অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাত গতি



এই পৃথিৱীৰ ধুলি উৰুৱাই

এই পৃথিৱীৰ ধুলি উৰুৱাই

বৰ বৰ-গছ

উঘালি পেলাও

বৰ বৰ-গছ

উঘালি পেলাও

সৃষ্টিৰ ন-সঁহাৰি বিলাওঁ

সৃষ্টিৰ ন-সঁহাৰি বিলাওঁ

পুৰণিক দিওঁ জ্যোতি

পুৰণিক দিওঁ জ্যোতি



ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা



মোৰ দূৰন্ত বিশাল প্ৰেমে

অনন্ত আকাশ চুমে

মোৰ দূৰন্ত বিশাল প্ৰেমে

অনন্ত আকাশ চুমে

যেন হাজাৰ প্লাৱনে

প্ৰানলে প্লাৱন আনে

যেন হাজাৰ প্লাৱনে

প্ৰানলে প্লাৱন আনে

সেই জোৱাৰত সৰোবৰ আদি

যাওক উটি ভাঁহি

সেই জোৱাৰত সৰোবৰ আদি

যাওক উটি ভাঁহি

মই দুৰ্বাৰ বেগে যাওঁ আগবাঢ়ি

দুৰ্বাৰ বেগে যাওঁ আগবাঢ়ি

সীমাৰ পৰিধি ভাঙি



ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা



মই মৃত্যু নকৰোঁ ভয়

পাছলে নেচাওঁ মই

মই মৃত্যু নকৰোঁ ভয়

পাছলে নেচাওঁ মই

নতুন দিনৰ সৃষ্টি বিচাৰি

ক ঁৰো নতুন প্ৰস্তুতি

ই নতুন দিনৰ সৃষ্টি বিচাৰি

কৰোঁ নৱ প্ৰস্তুতি





ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহাক মই কৈ যাম মোৰ গতি

ধুমুহা

ধুমুহা
 





(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক’দ ৰূপান্তৰণ:  পংকজ বৰা)

 

No comments: