অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

নমনি একোকে নমনি

নমনি ...

একোকে... নমনি...

জ্বলিলে অগনি

উৰি আছে ধোৱা

পৰি আছে ছাঁই

উৰি আছে ধোৱা

পৰি আছে ছাঁই

নাই অৱশেষ একোৱেই নাই

অগনি কিয়নো জ্বলিলি

কোনেনো জ্বলালি

অগনি.....




আই তোৰ বক্ষ কোনে বিদাৰিলে ..

নিগৰে তেজৰে ধাৰ..

আই তোৰ বক্ষ কোনে বিদাৰিলে ..

নিগৰে তেজৰে ধাৰ..

নিঠৰুৱাৰ কি গতি হ'ব

কোনে তাৰ কৰে বিচাৰ

দুৰ্ভগীয়াই সকলো হেৰুৱাই

কান্দে হিয়া ধুনি

অগনি কিয়নো জ্বলিলি

কোনেনো জ্বলালি

অগনি....






আকুলুৱা কত মিঠা সপোন

ক্ষনিকতে হ'ল তাৰ ধাৰ

আকুলুৱা কত মিঠা সপোন

ক্ষনিকতে হ'ল তাৰ ধাৰ

কেঁচা কলিজাৰ জীপাল মোহ হ'ল

অ' কৰিবি হাহাকাৰ

আই চেনেহী আঁচলখনি তোৰ

তেজৰে চিটিকনি

অগনি কিয়নো জ্বলিলি
 
কোনেনো জ্বলালি

অগনি.....



(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ : স্যামন্ত কুমাৰ গোস্বামী)

No comments: