অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সৌ কাজল কাজল মেঘ





সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,



সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,

যেন সজল সজল দুটি নয়ন         

মৰম উপচাই,

সেয়েহে আমাৰ আই আমাৰ

শ্যামবৰণী আই |



 সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই |



 সৌ সোণ ধাননীৰ কাষত,

সৌ বাঁহ বননীৰ আঁৰত |

যাৰ ৰঙা ৰিহাৰ আঁচল উৰাই

ধুলিৰে বাই |                        

সেয়েহে আমাৰ আই আমাৰ

পলাশ ওঁঠৰ আই |



যাৰ হাঁহিৰ ৰঙে ৰঙে

শালে সোণা ৰূপ সোণালী,

যাৰ মনৰ উমত পৰে সৰি                 

মিঠা হে ৰদালি,   (...২ বাৰ)



আজি আমাৰ এনে দিনত

আৰু মনৰ মৌন পৰত    

সোণ পকা ধানৰ সুবাসেৰে

আবেগ ছটিয়াই,

সেয়েহে আমাৰ আই আমাৰ

সোণ বৰণী আই |



সৌ কাজল কাজল মেঘ

যি জুৰিত দাপোণ চাই,

যেন সজল সজল দুটি নয়ন

মৰম উপচাই,

সেয়েহে আমাৰ আই আমাৰ

চন্দ্ৰমূখী আই ||




(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)


No comments: