বাধীন মাটিত মিলি যাবলৈ গুচি যাব...
কোলাহলময়ী নগৰৰ মাজেদি ৷ কিন্তু ইফালে দূৰদূৰণিৰ অসমীয়া গাঁৱৰ গাভৰু ৰূপহীয়ে
বীৰহুৰ কথা কত দিনলৈ ভাবি থাকিব ৷ অসমীয়া যুঁজাৰু দূৰ দেশত নীৰৱে লয় পাই যাব ৷ বেচেৰী
বুঢ়ীয়ে আৰু বুঢ়াই চেনেহৰ পুতেকলৈ বাট চাই চাই জুহালৰ গুৰিত বহি ভাবিব... ‘মোৰ
বোপাই আহিব !’ ‘মোৰ বোপাই
আহিব !!’ ‘মোৰ
বোপাই আহিব !!!’
***
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
**********
No comments:
Post a Comment