মা, সোণৰ সাধু আৰু মোক নক’বি
মা, ৰূপৰ সাধু আৰু মোক নক’বি
মা, হীৰা-মণি-মুকুতাৰ সাধু
নক’বি
মাটিৰ সাধুকথা ক,
কোলাতে বহুৱাই ল ৷
মা বোলে...
সোণ ! ৰূপ, সোণ,
হীৰা আৰু মুকুতা-মণিৰ
যি সাধু কওঁ তোক
সি সাধুও
ধূলিৰ
মাটিৰ ৷
মাটিৰ পেটতে
সেইবোৰ উপজিলে,
মাটিয়েই সপোনত
হীৰা-মণি মৰকত
সোণ-ৰূপ মুকুতা দেখিলে ৷
মাটিয়েই নিজকেই
আপুনি সলাই
সোণ
ৰূপ হীৰা হৈ
আহিলে ওলাই
জিক্মিক্ পোহৰেৰে মানুহ
ভুলাই ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা শিশু-কবিতা; তামোলবাৰী (২১/০৮/১৯৪৭]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment